ইয়োলাহ্১২৩৪(আৰবী ভাষাত: اليولة, al-yawlah, বা العيالة, al-ʿayyalah বা al-ʿiyyalah), সংযুক্ত আৰব আমিৰশ্বাহীৰ এবিধ পৰম্পৰাগত অস্ত্ৰ নৃত্য৷ ইয়াক বিয়া, উৎসৱ আৰু অন্যান্য অনুষ্ঠানৰ সময়ত পৰিৱেশন কৰা হয়।৫২ এই নৃত্যৰ লগত পৰম্পৰাগত সংগীত-বাদ্যযন্ত্ৰ (ঢোল আৰু অন্যান্য) থাকে আৰু পুৰুষ আৰু মহিলা নৃত্যশিল্পীৰ পৃথক পৃথক গোটত পৰিৱেশন কৰা হয়। ইয়োলাহৰ উৎপত্তি বেদুইনসকলৰ যুদ্ধ নৃত্য হিচাপে হৈছিল, য'ত মানুহে যুদ্ধত জয়লাভ কৰাৰ পিছত আনন্দত তেওঁলোকৰ ৰাইফলবোৰ ঘূৰাইছিল।৩ তদুপৰি, মূল ইয়োলাহৰ পৰা ওলোৱা ৰাজফাহ্ (আৰবী ভাষাত: الرزفة আল-ৰজফা, الرزفة العيالة আল-ৰজফাত আল-আয়্যালাহ, বা العيالة أهل البحر আল-আয়্যালাত ʾahl al-baḥr);৬ আৰু আৰ্ডাহ্ নামেৰে জনাজাত ভিন্ন অস্ত্ৰ নৃত্যও আছে।[6] অৱশ্যে, আৰ্ডাহক কেতিয়াবা ইয়োলাহৰে এটা ৰূপ বুলি গণ্য কৰা হয়৷(যেনে العرضة العيالة আল-আৰদত আল-আয়্যালাহ)।৭
নৃত্যৰ নিয়ম

ঢোলৰ বাজনা আৰু কবিতা আওৰোৱাৰ তালে তালে ইয়োলাহ নৃত্য হৈ থাকে; এই কাৰ্যৰ উদ্দেশ্য হৈছে যুদ্ধৰ দৃশ্যৰ অনুকৰণ কৰা। প্ৰায় বিশজনীয়া লোকৰ দুটা শাৰীত ইজনে সিজনৰ সম্মুখত, যাঠি বা তৰোৱাল বুজাবলৈ বাঁহৰ পাতল লাঠি লৈ থাকে। (এই পৰিৱেশনত বিকল্পভাৱে সম্পূৰ্ণৰূপে কাঠ আৰু ধাতুৰে প্লেটিং কৰা ডামি ৰাইফল বা প্ৰকৃত ৰাইফল, তৰোৱাল বা যাঠি ব্যৱহাৰ কৰিব পাৰি।) দুয়োটা শাৰীৰ মাজত সংগীতজ্ঞসকলে ডাঙৰ-সৰু ড্ৰাম আৰু ম'হৰ শিঙৰ পেঁপা, পিতলৰ তাল, চামৰাৰ বেগপাইপ বা বাঁহীত আমিৰাটি সংগীত বজাই থাকে৷৮ শাৰীবোৰত নৃত্য শিল্পীসকলে কাব্যিক গীত গাই থাকোঁতে ঢোলৰ ছন্দৰ লগত সমান্তৰালভাৱে মূৰ আৰু লাঠিবোৰ ভিতৰলৈ আৰু ওপৰ-তল কৰি লৰচৰ কৰে আৰু আন পৰিৱেশকসকলে তৰোৱাল বা বন্দুক লৈ শাৰীবোৰত ঘূৰি ফুৰে, যিবোৰ তেওঁলোকে ঘূৰায়, নিক্ষেপ কৰে আৰু কৌশলৰ অনুশীলন কৰে। সংযুক্ত আৰব আমিৰশ্বাহীত পৰম্পৰাগত সাজ পিন্ধা ছোৱালীবোৰে সম্মুখত থিয় হৈ দীঘল চুলিখিনি ইফালৰ পৰা সিফাললৈ নচুৱাই থাকে। সুৰত অনিয়মিত পুনৰাবৃত্তিমূলক আৰ্হিত সাতটা সুৰ আছে আৰু অনুষ্ঠান অনুসৰি আওৰোৱা কবিতাৰো ভিন্নতা থাকিব পাৰে।
কাটাৰৰ ওমানৰ চুলতানেৎ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ বিয়া আৰু অন্যান্য উৎসৱৰ সময়ত এই ইয়োলাহ প্ৰদৰ্শন কৰা হয়।৯ নৃত্য পৰিৱেশকসকল বিভিন্ন বয়সৰ আৰু বিভিন্ন ঠাইৰ পৰা আহে। মুখ্য অভিনেতাজন সাধাৰণতে উত্তৰাধিকাৰী সূত্ৰে দায়িত্ব লাভ কৰে আৰু তেওঁ আন পৰিৱেশকসকলক নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব লয়। ইয়োলাহত সকলো বয়স, লিংগ আৰু সামাজিক শ্ৰেণীৰ লোকে ভাগ ল’ব পাৰে।
২০০২ চনৰ পৰা ডুবাই পৰ্যটন আৰু বাণিজ্য বিপণন বিভাগে শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুম চেম্পিয়নশ্বিপৰ আয়োজন কৰি আহিছে, য'ত ইয়োলাহ্ প্ৰতিযোগিতাও অন্তৰ্ভুক্ত কৰা হৈছে।১০
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ২০১০ চনৰ ২৬ নৱেম্বৰত ফুজাইৰাত সৰ্ববৃহৎ ইয়োলাহ্ নৃত্য পৰিৱেশিত হৈছিল, য'ত তিনিটা ভিন্ন জনগোষ্ঠীৰ ২৮৫ জন অংশগ্ৰহণকাৰীয়ে ফুজাইৰাৰ ক্ৰাউন প্ৰিন্সৰ বাবে পৰিৱেশন কৰা পৰম্পৰাগত তৰোৱাল নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।১১
ইতিহাস
ইয়োলাহক এক বিজয় নৃত্য বুলি ধৰা হয় আৰু ইয়াক জনজাতীয় যুদ্ধত জয়লাভ কৰাৰ পিছত বা হেৰাই যোৱা হাতৰ মাণিক পুনৰ লাভ কৰাৰ দৰে সফলতাত প্ৰদৰ্শন কৰা হৈছিল।
ছামা ডুবাই নামৰ অতি সফল ৰিয়েলিটি ছিৰিজ আল মেইডানত ইয়োলাহ (যিটো সেই সময়ত বহুলভাৱে পৰিচিত নাছিল) লৈছিল আৰু আমেৰিকান আইডলৰ ফৰ্মেটৰ দৰেই দৰ্শকে শ্ৰেষ্ঠ নৃত্যশিল্পীক ভোট দিব পৰা প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল।
২০১৪ চনৰ নৱেম্বৰ মাহত ইউনেস্কোৰ মানৱতাৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য বস্তুৰ প্ৰতিনিধি তালিকাত এই ইয়োলাহ অন্তৰ্ভুক্ত কৰা হৈছে(আল-আয়ালা হিচাপে)।১২ আশা কৰা হৈছে যে এই গুৰুত্বপূৰ্ণ তালিকাৰ অংশ হ’লে অঞ্চলটোৰ জাতীয় পৰিচয় আৰু সামগ্ৰিকভাৱে মানৱতাৰ ঐতিহ্যৰ অংশ হিচাপে ইয়োলাহক পুনৰুজ্জীৱিত আৰু প্ৰচাৰৰ দিশত অৰিহণা যোগাব। তদুপৰি, এই তালিকাখনে জ্ঞান, দক্ষতা আৰু ইয়োলাহৰ মূল্যবোধসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায় কৰিব বুলি ভবা হৈছে—আৰু ইউ এ ইৰ জনসাধাৰণৰ মাজত সন্মান, পাৰস্পৰিক বুজাবুজি আৰু শান্তি লাভ কৰাত অৰিহণা যোগাব।
তথ্যসূত্ৰ
- ↑ Also spelled yowla, yowalah, yola, or yollah
- ↑ Qasr Al Hosn festival 2014. TimeOut
- ↑ Authorities and parents warn young Emiratis over 'offensive' viral dance craze. The National
- ↑ (21 December 2012). Why dance traditions mean a lot to Emiratis. The National
- ↑ Al-yowla contest today, Khaleej Times, 4 February 2004
- ↑ (14 March 2019). Al Alaya, an inclusive dance from UAE registered in the intangible cultural heritage of UNESCO. Kawa News
- ↑ (December 2018). Al Ayala: Emirati Folk Dance. Musaafir the Bedouin's Travel Site
- ↑ (3 January 2019). Global Village: Where food, fun, fashion and the fabulous meet. Gulf News
- ↑ (5 July 2023). الموسيقى والرقص في قطر. وقائع الشرق الأوسط وشمال أفريقيا
- ↑ DTCM lines up skill contests for DSF. Khaleej Times
- ↑ (26 November 2010). Largest yowla dance. Guinness World Records
- ↑ (2014). Al-Ayyala, a traditional performing art of the Sultanate of Oman and the United Arab Emirates. UNESCO
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়োলাহ্ (নৃত্য)” প্ৰবন্ধৰ সংশোধন ৪২৮৯৯৩ (১৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।