ভূগোল
৭৬ প্ৰবন্ধ
-
গ্ৰেণ্ড কেনিয়ন
গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ ভিতৰতে অতি দুৰ্গম আৰু আকৰ্ষণীয় গিৰিখাত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিমৰ আৰিজোনা প্ৰদেশৰ উত্তৰ-পশ্চিমৰ কলৰাডো মালভূমিত এই গিৰিখাত অৱস্থিত। কলৰাডো নদীৰ গভীৰ ক্ষয়ীকৰণৰ বাবেই এই বিখ্যাত গিৰিখাত সৃষ্টি হৈছে।
-
চাও পাওল'
চাও পাওল হৈছে ব্ৰাজিলৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম ডাঙৰ মহানগৰ আৰু ব্ৰাজিলৰ বাণিজ্য, সংস্কৃতি আৰু শিল্পৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
চেণ্ট পিটাৰছবাৰ্গ
চেণ্ট পিটাৰছবাৰ্গ হৈছে ৰাছিয়াৰ এখন বৃহৎ মহানগৰ আৰু চেণ্ট পিটাৰছবাৰ্গ ফেডেৰেল সাৱেকৰ ৰাজধানী। ই বাল্টিক সাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ৰাছিয়াৰ সাংস্কৃতিক, ঐতিহাসিক আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম।
-
জিণ্ডো (দ্বীপ)
জিণ্ডো (কোৰিয়ান: 진도) দক্ষিণ কোৰিয়াৰ তৃতীয় বৃহত্তম দ্বীপ। বহুত সৰু সৰু দ্বীপৰ এটা গোটৰ সৈতে মিলি ই জিণ্ডো কাউণ্টি গঠন কৰিছে। কোৰিয়া উপদ্বীপৰ দক্ষিণ-পশ্চিম কোণৰ ঠিক ওচৰতে দক্ষিণ জেওলা প্ৰদেশত এই দ্বীপটো অৱস্থিত।
-
ডান ব্ৰিষ্ট
ডান ব্ৰিষ্ট ( Dun Briste Sea Stack) আয়াৰলেণ্ডত কাৰ্বনিফেৰাছ যুগত, ই সম্ভৱতঃ মিচিচিপিয়ান যুগত, প্ৰায় ৩৫০ মিলিয়ন বছৰ আগতে গঠিত হোৱা এক প্ৰাকৃতিকভাৱে তৈয়াৰী সাগৰীয় খুঁটি বা স্তম্ভ যাক ভূ-ৰূপবিজ্ঞানত ষ্টেক বুলি কোৱা হয়।
-
বাৰ্মুদা ত্ৰিভুজ
বাৰ্মুদা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল যʼত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চয়্তানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়।
-
ব্যুনেচ আইৰিচ
ব্যুনেচ আইৰিচ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
ভৌগোলিক তথ্য ব্যৱস্থা
ভৌগোলিক তথ্য ব্যৱস্থা (Geographic information system) হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ (GIS) বুলি কোৱা হয়।
-
ভৌগোলিক স্থানাঙ্ক প্ৰণালী
ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়।
-
মেৰুমুখ
বতৰ বিজ্ঞানত মেৰুমুখ বা মেৰু ফ্ৰণ্ট হৈছে মেৰু অঞ্চলৰ ওচৰৰ দুয়োটা গোলাৰ্ধৰ ৬০° অক্ষাংশৰ আশে-পাশে মেৰু কোষ আৰু ফেৰেল কোষৰ মাজৰ বতৰৰ সম্মুখৰ সীমা। এই সীমাত এই দুটা বায়ু ভৰৰ মাজত উষ্ণতাৰ চোকা গ্ৰেডিয়েণ্ট ঘটে, প্ৰত্যেকৰে উষ্ণতা অতি বেলেগ।
-
মোহনা
মোহনা বা নদীৰ মুখ হ’ল যি ঠাইত এখন নদী এক বৃহৎ জলভাগ যেনে আন ডাঙৰ নদী, হ্ৰদ/জলাশয়, সাগৰ/ উপসাগৰ বা মহাসাগৰত বৈ গৈ মিলি যায়। নদীৰ মুখ অঞ্চলত প্ৰায়ে নদীৰ সোঁতৰ গতি মন্থৰ হোৱাৰ বাবে পলস জমা হয়, যাৰ ফলত পানীৰ বহন ক্ষমতা হ্ৰাস পায়।
-
মৌলিন (ভূ-ৰূপবিজ্ঞান)
মৌলিন ( Moulin or glacier mill) বা হিমবাহ মিল মোটামুটিভাৱে বৃত্তাকাৰ, উলম্ব (বা প্ৰায় উলম্ব) কুঁৱাৰ দৰে খাদ যিটো ভূ-পৃষ্ঠৰ উষ্ণতাই বৰফৰ কঠিনতা দুৰ্বল কৰাৰ ফলত সৃষ্টি হয়। মৌলিন শব্দটো ফৰাচী শব্দ মিলৰ পৰা উদ্ভৱ হৈছে।
-
মৰা ভৰলী
মৰা ভৰলী (Mora Bharali) হৈছে বৰ্তমানৰ জীয়া ভৰলী নদীৰ এটা পৰিত্যক্ত গতিপথ। বৰ্তমানৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত এই গতিপথটোৰ দৈঘ্য ১১ কিঃমিঃ। ভৰলী ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে।
-
লাগ'চ
লাগ'চ হৈছে নাইজেৰিয়াৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই পশ্চিম আফ্ৰিকাৰ অন্যতম বৃহৎ মহানগৰ আৰু নাইজেৰিয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে জনাজাত।
-
স্কেল (ভূগোল)
ভূগোলত কোনো ভৌগোলিক পৰিঘটনা সংঘটিত বা বৰ্ণনা কৰা স্তৰক স্কেল বোলে। এই ধাৰণাটো মানচিত্ৰ তৈয়াৰ কৰাত ব্যৱহৃত মানচিত্ৰৰ স্কেলৰ পৰা আহৰণ কৰা হৈছে। ভূগোলবিদসকলে বিভিন্ন স্কেল ব্যৱহাৰ কৰি ভৌগোলিক ঘটনা-পৰিঘটনা আৰু ইয়াৰ পাৰ্থক্যৰ বৰ্ণনা কৰে।
-
হুঞ্জা উপত্যকা
হুঞ্জা (Hunza Valley) পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলৰ এটা পাহাৰীয়া উপত্যকা। পাকিস্তানৰ চৰম উত্তৰ অংশত অৱস্থিত হুঞ্জা আফগানিস্তানৰ ৱাখান কৰিডৰ আৰু চীনৰ জিনজিয়াং অঞ্চলৰ সীমাৰেখাত অৱস্থিত। হুঞ্জা উপত্যকা ২,৪৩৮ মিটাৰ (৭,৯৯৯ ফুট) উচ্চতাত অৱস্থিত।