মুক্তাগাছাৰ মণ্ডা হʼল গাখীৰ আৰু চেনিক মূল উপাদান হিচাপে ব্যৱহাৰ কৰি তৈয়াৰ কৰা একপ্ৰকাৰৰ মিঠাই। ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কেইবাটাও অতিৰিক্ত উপাদান ব্যৱহাৰ কৰিব পাৰি। ১৮২৪ চনত বাংলাদেশৰ ময়মনসিংহ জিলাৰ মুক্তাগাছা উপজিলাত এই মিঠাইৰ প্ৰথম প্ৰচলন হৈছিল।১ ইয়াৰ প্ৰস্তুতপ্ৰণালী মণ্ডাৰ আৱিষ্কাৰক গোপাল পালৰ বংশধৰসকলে প্ৰকাশ কৰা নাই।২৩৪ ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশ চৰকাৰে মণ্ডাক ভৌগোলিক সূচক (জি আই) সামগ্ৰী হিচাপে স্বীকৃতি দিয়ে।৫৬
ইতিহাস

১২৩১ বঙ্গাব্দ (১৮২৪ খ্ৰীষ্টাব্দ)ত ৰাম গোপাল পালে সপোনত এই মিঠাই বনোৱাৰ ৰেচিপি লাভ কৰিছিল।৭ তেওঁ এই মিঠাই প্ৰস্তুত কৰি মুক্তাগাছাৰ অন্যতম ডাঙৰ জমিদাৰ, মহাৰাজ সূৰ্য্যকান্ত আচাৰ্য চৌধুৰীক উপহাৰ দিয়ে। বৰ্তমান গোপাল পাল পৰিয়ালৰ পঞ্চম বংশধৰ শ্ৰী ৰামেন্দ্ৰনাথ পাল ভ্ৰাতৃদ্বয়ে এই মিঠাইৰ ব্যৱসায় চলায়। ৰামেন্দ্ৰনাথ কয়, জমিদাৰজনে বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু আলোচনা অনুষ্ঠানৰ আয়োজন কৰিছিল। তালৈ অহা অতিথিসকলক এই মণ্ডাৰেই আপ্যায়ন কৰা হৈছিল।৮ অৱশ্যে শ্বেৰপুৰতো মণ্ডা উৎপাদিত হয়।৯
অতিথি আপ্যায়ন
ওস্তাদ আলাউদ্দিন খাঁ, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° বিধানচন্দ্ৰ ৰায়, নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ভাৰতীয় উপমহাদেশৰ প্ৰখ্যাত ব্যক্তিসকলক মুক্তাগাছাৰ জমিদাৰ ভৱনত এই মণ্ডাৰেই আপ্যায়ন কৰা হৈছিল। ৰাছিয়াৰ যোছেফ ষ্টালিনক যেতিয়া মণ্ডা পঠিওৱা হৈছিল, তেতিয়া তেওঁ মুগ্ধ হৈছিল আৰু ইয়াৰ প্ৰশংসা কৰিছিল। পাকিস্তানৰ আইয়ুব খানে ইয়াক "পূৰ্ব পাকিস্তানকা মেৱা" বুলি কৈছিল। আব্দুল হামিদ খান ভাসানী এই মণ্ডাৰ সোৱাদত মুগ্ধ হৈ পৰিছিল, আৰু তেওঁ এই মণ্ডাচীনৰ মাও ৎসে-তুঙলৈও লৈ গৈছিল। মাও ৎসে-তুঙে ইয়াৰ সোৱাদৰ প্ৰশংসা কৰিছিল।১০
প্ৰাক্তন ৰাষ্ট্ৰপতি আবু সাঈদ চৌধুৰী আৰু বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানেও ইয়াৰ ভূয়সী প্ৰশংসা কৰিছিল। ইন্দিৰা গান্ধী, দ্বিতীয় এলিজাবেথকো এই মণ্ডাৰেই আপ্যায়ন কৰা হৈছিল।১০
জিয়াউৰ ৰহমান, কাদেৰ সিদ্দিকী আৰু কামাল হোসেনৰ প্ৰিয় খাদ্যৰ তালিকাত আছিল মণ্ডা।১০
তথ্যসূত্ৰ
- ↑ (১৪ জুন ২০২৩). মুক্তাগাছাৰ মণ্ডা. দৈনিক ইনকিলাব
- ↑ (2012-07-08). Sweetmeat Monda: A rich tradition. দ্য ডেইলি ষ্টাৰ
- ↑ Six sweetmeats which branding Bangladesh. daily-sun.com. দ্য ডেইলি সান
- ↑ মুক্তাগাছাৰ মণ্ডা° আসল কোনটা?. প্ৰথম আলো
- ↑ (১২ ফেব্ৰুয়াৰি ২০২৪). মুক্তাগাছাৰ মণ্ডাৰ জিআই পণ্য স্বীকৃতি, সৰ্বমহলে সন্তুষ্টি. দৈনিক যুগান্তৰ
- ↑ জিআই হিসেবে অনুমোদন পেল যে ৪ পণ্য. ইনডিপেনডেণ্ট টেলিভিশন
- ↑ ‘স্বপ্নে পাওয়া’ ৰেসিপিতে দুই’শ বছৰ ধৰে মিষ্টিপ্ৰেমীদেৰ পছন্দেৰ শীৰ্ষে মুক্তাগাছাৰ মণ্ডা. ঢাকা ট্ৰিবিউন
- ↑ (১০ জুলাই ২০১৭). মুক্তাগাছাৰ মণ্ডা° আসল কোনটা?. প্ৰথম আলো
- ↑ (জানুয়াৰি ২৮, ২০২১). শেৰপুৰেৰ মণ্ডা দেশজুড়ে. বাংলাদেশ প্ৰতিদিন
- ↑ ব্যবসা বাণিজ্য. ময়মনসিংহ উপজেলা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্তাগাছাৰ মণ্ডা” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৯৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।