ইয়াৰখুষ্টা (Yarkhushta) হৈছে আৰ্মেনিয়াৰ লোক নৃত্য আৰু সমৰকলা নৃত্য,১ এই নৃত্য ছাছুন অঞ্চলৰ ঐতিহাসিক উচ্চভূমি অঞ্চলত বেছিকৈ দেখা যায়৷২৩৪ ইয়াৰখুষ্টা নৃত্য আৰ্মেনিয়াৰ বহল পৰিসৰত দেখা পোৱা "ক্লেপ ডান্স" শ্ৰেণীৰ অন্তৰ্গত।৫ এই নৃত্য কেৱল পুৰুষে পৰিৱেশন কৰে৷ নৃত্যৰ সময়ত তেওঁলোকে যোৰা যোৰাকৈ ইজনে সিজনৰ মুখামুখি হৈ থিয় হয়। নৃত্যৰ মূল উপাদানটো হ’ল আগবাঢ়ি যোৱা৷ গতিকে, অংশগ্ৰহণকাৰীসকলে দ্ৰুতগতিত ইজনে সিজনৰ কাষলৈ আগুৱাই যায় আৰু বিপৰীত শাৰীৰ নৃত্যশিল্পীসকলৰ হাতৰ তলুৱাত হাত দি জোৰকৈ চাপৰি বজায়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পুৰুষে পৰিৱেশন কৰা এই নৃত্যত আজিকালি যুৱতী বা মহিলায়ো অংশ লোৱা দেখা গৈছে৷৬
ইতিহাস আৰু পৰম্পৰা
ইয়াৰখুষ্টাৰ উৎপত্তি মধ্যযুগৰ আৰম্ভণিতে হোৱা বুলি বিশ্বাস কৰা হয়, কাৰণ ইয়াৰ উল্লেখ মভচেছ খোৰেনাট্সি, বাইজেণ্টিয়ামৰ ফাউষ্টাছ আৰু গ্ৰীগ'ৰ মেজিষ্ট্ৰ'ছৰ গ্ৰন্থত পোৱা গৈছে।১
আৰ্মেনিয়াৰ পৰম্পৰা অনুসৰি কোনো যুদ্ধৰ পূৰ্বে আৰ্মেনিয়ান সৈন্যই ইয়াৰখুষ্টা নৃত্য পৰিৱেশন কৰে৷ ইয়াৰ উদ্দেশ্য, কিছু পৰিমাণে আচাৰ-অনুষ্ঠান পালনৰ কৰা আৰু কিছু পৰিমাণে মনৰ ভয় দূৰ কৰিবলৈ আৰু অধিক ফলপ্ৰসূ কাৰণ হ’ল, হাতে হাতে যুঁজৰ দৰে চাপৰি মাৰি যুদ্ধৰ মনোভাৱ বৃদ্ধি কৰা।৭
ইয়াৰখুষ্টা নৃত্যৰ সৈতে সংগত কৰা সুৰ ইচ্ছাকৃতভাৱে উচ্চ স্বৰত বজোৱা হয়৷ ইয়াৰ বাদ্য হ’ল, দুটা জুৰ্না বা পিকু নামৰ হৰ্ণপাইপ আৰু এটা বা দুটা মূৰৰ বেছ ড্ৰাম বা ঢোল৷ প্ৰত্যেকটো ড্ৰামৰ পেটৰ বিপৰীত ফালৰ পৰা মেলেট আৰু লাঠিৰে আঘাত কৰা হয়। এইটো প্ৰমাণিত হৈছে যে, হৰ্ণপাইপৰ উচ্চ কম্পাঙ্কৰ সুৰ আৰু বেছ ড্ৰামৰ গভীৰ অথচ কম কম্পাঙ্কৰ স্পন্দনৰ সংমিশ্ৰণে উচ্চতকৈয়ো উচ্চ প্ৰসাৰৰ শব্দৰ সৃষ্টি কৰে আৰু সৃষ্ট সংমিশ্ৰিত সুৰে ইয়াৰখুষ্টাৰ নৃত্যশিল্পীসকলক উল্লাসিত অৱস্থাত ৰাখিবলৈ সক্ষম হয়৷ এই কাৰকে সাধাৰণতে ইয়াৰখুষ্টাৰ নৃত্যশিল্পীসকলৰ এড্ৰিনেলিন/এপিনেফ্ৰিন হ’ৰম’নৰ প্ৰভাৱ বৃদ্ধি কৰে৷৮
আধুনিক পুনৰুত্থান
আধুনিক আৰ্মেনিয়াত আৰ্মেনিয়ান গণহত্যাৰ পিছত ছুছৌনৰ পৰা অহা শৰণাৰ্থীসকলে বসতি স্থাপন কৰা ঠাইসমূহত বিশেষকৈ টালিন, অপৰাণ আৰু আষ্টাৰক চহৰৰ আশে-পাশে থকা গাঁওসমূহত ইয়াৰখুষ্টা জনপ্ৰিয় হৈ পৰে। ১৯৩০ চনৰ শেষৰ ফালে ইয়েৰেভান নৃত্য মহাবিদ্যালয়ত অধ্যাপনা কৰা স্ৰবুহি লিচিচিয়ানে এই নৃত্য জনপ্ৰিয় কৰিবলৈ কাম কৰে।৪ ১৯৫৭ চনত লোক সংস্কৃতিৰ অনুৰাগী বহৰাম আৰিষ্টাকেছিয়ানে এই নৃত্যটোক অধিক পৰিশোধন কৰে আৰু আশ্ৰাক গাঁৱৰ লোকৰ দ্বাৰা এটা লোক নৃত্যৰ দল উলিয়াই ইয়াক পৰিৱেশন কৰাৰ ব্যৱস্থা কৰে।৯
১৯৮০ চনত লোক সংস্কৃতিৰ দল মাৰাটুক আৰু পিছলৈ লোক সংস্কৃতিৰ দল কাৰিনে এই নৃত্যটোক পুনৰ সজীৱ কৰি তুলিছিল। আৰ্মেনিয়ান সেনাৰ নৃত্য আৰু গীতৰ পাঠ্যক্ৰমত ইয়াৰখুষ্টাক পাঠ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।
ইয়াৰখুষ্টাই আৰ্মেনিয়াৰ সাহিত্য আৰু চিত্ৰকলাতো ঠাই পাইছে। ইয়াৰ বিষয়বস্তুক চুই যোৱা কেইবাটাও কবিতা আৰু চিত্ৰকলাৰ নমুনা পোৱা গৈছে। সেইবোৰৰ ভিতৰত ১৯৭৫ চনত প্ৰকাশিত গেভৰ্গ এমিনে লিখা "ডেন্স অৱ ছেজন" নামৰ কবিতাটো এটা উল্লেখযোগ্য কবিতা।১০ চিত্ৰনিৰ্মাতা গগিক হাৰুত্যুন্যানে প্ৰযোজনা কৰা২ ছবি মেন (১৯৭২) আৰু ইয়াৰখুষ্টা (২০০৪)ত ইয়াৰখুষ্টা নৃত্যক বিশিষ্টভাৱে প্ৰকাশ কৰা দেখা গৈছে।১১
ভিদিও লিংক
- Yarkhushta danced by Maratuk folk group
- Yarkhushta danced by Karin folk group
- The Yarkhushta tune (instrumental)
তথ্যসূত্ৰ
- ↑ (March 2010). Հայաստանի Հանրապետության ոչ նյութական մշակութային արժեքների ցանկերի կազմման չափորոշիչները և ոչ նյութական մշակութային ժառանգության արժեքների ցանկը հաստատելու մասին. gov.am. Government of Armenia. পৃ. 8–11
- ↑ (10 November 2010). Երկու ֆիլմի պատմություն. Aravot
- ↑ Meliksetyan, Hasmik. (16 September 2013). Զինվորները սովորում են ազգային ռազմապարեր (ֆոտո, վիդեո). razm.info
- ↑ Yarkhushta. karinfolk.am. Karin folk-dance group
- ↑ Asribabayan, Yeva. (October 2012). Հայկական ռազմական պարեր. hayzinvor.am. Armenian Ministry of Defense
- ↑ ইয়েৰখুষ্টা নৃত্য
- ↑ Diana Der-Hovanessian. The Circle Dancers. 1996
- ↑ Irina Petrosian. Armenian Food: Fact, Fiction & Folklore. 2006, p. 19
- ↑ Antranig Armenian Dance Ensemble - Reflections - 40th Anniversary Celebration & Performance - Souvenir Program, November 28, 2009. p. 46, Publisher: Alice Tully hall, Lincoln Center; First Edition (2009)
- ↑ Սասունցիների պարը: (Բանաստեղծություն). sci.am. Armenian National Academy of Sciences Fundamental Scientific Library
- ↑ Gagik Haurtyunyan. gaiff.am. Golden Apricot International Film Festival
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াৰখুষ্টা” প্ৰবন্ধৰ সংশোধন ৪৮১৬৪৬ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।