মনোবিজ্ঞান
৭১ প্ৰবন্ধ
-
অস্তিত্বৰ সংকট
অস্তিত্বৰ সংকট (অস্তিত্বৰ ভীতি হিচাপেও জনা যায়; Existential crisis) ব্যক্তিবিশেষৰ জীৱনৰ কিছুমান মুহূৰ্ত যেতিয়া তেওঁ নিজৰ জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্য সম্পৰ্কে সন্দিগ্ধ হৈ উঠে আৰু এই মননসমূহৰ যোগেদি ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়।
-
অৱচেতনা
মনোবিজ্ঞানত বৰ্তমান চেতনাৰ (focal awareness) পৰিসৰত নথকা চেতনাকে অৱচেতনা (subconcious) বোলা হয়। অৱচেতনা হ'ল মানৱ চেতনাৰেই এটা অংশ। অৱচেতনা (Subconscious) -অৰ ধাৰণাৰ উৎপত্তি হৈছিল উনৈশ শতিকাত।
-
ক'লা ৰাজহাঁহ তত্ত্ব
ক'লা ৰাজহাঁহ তত্ত্ব বা ক'লা ৰাজহাঁহজনিত ঘটনাৰ তত্ত্ব (black swan theory/theory of black swan events) হৈছে এনে এটা ৰূপক, যাক আকস্মিকভাৱে উদ্ভৱ হোৱা ঘটনা এটাক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিটো ঘটনা নঘটালৈকে তাৰ অস্তিত্ব নাই বুলিয়েই ভবা হয়।
-
ক্ৰীড়া মনোবিজ্ঞান
ক্ৰীড়া মনোবিজ্ঞানক (Sport Psychology) ১৯৯৬ চনত ইউৰোপীয় ক্ৰীড়া ফেডাৰেচনে ক্ৰীড়াৰ মানসিক ভিত্তি, প্ৰক্ৰিয়া আৰু প্ৰভাৱৰ অধ্যয়ন বুলি সংজ্ঞায়িত কৰিছিল।অন্যথা ক্ৰীড়াক যিকোনো শাৰীৰিক কাৰ্য্যকলাপ হিচাপে গণ্য কৰা হয় য'ত ব্যক্তিসকলে প্ৰতিযোগিতা আৰু স্বাস্থ্যৰ বাবে জড়িত হয়।
-
ছুজেন কেইন
ছুজেন হ'ৰ'ৱিটজ্ কেইন (Susan Horowitz Cain) (জন্ম ১৯৬৮) হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" (Quiet: The Power of Introverts in a World That Can't Stop Talking) নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা।
-
ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য
ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্কটোক বিগত সময়ত বহুতো গৱেষক; বিশেষকৈ মনোবিজ্ঞানী, সমাজবিজ্ঞানী, নৃতত্ত্ববিদ আৰু স্বাস্থ্য-বিশেষজ্ঞসকলে অধ্যয়ন কৰিছে। অধ্যয়নৰ ব্যাপকতা ১৯৯০ৰ মধ্যভাগৰ পৰা বাঢ়িবলৈ ধৰে, যেতিয়া ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰসাৰ-প্ৰচাৰে জনপ্ৰিয়তা লাভ কৰে।
-
তুলনামূলক মনোবিজ্ঞান
তুলনামূলক মনোবিজ্ঞানে (Comparative psychology) অ-মানৱ প্ৰাণীৰ (Non-Human Animals) আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়নক বুজায়, বিশেষকৈ যিহেতু এইবোৰ বংশগত ইতিহাস, অভিযোজিত তাৎপৰ্য্য আৰু আচৰণৰ বিকাশৰ সৈতে জড়িত।
-
দয়া
দয়া (Kindness) হ'ল বিনিময়ত প্ৰশংসা বা পুৰস্কাৰ আশা নকৰি উদাৰতা, বিবেচনা, আনক সহায় কৰা, আনৰ প্ৰতি চিন্তা কৰা আদি গুণৰ বৈশিষ্ট্যপূৰ্ণ এক প্ৰকাৰৰ আচৰণ৷ ই দৰ্শন, ধৰ্ম, মনোবিজ্ঞান আদিৰ আগ্ৰহৰ বিষয়। ইয়াক নিজৰ বা আন মানুহৰ প্ৰতি নিৰ্দেশিত কৰিব পাৰি, আৰু একাধিক ভিন্ন প্ৰজাতি আৰু সংস্কৃতিত ই উপস্থিত।
-
নাৰী মনোবিজ্ঞান
নাৰী মনোবিজ্ঞান (ইংৰাজী: Feminine psychology) বা মহিলাৰ মনোবিজ্ঞান হ’ল এক দৃষ্টিভংগী যিয়ে মহিলাসকলে তেওঁলোকৰ সমগ্ৰ জীৱনত সন্মুখীন হোৱা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ফ'বিয়া
ফ'বিয়া (Phobia) হৈছে একধৰণৰ উদ্বেগজনক বিকাৰ। ইয়াক কোনো বস্তু বা পৰিস্থিতিৰ প্ৰতি অযুক্তিকৰ, অবাস্তৱিক, স্থায়ী আৰু অত্যধিক ভয়ৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়। ফ'বিয়া থকাসকলৰ প্ৰায় ৭৫% লোকৰ একাধিক ফ'বিয়া থাকে।
-
বিগ ফাইভ ব্যক্তিত্বৰ বৈশিষ্ট্য
বিগ ফাইভ ব্যক্তিত্বৰ বৈশিষ্ট্য (Big Five Personality Traits) হৈছে ব্যক্তিত্ব বৈশিষ্ট্যৰ বাবে এটা প্ৰস্তাৱিত শ্ৰেণীবিভাজন বা গোটকৰণ, যিটো ১৯৮০ চনৰ পৰা মানসিক বৈশিষ্ট্য তত্ত্বত বিকশিত কৰা হৈছে।
-
বিবৰ্তনমূলক মনোবিজ্ঞান
বিবৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান (Evolutionary Psychology) হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে।কোনবোৰ মানৱ মনস্তাত্বিক লক্ষণ বিকশিত হৈছে-সেয়া ই চিনাক্ত কৰিব বিচাৰে।
-
বিশ্বাস পক্ষপাতিতা
বিশ্বাস পক্ষপাতিতা (Belief Bias) হৈছে একধৰণৰ প্ৰৱণতা যাৰ প্ৰভাৱত যুক্তি-চালিত সিদ্ধান্ত এটাক বিচাৰ কৰোঁতে যুক্তিটোৰ পৰিৱৰ্তে সিদ্ধান্তটোকহে গুৰুত্ব দিয়া হয়৷ এজন ব্যক্তিয়ে সিদ্ধান্ত-বিৰোধী প্ৰতি-যুক্তিসমূহক নাকচ কৰি নিজৰ মূল্যবোধ, বিশ্বাস আৰু পূৰ্ব-আৰোপিত জ্ঞানক সমৰ্থন কৰা সিদ্ধান্ত এটাক গ্ৰহণ…
-
বিষমতাবাদী মনোবিজ্ঞান
মনোবিজ্ঞানত বিষমতাবাদী মনোবিজ্ঞান হৈছে মানুহৰ আচৰণ আৰু অভিজ্ঞতাৰ অধ্যয়ন যিটো প্ৰায়ে অস্বাভাৱিকৰ সৈতে জড়িত, য’ত উল্লেখ কৰা পৰিঘটনাসমূহৰ বৈধতা (বা অন্য ধৰণে) সম্পৰ্কে কমকৈ ধাৰণা কৰা হয়।
-
ভাৰতীয় মনোবিজ্ঞান
ভাৰতীয় মনোবিজ্ঞানে (Indian Psychology)মনোবিজ্ঞানৰ এক বিকাশশীল বৈজ্ঞানিক উপক্ষেত্ৰক বুজায়। এই ক্ষেত্ৰত কাম কৰা মনোবিজ্ঞানীসকলে থলুৱা ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰা আৰু দৰ্শনত নিহিত হৈ থকা মানসিক ধাৰণাসমূহ উদ্ধাৰ কৰি আছে, আৰু এই ধাৰণাসমূহ মানসিকভাৱে প্ৰকাশ কৰিছে যিয়ে অধিক মানসিক গৱেষণা আৰু…
-
মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা
এই অসম্পূৰ্ণ তালিকাত মনোবিজ্ঞানৰ ক্ষেত্ৰখনৰ বহুতো উপ-ক্ষেত্ৰ আছে: ভাৰতীয় মনোবিজ্ঞান অস্বাভাৱিক মনোবিজ্ঞান বিশ্লেষণাত্মক মনোবিজ্ঞান পশু মনোবিজ্ঞান বিষমতাবাদী মনোবিজ্ঞান মাংস খোৱাৰ মনোবিজ্ঞান ব্যৱহাৰিক আচৰণ বিশ্লেষণ ব্যৱহাৰিক মনোবিজ্ঞান এছিয়ান মনোবিজ্ঞান আচৰণৰ মনোবিজ্ঞান আচৰণৰ জিনীয় বিজ্ঞান আচৰণৰ…
-
মাংস খোৱাৰ মনোবিজ্ঞান
মাংস খোৱাৰ মনোবিজ্ঞান (Psychology of eating meat) হৈছে নৈতিকতা, আৱেগ, জ্ঞান আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যৰ সংগমক চিত্ৰিত কৰা এক জটিল অধ্যয়নৰ ক্ষেত্ৰ। মাংস খোৱাৰ মানসিক আৰু সাংস্কৃতিক কাৰকৰ ওপৰত কৰা গৱেষণাই পুৰুষত্বৰ সৈতে সম্পৰ্ক, স্তৰভিত্তিক মূল্যবোধৰ সমৰ্থন আৰু অভিজ্ঞতাৰ প্ৰতি মুকলি মনৰতা হ্ৰাস পোৱাৰ…
-
সৃজনশীলতা আৰু মানসিক স্বাস্থ্য
সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া (schizophrenia),…
-
অপৰাধী মনোবিজ্ঞান
অপৰাধী মনোবিজ্ঞান (Criminal Psychology),বা অপৰাধমূলক মনোবিজ্ঞান হৈছে অপৰাধী আৰু সন্দেহযুক্ত লোকৰ মতামত, চিন্তা, উদ্দেশ্য, কাৰ্য্য আৰু প্ৰতিক্ৰিয়াৰ অধ্যয়ন। ই অপৰাধ বিজ্ঞান আৰু প্ৰয়োগ মনোবিজ্ঞানৰ এটা উপক্ষেত্ৰ।
-
অভিযান্ত্ৰিক মনোবিজ্ঞান
অভিযান্ত্ৰিক মনোবিজ্ঞান (Engineering psychology) হৈছে মানৱ আচৰণ আৰু সামৰ্থ্যৰ বিজ্ঞান, যিটো ব্যৱস্থা আৰু প্ৰযুক্তিৰ ডিজাইন আৰু পৰিচালনাত প্ৰয়োগ কৰা হয়।
-
উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে।
-
এগোৰাফ’বিয়া
এগোৰাফ'বিয়া (Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।
-
চ'ছিয়েল মিডিয়া আৰু মনোবিজ্ঞান
সাধাৰণীকৃত অনলাইন সম্প্ৰদায় হিচাপে চ’ছিয়েল মিডিয়াৰ আৰম্ভণি হৈছিল। এই অনলাইন সম্প্ৰদায়সমূহ ১৯৯৪ চনত জিঅ'চিটিজ ডট কম (Geocities.com), ১৯৯৫ চনত দিগ্ল'ব ডট কম (Theglobe.com ) আৰু ১৯৯৫ চনত ট্ৰাইপড ডট কমৰ (Tripod.com) দৰে ৱেবছাইটত গঠন হৈছিল।
-
জ’হাৰি ৱিনড’
জ’হাৰি ৱিনড’ হৈছে নিজৰ লগতে আনৰ সৈতে এজন মানুহৰ সম্পৰ্কৰ কথা বুজিবলৈ ব্যৱহাৰ কৰা এক নক্সা বা আহিলা। এই নক্সাই আত্মসচেতনতা আৰু ব্যক্তিত্ব বিকাশৰ জৰিয়তে পাৰস্পৰিক সম্পৰ্ক, গোট এটাৰ আভ্যন্তৰীন বুজাবুজি আৰু আন্তঃগোট সম্পৰ্ক উন্নত কৰাত সহায় কৰে।
-
পাৰেইড'লিয়া
পাৰেইড'লিয়া (Pareidolia; ) হৈছে একধৰণৰ প্ৰৱণতা, যাৰ প্ৰভাৱত মানুহ এজনে কোনো উদ্দীপকক ভুলধৰণে প্ৰত্যক্ষ কৰে আৰু তাক বস্তু, বিন্যাস নাইবা অৰ্থ হিচাপে বিবেচনা কৰে; যাৰ অৰ্থ কেৱল প্ৰত্যক্ষদৰ্শীজনেহে জানে।
-
পৰীক্ষামূলক মনোবিজ্ঞান
পৰীক্ষামূলক মনোবিজ্ঞান (Experimental Psychology) -ৰ অৰ্থ হৈছে মনস্তাত্বিক অধ্যয়নত পৰীক্ষামূলক পদ্ধতি প্ৰয়োগ কৰা সকলে কৰা কাম আৰু ইয়াত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াবোৰ।
-
ফেমিনাইজেচন
ফেমিনাইজেচন (ইংৰাজী: Feminization), যাক কেতিয়াবা বাধ্যতামূলত ফেমিনাইজেচন (চমুকৈ ফৰ্চফেম) বুলিও কোৱা হয় আৰু চিচিফিকেচন নামেৰেও জনাজাত, হ’ল প্ৰভুত্ব আৰু বশ্যতা বা কিংক যৌন উপ-সংস্কৃতিৰ এক অনুশীলন।
-
বাস্তৱতা
বাস্তৱতা হৈছে কল্পনাৰ বিপৰীতে বাস্তৱিক সকলো বস্তুৰ সৰ্বমুঠতা। লগতে এই শব্দটোৱে অন্তৰ্নিহিত বস্তুৰ অৱস্থা আৰু অস্তিত্বক বুজায়। প্ৰকৃত বাস্তৱ বা অস্তিত্ব বা সত্তাৰ বিষয়ে দাৰ্শনিক প্ৰশ্নসমূহ অন্তৰ্নিহিততাবাদৰ অধীনত বিবেচনা কৰা হয়, যিটো পশ্চিমীয়া দাৰ্শনিকসকলৰ মতে আধ্যাত্মিকতাবিজ্ঞানৰ এটা প্ৰধান…
-
বিলম্বিত উপলব্ধি পক্ষপাতিতা
বিলম্বিত উপলব্ধি পক্ষপাতিতা (Hindsight bias)-ৰ আন দুটা নাম হৈছে মই এনে হ'ব বুলি জানিছিলোঁৱেই প্ৰপঞ্চ (knew-it-all-along phenomenon) আৰু বগাই যোৱা নিৰ্ধাৰণবাদ (creeping determinism)। এইয়া একধৰণৰ সহজাত প্ৰৱণতা যাৰ প্ৰভাৱত মানুহে অতীতৰ ঘটনা এটাক বাস্তৱতকৈ অধিক অনুমানযোগ্য হিচাপে ঠাৱৰ কৰে।
-
বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল
বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল (evolutionarily stable strategy) বা ESS হৈছে এক বিশেষ ধৰণৰ কৌশল অথবা কিছুমান কৌশলৰ সমষ্টি৷ যদি কোনো এটা পৰিৱেশত কোনো এটা জনসমষ্টিয়ে এই কৌশল অৱলম্বন কৰে, তেন্তে সেই জনসমষ্টিটো অভেদ্য হৈ পৰে৷ অৰ্থাৎ, আন বিকল্প কৌশলে (যি প্ৰথমাৱস্থাত বিৰল) এই জনসমষ্টিটোৰ ওপৰত আগ্ৰাসন চলাব…