অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কালাকান্দ

কলাকান্দ ভাৰতৰ এবিধ মি ঠাই। ইয়াক মিঠা পনিৰৰ বাগাখীৰৰ চানাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক " ইটালীয়ান চীজকেকৰ সৈতে মিল থকা, বৰফিতকৈ কোমল" বুলি বৰ্ণনা কৰা হৈছে। ই ভাৰতৰ এক অন্যতম জনপ্ৰিয় মিঠাই।

হালনাগাদ: ৩০ মাৰ্চ ২০২৪ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কলাকান্দ ভাৰতৰ এবিধ মি ঠাই। ইয়াক মিঠা পনিৰৰ বাগাখীৰৰ চানাৰ পৰা তৈয়াৰ কৰা হয়।১ ইয়াক " ইটালীয়ান চীজকেকৰ সৈতে মিল থকা, বৰফিতকৈ কোমল" বুলি বৰ্ণনা কৰা হৈছে।২ ই ভাৰতৰ এক অন্যতম জনপ্ৰিয় মিঠাই।

ইতিহাস

১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত মিঠাই নিৰ্মাতা আৰু বিজ্ৰেতা বাবা ঠাকুৰ দাস আৰু পুত্ৰসকলে পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰে। ১৯৪৭ চনতেই ৰাজস্থানৰ আলৱাৰত হালোৱাই ( মিঠাই ) কালাকান্দ উদ্ভাৱন কৰে ৷৩৪৫

প্ৰস্তুতি

কালাকান্দ প্ৰস্তুত কৰিবলৈ গাখীৰৰ চানা প্ৰস্তুত কৰি চেকি লোৱা হয়। পৃথকে পৃথকে গোটা গাখীৰ আৰু পানী মিহলাই উতলাই অবিৰতভাৱে ইয়াক মিশ্ৰণটো মূল আয়তনৰ আধা হোৱালৈ লৰাই থকা হয়। চনাখিনি ফুড প্ৰচেছৰ ব্যৱহাৰ কৰি বা হাতেৰে গুড়ি কৰি কোমল কৰা হয়। তাৰ পিছত ইয়াক উতলাই হ্ৰাস কৰা গাখীৰ-পানীৰ মিশ্ৰণত দি গাঢ় থুপথুপিয়া হোৱালৈকে সিজাই লোৱা হয়। তাৰ পিছত ইয়াত চেনি দিয়া হয়। আৰু মিশ্ৰণটো কম জুইত উতলি থাকিবলৈ দিয়া হয আৰু গাঢ় হোৱালৈকে অবিৰতভাৱে লৰাই থকা হয়। তাৰ পিছত ঘিউ বা মাখন দি মিশ্ৰণটো আৰু পাঁচ মিনিট লৰাই থাকে। এই মিশ্ৰণটো মাখনযুক্ত ট্ৰে বা প্লেটত আয়তক্ষেত্ৰৰ আকৃতিত বিস্তাৰ কৰি পিষ্টাচিঅ'ৰে সজাই লোৱা হয়। ঠাণ্ডা হোৱাৰ পিছত বৰ্গক্ষেত্ৰত কাটি পৰিবেশন কৰা হয়।৬

লগতে চাওক

  • ভাৰতীয় মিঠাই আৰু মিঠাইৰ তালিকা
  • পাকিস্তানী মিঠাই আৰু ডেজাৰ্টৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Lakshmi Wennakoski-Bielicki. (2015). Pure Vegetarian: 108 Indian-Inspired Recipes to Nourish Body and Soul. Shambhala. পৃ. 212
  2. ↑ Meg Cotner. (2012). Food Lovers' Guide To® Queens: The Best Restaurants, Markets & Local Culinary Offerings. Globe Pequot. পৃ. 169
  3. ↑ Team Bizdom. (2018). Bizdom Quiz Book. Team Bizdom. পৃ. 24
  4. ↑ Chef. Kumar Bhaskar. (2021). Theory of Culinary Arts. Rudra Publications. পৃ. 100
  5. ↑ (July 2, 2020). https://www.cntraveller.in/story/20-indian-sweets-recipes-home-cooking-food/
  6. ↑ Lakshmi Wennakoski-Bielicki. (2015). Pure Vegetarian: 108 Indian-Inspired Recipes to Nourish Body and Soul. Shambhala. পৃ. 212Lakshmi Wennakoski-Bielicki (2015). Pure Vegetarian: 108 Indian-Inspired Recipes to Nourish Body and Soul. Shambhala. p. 212

সম্পৰ্কিত শ্ৰেণী

মিঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালাকান্দ” প্ৰবন্ধৰ সংশোধন ৪১৫৯৮৬ (৩০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।