ৰসগোল্লা (Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনিৰ ৰসযুক্ত মিঠাই। ইয়াক চানাৰ গুড়িৰ বল আকৃতিৰ কৰি লৈ তৈয়াৰ কৰা হয় আৰু পাতল চেনিৰ ৰসত ডুবোৱা হয়। চেনিৰ ৰস বলটোৰ ভিতৰত সোমাই নোযোৱালৈ এই প্ৰক্ৰিয়া চলি থাকে।
এই মিঠাইৰ উৎপত্তি পূৰ্ব ভাৰতীয় উপমহাদেশত হোৱা বুলি প্ৰায় সৰ্বজনীনভাৱে একমত হ’লেও পশ্চিম বংগ,১২ নে উৰিষ্যাত উৎপত্তি,৩ তাক লৈ বিতৰ্ক আছে। ইয়াক পুৰী জগন্নাথ মন্দিৰত আগবঢ়োৱা হয়।৪
২০১৭ চনত যেতিয়া পশ্চিম বংগই নিজৰ ৰসগোল্লাৰ ভৌগোলিক সূচকৰ (GI) মৰ্যাদা লাভ কৰিছিল, তেতিয়া ভাৰতৰ পঞ্জীয়ন কাৰ্যালয়ে স্পষ্ট কৰিছিল যে পশ্চিম বংগক বাংলাৰ ৰসগোল্লাৰ বাবেহে জি আই মৰ্যাদা দিয়া হৈছিল আৰু উৰিষ্যায়ো ইয়াক দাবী কৰিব পাৰে যদিহে তেওঁলোকে ৰং, আকৃতি, সোৱাদ, ৰসৰ পৰিমাণ আৰু উৎপাদন পদ্ধতিৰ সৈতে ইয়াৰ উৎপত্তিস্থলৰ বিৱৰণ দিব পাৰে।৫ ২০১৯ চনত ওড়িশা চৰকাৰক "ওড়িয়া ৰসগোল্লা "ৰ বাবে ভৌগোলিক সূচকৰ মৰ্যাদা প্ৰদান কৰা হয়।৬৭৮
তথ্যসূত্ৰ
- ↑ Subodhchandra Sengupta. (1960). Samsad Bangla Charitabhidhan
- ↑ Ghosh, Bishwanath. (15 November 2014). Kolkata Chromosome: Like KC for 'rossogolla'. mint
- ↑ Panel seal on rasgulla's Odisha origin
- ↑ Sarat Chandra Mahapatra. (1994). Car Festival of Lord Jagannath, Puri. Sri Jagannath Research Centre. পৃ. 149
- ↑ GI Certificate by Govt of India
- ↑ (29 July 2019). Sweet success: Odisha's Rasagola gets GI tag. The Indian Express
- ↑ Battle Over Origin of 'Rasgulla' Continues, After Odisha Files Petition Demanding Change of GI Tag. News18
- ↑ Odisha Finally Gets Geographical Indication Tag For 'Odishara Rasagola'. Outlook
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰসগোল্লা” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৪০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।