অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইষ্ট’নিয়ান লোকনৃত্য

ইষ্ট’নিয়ান লোকনৃত্য (ইংৰাজী: Estonian folk dance) হ’ল এক পৰম্পৰাগত আৰু সাংস্কৃতিকভাৱে স্বকীয় নৃত্যশৈলী যি ইষ্ট’নিয়াৰ উত্তৰ ইউৰোপীয় ঐতিহ্যক প্ৰতিফলিত কৰে।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ইষ্ট’নিয়ান লোকনৃত্য (ইংৰাজী ভাষা: Estonian folk dance) হ’ল এক পৰম্পৰাগত আৰু সাংস্কৃতিকভাৱে স্বকীয় নৃত্যশৈলী যি ইষ্ট’নিয়াৰ উত্তৰ ইউৰোপীয় ঐতিহ্যক প্ৰতিফলিত কৰে। ইয়াৰ শান্ত অথচ গতিশীল প্ৰকৃতিৰ বাবে পৰিচিত এই ইষ্ট’নিয়ান লোকনৃত্যত পুনৰাবৃত্তিমূলক গতি আৰু সৰল আৰ্হিৰ সৈতে এক অনন্য বৈচিত্ৰ্যময় মৌলিক খোজৰ সংমিশ্ৰণ ঘটিছে।

বিশেষ নৃত্যসমূহ

ইষ্ট’নিয়ান লোকনৃত্য সাধাৰণতে শান্ত, যদিও ইয়াৰ মৌলিক খোজৰ বৈচিত্ৰ্যৰ বাবে ই বিশ্বৰ পৰম্পৰাসমূহৰ মাজত বিশেষ স্থান দখল কৰিছে। ইষ্ট’নিয়ান লোকনৃত্যৰ প্ৰাচীনতম লিখিত অভিলেখ ১২ শতিকাৰ পৰা পোৱা যায়। এই প্ৰাচীন ধৰ্মীয় নৃত্যৰ উপাদানসমূহ বৃত্তাকাৰ আৰু শৃংখলাবদ্ধ নৃত্যত সংৰক্ষিত হৈ আছে, যিবোৰ ইষ্ট’নিয়ান নৃত্য সংস্কৃতিৰ অন্যতম পুৰণি ৰূপ। এই নৃত্যসমূহ মূলতঃ অপশক্তিৰ পৰা ৰক্ষা পাবলৈ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। ইষ্ট’নিয়ান লোকনৃত্যত অনুকৰণমূলক নৃত্যও অন্তৰ্ভুক্ত আছে, য’ত অংগী-ভংগীৰ জৰিয়তে জন্তু বা বিভিন্ন কাৰ্যকলাপৰ অনুকৰণ কৰা হয়; এই নৃত্যসমূহ ১৯ শতিকালৈকে প্ৰচলিত আছিল যদিও লাহে লাহে ইয়াৰ গুৰুত্ব হ্ৰাস পায়। প্ৰাচীন দলীয় নৃত্যসমূহ আন এক গুৰুত্বপূৰ্ণ ৰূপ, য’ত ঐক্য আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত খোজৰ সমন্বয় আৰু অংশগ্ৰহণ কৰা নৃত্যশিল্পীৰ সংখ্যাৰ ওপৰত বিশেষ চকু দিয়া হয়।১২

নৃত্য উৎসৱ

ঊনবিংশ ইষ্ট’নিয়ান নৃত্য উৎসৱ (২০১৪)
ঊনবিংশ ইষ্ট’নিয়ান নৃত্য উৎসৱ (২০১৪)ছবি: Ivo Kruusamägi · CC BY-SA 3.0

ইষ্ট’নিয়ান নৃত্য উৎসৱ (Üldtantsupidu) হ’ল দেশখনৰ সৰ্ববৃহৎ লোকনৃত্য উদযাপন, যি পোনপ্ৰথমবাৰৰ বাবে ১৯৩৪ চনত কাদ্ৰিওৰ্গ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। তালিনৰ কালেভি কেন্দ্ৰীয় ষ্টেডিয়ামত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা এই উৎসৱত এটা মূল বিষয়বস্তুৰ আধাৰত নিৰ্বাচিত নৃত্যসমূহ প্ৰদৰ্শন কৰা হয় আৰু ইয়াত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰে। ইয়াত পৰম্পৰাগত লোকনৃত্যৰ পৰা আৰম্ভ কৰি পুৰণি আৰু নতুন শৈলীৰ সংমিশ্ৰণত সৃষ্টি কৰা আধুনিক ব্যাখ্যাৰ নৃত্যলৈকে সকলো প্ৰদৰ্শিত হয়।৩

তথ্যসূত্ৰ

  1. ↑ Eesti rahvatantsu areng läbi aegade ja selle värvide rohke ajalugu. www.gabriele.ee
  2. ↑ Estonica.org - Folk dance. www.estonica.org
  3. ↑ "75 aastat Eesti tantsupidusid", Tallinn: Varrak, 2009. Lk 7–8, 19

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্ট’নিয়ান লোকনৃত্য” প্ৰবন্ধৰ সংশোধন ৬০৩২৩১ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।