মহাসাগৰ (Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।১ অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়। মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ (১৩,৯৯৯ ফুট)-তকৈ বেছি।২ বৈজ্ঞানিকসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হ'ব পাৰে।৩
পৰিচিতি
প্ৰচলিতভাৱে বিভিন্ন ধৰণৰ মহাসাগৰৰ নাম দেখা যায়। কিন্তু এই সকলোবোৰ মহাসাগৰ হৈছে এক আন্তঃসংযোগকৃত লৱণাক্ত জলৰাশিৰ অংশ। এই জলৰাশিক ‘বিশ্ব মহাসাগৰ’ ৰূপে নামকৰণ কৰা হয়।৪৫ মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশত বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে - মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):
- প্ৰশান্ত মহাসাগৰ: আমেৰিকা যুক্তৰাষ্ট্ৰক এছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে।
- আটলাণ্টিক মহাসাগৰ: আমেৰিকাক ইউৰেছিয়া আৰু আফ্ৰিকাৰ পৰা বিভক্ত কৰিছে।
- ভাৰত মহাসাগৰ: দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে।
- দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাপে গণ্য কৰা হয়৬ যি এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে।
- উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাপে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে।
লগতে পঢ়ক
- Matthias Tomczak and J. Stuart Godfrey. 2003. Regional Oceanography: an Introduction. (see the site )
- Pope, F. 2009. From eternal darkness springs cast of angels and jellied jewels. in'The Times'. November 23. 2009 p. 16–17.
বাহ্যিক সংযোগ
- Smithsonian Ocean Portal
- NOAA - National Oceanic and Atmospheric Administration - Ocean
- Ocean:: Science Daily
- Ocean-bearing Planets: Looking For Extraterrestrial Life In All The Right Places
- Titan Likely To Have Huge Underground Ocean | Mind Blowing Science
- Origins of the oceans and continents". UN Atlas of the Oceans.
তথ্যসূত্ৰ
- ↑ Ὠκεανός, Henry George Liddell, Robert Scott, A Greek–English Lexicon, at Perseus project
- ↑ How deep is the ocean?. National Oceanic and Atmospheric Administration
- ↑ Drogin, Bob. (October 24, 2003). Census of Marine Life maps an ocean of species. Los Angeles Times
- ↑ "Ocean আৰ্কাইভ কপি". The Columbia Encyclopedia. 2002. New York: Columbia University Press
- ↑ "Distribution of land and water on the planet". ''UN Atlas of the Oceans
- ↑ (1953). Limits of Oceans and Seas, 3rd edition. International Hydrographic Organization
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাসাগৰ” প্ৰবন্ধৰ সংশোধন ৬৪০১৩২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।