অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গাৰাডি

গাৰাডি হৈছে পুডুচেৰীৰ এক পৰম্পৰাগত লোক-নৃত্য৷ গাৰাডি নৃত্য পৌৰাণিক কাহিনীৰ আধাৰত সৃষ্টি হৈছে৷ এই নৃত্যৰ বাবে পাঁচৰ পৰা আঠ ঘণ্টা সময় লাগে৷ বছৰৰ সকলো উৎসৱ-পাৰ্বনত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ পুডুচেৰীৰ এই গাৰাডী নৃত্য ৰামায়ণৰ কালৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ ৰাৱণৰ ওপৰত ৰামৰ বিজয় উদযাপনৰ বাবে…

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

গাৰাডি হৈছে পুডুচেৰীৰ এক পৰম্পৰাগত লোক-নৃত্য৷১ গাৰাডি নৃত্য পৌৰাণিক কাহিনীৰ আধাৰত সৃষ্টি হৈছে৷ এই নৃত্যৰ বাবে পাঁচৰ পৰা আঠ ঘণ্টা সময় লাগে৷ বছৰৰ সকলো উৎসৱ-পাৰ্বনত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷

পুডুচেৰীৰ এই গাৰাডী নৃত্য ৰামায়ণৰ কালৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ ৰাৱণৰ ওপৰত ৰামৰ বিজয় উদযাপনৰ বাবে বানৰ সৈন্যই এই নৃত্য প্ৰদৰ্শন কৰিছিল। ইয়াক প্ৰধানকৈ ভগৱান বিষ্ণুৰ ৰথ যাত্ৰাৰ সময়ত পৰিৱেশন কৰা হয়। প্ৰতি নিশা পাঁচৰ পৰা আঠ ঘণ্টা ধৰি এই নৃত্য চলি থাকে। এই নৃত্যৰ স্বকীয় বৈশিষ্ট্য হ’ল লোহাৰ আঙঠি, যাক অঞ্জলি বুলি কোৱা হয়, যিবোৰ নৃত্যশিল্পীসকলে প্ৰতিখন ভৰিত দহটাকৈ পিন্ধি লয়। নৃত্যশিল্পীসকলে নৃত্যৰ তালে তালে কৰা পদচালনাৰ লগে লগে আঙঠিবোৰে শ্ৰুতিমধুৰ ধ্বনিৰ সৃষ্টি কৰে। নৃত্যশিল্পীসকলে হাতত একোখন নিচান লৈ ফুৰে আৰু ৰোমাডোলু নামৰ দুটা প্ৰকাণ্ড ঢোলৰ তালত নৃত্য কৰে। ঢোলটো অৰ্ধগোলাকাৰ আৰু ইয়াৰ ব্যাস প্ৰায় আঠ ফুট।২

তথ্যসূত্ৰ

  1. ↑ (2015-10-18). Garadi Dance in India. India9.com
  2. ↑ গাৰাডী

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাৰাডি” প্ৰবন্ধৰ সংশোধন ৫৬২৯৯০ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।