অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নকুল দানা

নকুল দানা (Mimosa Sugar Balls) বা তৰাছাৰী হৈছে চেনিৰে গঠিত মটৰৰ আকাৰৰ সৰু মিঠা খাদ্য। বিশেষকৈ হিন্দু ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানত ইয়াক দেৱতাসকলৰ বাবে প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। নেপাল আৰু ভাৰতৰ মন্দিৰত নকুল দানা প্ৰসাদ হিচাপে জনপ্ৰিয়ভাৱে ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে সৰু সৰু পেকেটত বিক্ৰী কৰা হয়।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৩ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নকুল দানা (Mimosa Sugar Balls) বা তৰাছাৰী হৈছে চেনিৰে গঠিত মটৰৰ আকাৰৰ সৰু মিঠা খাদ্য। বিশেষকৈ হিন্দু ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানত ইয়াক দেৱতাসকলৰ বাবে প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। নেপাল আৰু ভাৰতৰ মন্দিৰত নকুল দানা প্ৰসাদ হিচাপে জনপ্ৰিয়ভাৱে ব্যৱহাৰ কৰা হয়।১

ইয়াক সাধাৰণতে সৰু সৰু পেকেটত বিক্ৰী কৰা হয়। ইয়াক প্ৰথমে আন পূজাৰ সামগ্ৰী যেনে- সেন্দূৰ, নাৰিকল, মিঠাই আদিৰ সমান্তৰালকৈ দেৱতাসকললৈ অৰ্পণ কৰা হয় আৰু তাৰ পিছত ভক্তসকলক প্ৰসাদ হিচাপে প্ৰদান কৰা হয়। যিহেতু, ইয়াক সহজে পৰিবহণ আৰু সংৰক্ষণ কৰিব পৰা যায়, সেয়েহে বেছিভাগ ঠাইতে ই বিপুল জনপ্ৰিয়। দুৰ্গা পূজা, মহা শিৱৰাত্ৰী আদি উৎসৱৰ সময়ত ইয়াৰ চাহিদা বৃদ্ধি হয়।

নকুল দানা চেনিৰে গঠিত। ইয়াৰ প্ৰকৃতি অতি মিঠা।২ মূলতঃ ইয়াৰ ৰং বগা যদিও কেতিয়াবা খাব পৰা খাদ্যৰ ৰং যোগ কৰা হয়।

সাধাৰণতে ঈশ্বৰৰ বাবে মিঠা খাদ্য আৰু বগা বৰণৰ খাদ্যজাত সামগ্ৰী প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। নকুল দানাৰ এনে বৈশিষ্ট্য থকা বাবে লগতে ইয়াৰ সুলভতাৰ বাবে প্ৰসাদ হিচাপে ই অধিক জনপ্ৰিয় হৈ পৰে। নকুল দানাৰ প্ৰচলন সম্পৰ্কিত সঠিক তথ্য পোৱা নাযায় যদিও প্ৰসাদ হিচাপে ব্যৱহাৰৰ দিশেৰে বহু বছৰ আগৰেপৰা ইয়াৰ প্ৰচলন হোৱা বুলি অনুমান কৰা হয়।

প্ৰস্তুত পদ্ধতি, ব্যৱহাৰ, সংৰক্ষণ

চেনি উতলাই চিৰাপ বনাই তাৰ পিছত চেণ্ট্ৰিফিউজৰ দৰে মেচিনলৈ স্থানান্তৰিত কৰি চেনিৰ বল গঠন হোৱালৈকে ঘূৰাই ঘূৰাই নকুল দানা তৈয়াৰ কৰা হয়। আন এক পদ্ধতিত নকুল দানা প্ৰস্তুত কৰিবৰ বাবে আখৈ, মতৰ বা বুটৰ সৈতে সামান্য চ'দা আৰু চেনিৰ চিৰাপ মিশ্ৰিত কৰিও প্ৰস্তুত কৰা হয়। ঘৰুৱাভাৱেও নকুল দানা প্ৰস্তুত কৰি ইয়াৰ পেকেজিঙৰ দ্বাৰা বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰি।

প্ৰসাদৰ বাদেও কেক বা আন যিকোনো মিঠাইত নকুল দানা দি সজাব পাৰি। ইয়াক পানীত দ্ৰৱীভূত কৰি চিৰাপ তৈয়াৰ কৰিব পাৰি, সোৱাদৰ বাবে ফলৰ গুড়ি বা কৃত্ৰিম ৰস ব্যৱহাৰ কৰিব পাৰি। সাধাৰণ চেনিৰ বিকল্প হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।

যদি বায়ু নোহোৱা পাত্ৰত সূৰ্যৰ পোহৰৰ পৰা আঁতৰত শীতল, শুকান ঠাইত সংৰক্ষণ কৰা হয়, তেন্তে নকুল দানা দীৰ্ঘদিনলৈকে টিকি থাকে। কাৰিকৰীভাৱে ইয়াৰ আয়ুসকাল অসীম, কিন্তু এবছৰৰ ভিতৰত ব্যৱহাৰৰ উপযোগী হৈ থাকে। ইয়াৰ পিছত দীৰ্ঘদিন ধৰি আৰ্দ্ৰতা আৰু আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ অহাৰ বাবে ইয়াৰ দানাবোৰ এটাৰ গাত আনটো লাগি ধৰে আৰু সেমেকা হৈ পৰে।৩

তথ্যসূত্ৰ

  1. ↑ বসু, ঋজু. ভোটপুজোয় কদৰ তুঙ্গে খুদে দানাৰ. www.anandabazar.com
  2. ↑ নেতাৰ কথা মেনেই দাওয়াই. Zee24Ghanta.com
  3. ↑ নকুল দানা ৰেচিপি

সম্পৰ্কিত শ্ৰেণী

মিঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নকুল দানা” প্ৰবন্ধৰ সংশোধন ৩৫৪৩৯০ (১৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।