অপু ভৰদ্বাজ (Apu Bharadwaj) এগৰাকী অসমীয়া লেখক। মূলতঃ গল্পকাৰ হিচাপে পৰিচিত অপু ভৰদ্বাজ ২০০৫ বৰ্ষৰ পৰা বাতৰি আৰু আলোচনী সম্পাদনাৰ সৈতে জড়িত হৈ আছে। 'মস্তিষ্কৰ চিনেমা' 'আজি গল্প ক'ম' আদি তেওঁৰ মৌলিক গল্পৰ সংকলন। ইংৰাজীৰ উপৰি ছয়টাৰো অধিক ভাৰতীয় ভাষালৈ তেখেতৰ গল্প অনুবাদ হৈছে। তেখেতৰ কেইবাটাও গল্প ইতিমধ্যে নাট্যৰূপত মঞ্চস্থ হৈছে।১ গল্পৰ উপৰি সাহিত্যৰ অন্যান্য দিশতো তেখেতে লিখা-মেলা কৰি আহিছে। কবিতা আৰু গীত ৰচনাৰ সাহিত্যৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা অপু ভৰদ্বাজে ২০০৫ বৰ্ষত 'চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী' পুৰস্কাৰ লাভ কৰে। ২০১৩ চনত তেখেতে 'মস্তিষ্কৰ চিনেমা' শীৰ্ষক গল্প সংকলনৰ বাবে 'মুনীন বৰকটকী সাহিত্য' বঁটা লাভ কৰে।২ অধুনালুপ্ত 'জনসাধাৰণ' নামৰ দৈনিক কাকতখনত সহ-সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অপু ভৰদ্বাজ বৰ্তমান সাতসৰী আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত।১৩ কেইবছৰ মান তেখেত 'সা ৰে গা মা' নামৰ সাহিত্য-সংস্কৃতি বিষয়ক আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল।৪
জন্ম আৰু শিক্ষা
অসমৰ যোৰহাট১ নগৰত ১৯৮০ চনৰ ৭ জানুৱাৰীত৫ জন্ম গ্ৰহণ কৰা অপু ভৰদ্বাজে নাগালেণ্ডৰ তুলি, মংচেমটি, পিতৃ গৃহ কাজিৰঙা, যোৰহাটত বাল্যকাল অতিবাহিত কৰে। পিছে বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা বোকাখাতেই তেখেতৰ স্থায়ী ঠিকনা হৈ পৰে। পিতৃ প্ৰয়াত পুলিন শৰ্মা আৰু মাতৃ অঞ্জনা শৰ্মা। বোকাখাতৰ নামদৈয়াং নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ভৰদ্বাজে বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যায়লৰ পৰা অসমীয়া বিষয়ত৫ অনাৰ্ছ সহ স্নাতক উত্তীৰ্ণ হয়।
সাহিত্যৰাজী
তেখেতৰ সাহিত্যৰচনাসমূহ হ'ল৫৬৭৮৯১০১১১২১৩১৪ -
- মস্তিষ্কৰ চিনেমা, ২০১১, আঁক-বাক (গল্প সংকলন)
- সেই দিন সেই কথা, ২০১৭, আলিবাট (স্মৃতিলেখা)
- আজি গল্প ক'ম, ২০২১, আঁক-বাক (গল্প সংকলন)
- লেক্লৌ পদ্য, ২০২১, অসম পাব্লিছিং কোম্পানী (শিশু-পদ্য)
- জিলিকা টিলিকা জয় জয় ২০২৩, বনলতা, ডিব্ৰুগড় (শিশু-উপন্যাস)
- নানা চাহেব, ২০২৪ (জীৱনী)
- অনন্যা বীৰাংগনা ৰাণী লক্ষ্মীবাঈ, ২০২৪ (জীৱনী)
- আপঁইতা গল্পৰ টোম, ২০২৫ (আত্মজৈৱনিক ৰম্য-ৰচনা)
- নীতা আম্বানি, ২০২৬ (গল্প সংকলন)
- আহি আছে বিছু ওস্তাদ, (কিশোৰ-গল্প)
তেখেতে সম্পাদনা কৰা৫ গ্ৰন্থসমূহ১৫১৬ -
- কণ্ঠ খোলা নৈ, ২০২৫
- তাৰপিছত, ২০২৫
বঁটা-সন্মান
- ২০০৫ বৰ্ষত 'চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী' পুৰস্কাৰ
- ২০১৩ বৰ্ষত মুনীন বৰকটকী বঁটা
- ২০২৫ বৰ্ষত অসম চৰকাৰৰ মিডিয়া ফেল'শ্বিপ৫
তথ্যসূত্ৰ
- ↑ MANOHAR KHUSHALANI. Apu Bhardwaj’s SWABHAV Adaptation & Direction: Baharul Islam. Stage Buzz
- ↑ (১ মাৰ্চ, ২০১৫). সাহিত্য সাধনাক জীৱনৰ সাধনা বুলি গ্ৰহণ কৰক: নীলমণি ফুকন. দৈনিক অসম. Assam Tribune. পৃ. 11
- ↑ (1st march, 2015). Munin Barkotoki awards presented. Assam Tribune
- ↑ (২০১৩). সা ৰে গা মা. সা ৰে গা মা
- ↑ ড° জ্যোতিৰেখা হাজৰিকা. (২৩ মে', ২০২৬). সঞ্চালক আৰু আলোচকসকলৰ সংক্ষিপ্ত জীৱন-পঞ্জী. দেৱজিৎ বৰা, অসম সাহিত্য সভা
- ↑ অপু ভৰদ্বাজ. (১৫ ডিচেম্বৰ, ২০২১). লেক্লৌ পদ্য. অসম পাবলিচিং কোম্পানী. ISBN 978-93-92305-22-1
- ↑ অপু ভৰদ্বাজ. (ডিচেম্বৰ, ২০২৫). আপঁইতা গল্পৰ টোম. পূৰ্যায়ণ
- ↑ অপু ভৰদ্বাজ. (ডিচেম্বৰ, ২০১১). মস্তিষ্কৰ চিনেমা. আঁক-বাক. ISBN 978 93 80454 64 1
- ↑ অপু ভৰদ্বাজ. (ছেপ্টেম্বৰ, ২০২৪). অনন্যা বীৰাংগনা ৰাণী লক্ষ্মীবাঈ. অসম প্ৰকাশন পৰিষদ. ISBN 978-81-972951-9-5
- ↑ অপু ভৰদ্বাজ. (নৱেম্বৰ, ২০১৭). সেই দিন সেই কথা. প্ৰাঞ্জল কুমাৰ মহন্ত, আলিবাট. ISBN 978-81-935851-2-2
- ↑ অপু ভৰদ্বাজ. (জানুৱাৰী, ২০২১). আজি গল্প ক'ম. আঁক-বাক. ISBN 978-93-90610-25-9
- ↑ অপু ভৰদ্বাজ. (আগষ্ট, ২০২৬). নীতা আম্বানি. প্ৰদ্যুৎ হাজৰিকা, বনলতা. ISBN 978-93-5849-063-3
- ↑ অপু ভৰদ্বাজ. (ছেপ্টেম্বৰ, ২০২৪). নানা চাহেব. অসম প্ৰকাশন পৰিষদ. ISBN 978-81-980776-1-5
- ↑ অপু ভৰদ্বাজ. (আগষ্ট, ২০২৩). জিলিকা টিলিকা জয় জয়. প্ৰদ্যুৎ হাজৰিকা, বনলতা. ISBN 978-93-5849-375-7
- ↑ অপু ভৰদ্বাজ. (মাৰ্চ, ২০২৫). তাৰপিছত. প্ৰয়াস অধ্যয়ন চক্ৰ
- ↑ অপু ভৰদ্বাজ. (মাৰ্চ, ২০২৫). কণ্ঠ খোলা নৈ. প্ৰয়াস অধ্যয়ন চক্ৰ. ISBN 978-81-986493-8-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপু ভৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৩৩ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।