অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আচৰণবাদ

আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু…

হালনাগাদ: ২৪ জুন ২০২৬ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।১

আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি ৱাটচন আৰু বি. এফ. স্কিনাৰ।১ ইয়াৰোপৰি ৰাছিয়াৰ ইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.verywellmind.com/behavioral-psychology-41571 link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ Ivan Pavlov and His Discovery of Classical Conditioning By Kendra Cherry, MSEd Updated on April 23, 2026

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচৰণবাদ” প্ৰবন্ধৰ সংশোধন ৬১৪১৯২ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।