মোডক (সংস্কৃত ভাষা: मोदक) ভাৰতীয় বহু ৰাজ্য আৰু সংস্কৃতিত জনপ্ৰিয় ভাৰতীয় মিঠা ডাম্পলিং খাদ্য। হিন্দু আৰু বৌদ্ধ বিশ্বাস অনুসৰি ইয়াক ভগৱান গণেশ আৰু বুদ্ধৰ অন্যতম প্ৰিয় খাদ্য বুলি গণ্য কৰা হয় আৰু সেয়েহে ইয়াক প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়।১২ মোডকৰ ভিতৰৰ ভৰোৱা মিঠা অংশ সদ্য ৰুকি লোৱা নাৰিকল আৰু গুৰেৰে গঠিত, আনহাতে বাহিৰৰ কোমল খোলাটো চাউলৰ আটা বা ঘেঁহুৰ আটা বা ময়দাৰ আটাৰ সৈতে মিহলি কৰি তৈয়াৰ কৰা হয়।৩
মোডক ভজা আৰু ভাপত দিয়া দুই প্ৰকাৰৰ হ'ব পাৰে। ভাপত দিয়া মোডক ৪ প্ৰায়ে ঘিঁউৰ সৈতে গৰমে গৰমে পৰিবেশন কৰা হয়।
ধৰ্মীয় তাৎপৰ্য্য
হিন্দু ধৰ্ম
মোডকক হিন্দু দেৱতা গণেশৰ প্ৰিয় মিঠাই বুলি গণ্য কৰা হয়।১ ইয়াৰ পৰাই তেওঁক সংস্কৃতত অবজ্ঞাসূচক ভাৱে মোডকপ্ৰিয় (মোডক ভাল পোৱা) বুলি কোৱা হয়। মোডক শব্দৰ অৰ্থ হৈছে "আনন্দৰ সৰু অংশ" আৰু ই আধ্যাত্মিক জ্ঞানৰ প্ৰতীক।৫ গণেশ চতুৰ্থীৰ সময়ত সাধাৰণতে গণেশক ২১ বা ১০১টা মোডক প্ৰসাদ হিচাপে দি পূজাৰ সামৰণি পেলোৱা হয়। ইয়াৰ বাবে চাউলৰ আটাৰ খোলাৰে তৈয়াৰী মোডক প্ৰায়ে পছন্দ কৰা হয় যদিও ঘেঁহুৰ খোলাৰ মোডক ব্যৱহাৰ কৰা হয়। সমগ্ৰ ভাৰতৰ গণেশ মন্দিৰৰ বাহিৰৰ স্থানীয় ব্যৱসায়ীসকলে সাধাৰণতে মোডকৰ প্ৰি-পেকড/ৰেডিমেড সংস্কৰণ বিক্ৰী কৰে।
বৌদ্ধ ধৰ্ম
মোডকক গৌতম বুদ্ধৰ প্ৰিয় মিঠাই বুলিও গণ্য কৰা হয়। বুদ্ধৰ জন্মদিনত বুদ্ধলৈ বুলি মোডক আগবঢ়োৱা হয়।
জাপান
জাপানত মোডকৰ সৈতে মিল থকা আৰু স্থানীয়ভাৱে কাংগিডান (歓喜団) নামেৰে জনাজাত মিঠাই কাংগিটেন দেৱতা, ভগৱান গণেশৰ জাপানী সংস্কৰণ আৰু বুদ্ধ দুয়োলৈকে আগবঢ়োৱা হয়। কাংগিডান দৈ, মৌ, ৰঙা বীনৰ পেষ্টৰ পৰা তৈয়াৰ কৰা হয়। শুকান আটাৰ পৰা তৈয়াৰী মিশ্ৰণটো গাঢ়কৈ ভজাৰ পূৰ্বে পিঠাগুৰি সানি আকৃতি দিয়া হয়। কিন্তু জাপানীসকলে অধৰ্মীয় ভাৱে ইয়াক যিকোনো অনুষ্ঠান যেনে শ্বোগাটছু, সংস্কৃতি দিৱস, খ্ৰীষ্টমাছ, হেল’ৱিন, জন্মদিন আৰু অৱসৰৰ পাৰ্টিত খাব পাৰি।
মালয় ৱৰ্ল্ড
মালয় ৱৰ্ল্ডত মোডকক কুইহ মোডক বা কুই মোডক (ইণ্ডোনেছিয়াত) বুলি জনা যায়।
ম্যানমাৰ
ম্যানমাৰত মোডকক মণ্ট ল’ন য়াই বাউ (မုန့်လုံးရေပေါ်) বুলি জনা যায় আৰু থিংয়ানৰ সময়ত খোৱা হয়।
থাইলেণ্ড
থাইলেণ্ডত মোডকক স্থানীয়ভাৱে খানম টম (ขนมต้ม) বুলি জনা যায় আৰু ইয়াক ফিকানেট বা ফ্ৰা ফিকানেছুয়ান (ভগৱান গণেশৰ থাই সংস্কৰণ) আৰু বুদ্ধলৈ আগবঢ়োৱা হয়। ইয়াক তনাৰিকলৰ টুকুৰাৰে ঢাকি দিয়া হয়।
তথ্যসূত্ৰ
- ↑ Chef Mandaar Sukhtankar. (24 August 2017). A modak by any other name. দ্য হিন্দু
- ↑ Indian classic: Modak. Traveldine
- ↑ Modak Recipe
- ↑ (7 October 2017). Jatra gets its flavour from Maharashtra for authentic taste. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2005-09-14). Why is Ganapati with the right sided trunk not commonly worshipped?. Sanatan Sanstha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোডক” প্ৰবন্ধৰ সংশোধন ৬০২৬৪২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।