ভূগোল
৭৬ প্ৰবন্ধ
-
ইথিঅ'পিয়া
ইথিঅ'পিয়া হৈছে আফ্ৰিকা মহাদেশৰ পূব-উত্তৰ অংশত অৱস্থিত এখন দেশ। ই আফ্ৰিকাৰ আটাইতকৈ জনবহুল অভ্যন্তৰীণ দেশসমূহৰ ভিতৰত এটা আৰু অঞ্চলটোৰ এক প্ৰাচীনতম সভ্যতাৰ জন্মভূমি। ইথিঅ'পিয়াৰ মুঠ ভূমি প্ৰায় ১,১০৪,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ১১৫.৯ মিলিয়ন (২০২৩) বুলি ধৰা হয়।
-
কুমেৰু
পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু। কুমেৰু এন্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস্থিত সুমেৰুৰ ঠিক বিপৰীতে অবৱস্থিত।
-
কৰ্কট ক্ৰান্তি
কৰ্কট ক্ৰান্তি (Tropic of cancer) প্ৰতি বছৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে, সেই বিন্দুবোৰ সংযোগী ৰেখা; ২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা। ইয়েই সূৰ্যৰ উত্তৰায়ণৰ শেষ সীমা। ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
-
ডমিনিকান ৰিপাব্লিক
ডমিনিকান ৰিপাব্লিক (স্পেনিছ: República Dominicana) হৈছে কেৰিবিয়ান হিস্পানিঅ'লা দ্বীপৰ এখন দেশ; দ্বীপটোৰ আনখন দেশ হৈছে হাইটি। ইয়াৰ ৰাজধানী, আৰু আটাইতকৈ ডাঙৰ চহৰখন হৈছে চেণ্টো ডমিংগো।
-
দিবালোক সংৰক্ষণ সময়
দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (daylight saving time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘণ্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়।
-
মানৱ ভূগোল
ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।
-
হিমবাহ
thumb|উত্তৰ পাকিস্তানৰ Baltoro হিমবাহ হিমবাহ ( Glacier) নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহো ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক। হিমবাহেও ক্ষয়,পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে।
-
খোৰাছান
খোৰাছান (Khorasan)হৈছে পশ্চিম আৰু মধ্য এছিয়াৰ ইৰাণী মালভূমিৰ এক ঐতিহাসিক পূব অঞ্চল, য'ত পশ্চিম আৰু উত্তৰ আফগানিস্তান, উত্তৰ-পূব ইৰাণ, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ পূব অৰ্ধেক অংশ, পশ্চিম তাজিকিস্তান আৰু কিৰ্গিস্তান আৰু কাজাখাস্তানৰ কিছু অংশ অন্তৰ্ভুক্ত।
-
ঘূৰ্ণীবতাহ
ঘূৰ্ণীবতাহ (ইংৰাজী: Tornado (টৰ্ণেডো)) হৈছে এটা অতি বেগেৰে বলা ঘূৰ্ণীয়মান বায়ুৰ স্তম্ভ, যাৰ পৃথিৱী পৃষ্ঠ আৰু মেঘৰ লগত সংযোগত থাকে, বা কেতিয়াবা এটুকুৰা মেঘৰ তলৰ অংশৰ সৈতে।
-
পামিৰ পৰ্বতমালা
পামিৰ পৰ্বতমালা মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত অৱস্থিত এক পৰ্বতমালা। ই অন্যান্য উল্লেখযোগ্য পৰ্বতমালা যথা টিয়েন শ্বান, কাৰাকোৰাম, কুনলুন, হিন্দুকুশ আৰু হিমালয়ৰ সংযোগস্থলত অৱস্থিত। ই পৃথিৱীৰ অন্যতম ওখ পৰ্বত। পামিৰ পৰ্বতমালাৰ বেছিভাগেই তাজিকিস্তানৰ গৰ্নো-বাদাখছান অঞ্চলত অৱস্থিত।
-
লচ এঞ্জেলচ
লচ এঞ্জেলচ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া ৰাজ্যৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় সৰ্বাধিক জনবহুল চহৰ। ই বিশ্বৰ অন্যতম সাংস্কৃতিক, বাণিজ্যিক আৰু বিনোদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
তুষাৰ
মৰুভূমি হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে।
-
দূৰৱৰ্তী সংবেদন
দূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন (remote sensing) হৈছে এক কলা আৰু বিজ্ঞান য'ত কোনো এক বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয় সেই বস্তু বা অঞ্চলক শাৰীৰিকভাৱে স্পৰ্শ নকৰাকৈ। দূৰৱৰ্তী সংবেদন কৌশলসমূহ বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয়।
-
বলকান অঞ্চল
বলকান অঞ্চল ( The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়। ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে।
-
বৃহৎ প্ৰবাল প্ৰাচীৰ
বৃহৎ প্ৰবাল প্ৰাচীৰ (Great Barrier Reef) হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল। এই শৃংখলটোৰ কালি প্ৰায় 344400 বৰ্গ কি.মি.। এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ (Coral Sea)-ত অৱস্থিত। বৃহৎ প্ৰবাল প্ৰাচীৰ মহাকাশৰ পৰাও দেখা পোৱা যায়।
-
মকৰ ক্ৰান্তি
মকৰ ক্ৰান্তি (Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা।
-
মেক্সিকো চিটি
মেক্সিকো চিটি হৈছে মেক্সিকোৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই মেক্সিকোৰ ৰাজনৈতিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ।
-
মেৰুপ্ৰভা
মেৰুপ্ৰভা (aurora) পৃথিৱীৰ দুই মেৰু অঞ্চলৰ (দৰাচলতে দুই চুম্বকীয় মেৰুৰ) ওপৰৰ বায়ুমণ্ডলত দেখা পোৱা ধেনুভিৰীয়া উজ্জ্বল আভা। মেৰুপ্ৰভাৰ পোহৰ বগা, ৰঙা, সেউজীয়া, হালধীয়া আৰু নীলা হ'ব পাৰে। অৱশ্যে ৰঙা, সেউজীয়া ৰঙৰ প্ৰাধান্য কিছু বেছি।
-
সভ্যতা
সভ্যতা হ'ল ৰাষ্ট্ৰৰ বিকাশ, সামাজিক স্তৰবিন্যাস, নগৰায়ন, আৰু চিহ্নিত বা কথিত ভাষাৰ (যেনে, লিখা ব্যৱস্থা ) বাহিৰেও যোগাযোগৰ প্ৰতীকী ব্যৱস্থাৰ দ্বাৰা চিহ্নিত যিকোনো জটিল সমাজ।
-
আন্তঃসীমান্ত নদী
আন্তঃসীমান্ত নদী হৈছে এক ধৰণৰ নদী, যি অন্ততঃ এক বা ততোধিক দেশৰ ৰাজনৈতিক সীমান্ত অতিক্ৰম কৰি প্ৰবাহিত হয়। এই সীমান্ত দুখন বা ততোধিক দেশৰ অভ্যন্তৰীণ সীমান্ত হ'ব পাৰে। বৰ্তমান পৃথিৱীত প্ৰায় ২৬০খন আন্তঃসীমান্ত নদী আছে।
-
গুৰুডংমাৰ হ্ৰদ
গুৰুডংমাৰ হ্ৰদ বিশ্ব তথা ভাৰতৰ অন্যতম উচ্চ হ্ৰদ, ছিকিম চৰকাৰৰ মতে ৫,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ভাৰতৰ চিকিম ৰাজ্যৰ মংগন জিলাৰ মহান হিমালয়ত অৱস্থিত আৰু বৌদ্ধ আৰু শিখসকলে ইয়াক পৱিত্ৰ বুলি গণ্য কৰে। অষ্টম শতিকাত এই হ্ৰদলৈ অহা পদ্মসম্ভৱৰ নামেৰে এই হ্ৰদটোৰ নামকৰণ কৰা হৈছে।
-
ঠাই
ভূগোলত ঠাই,স্থান বা অৱস্থান শব্দই ভূ-পৃষ্ঠ বা অইন কিহবাত কোনো এক বিন্দু বা কালি বা আয়তনযুক্ত অংশক নিৰ্দিষ্ট কৰে। ঠাই শব্দটি সাধাৰণভাৱে যিকোনো কালি বা আয়তনযুক্ত অংশক সুনিৰ্দিষ্ট পৰিসীমা ব্যক্ত নকৰাকৈ নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ভূ-পৃষ্ঠৰ ঠাই সমূহ ভাষাভেদে বিভিন্ন নামেৰে নামকৰণ হৈছে।
-
প্ৰাচীৰ দ্বীপ
প্ৰাচীৰ দ্বীপ (Barrier islands) এক বিশেষপ্ৰকাৰৰ উপকূলীয় অবয়ৱ। ই মূলতঃ একপ্ৰকাৰৰ বালিয়া পাহাৰ বা বালিয়াড়ী প্ৰণালী আৰু বালিৰ দ্বীপ। তৰংগ বা ঢৌ আৰু জোৱাৰ-ভাটাৰ ক্ৰিয়াৰ ফলত উপকূলৰ ওচৰৰ বালি জমা হৈ মূল ভূ-খণ্ডৰ সমান্তৰালভাৱে এই দ্বীপসমূহ গঠিত হয়।
-
বগোটা
বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। বগোতা ১৫৩৮ চনত প্ৰতিষ্ঠিত হৈছিল আৰু এতিয়ালৈকে কলম্বিয়াৰ গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিগণিত হৈছে।
-
ব্ৰুচেলছ
ব্ৰুচেল্লজ হৈছে বেলজিয়ামৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই ইউৰোপীয় সংঘৰ প্ৰধান কাৰ্যালয়ৰ অৱস্থান আৰু ইয়াক ইউৰোপৰ ৰাজধানী বোলা হয়।
-
মৰূদ্যান
ভূগোলৰ মতে মৰুদ্যান হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খেজুৰৰ দৰে উদ্ভিদ গজে)। মৰুদ্যানে জন্তু আৰু উদ্ভিদক বাসস্থানো প্ৰদান কৰে।
-
ৰিঅ' ডি জেনেৰ'
ৰিঅ' ডি জেনেৰ’ হৈছে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ এখন বৃহৎ মহানগৰ আৰু ৰিঅ' ডি জেনেৰ' ৰাজ্যৰ ৰাজধানী। ই আটলাণ্টিক মহাসাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ব্ৰাজিলৰ অন্যতম প্ৰধান সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। মহানগৰখন ১৫১৬ চনত প্ৰতিষ্ঠা হৈছিল।
-
এল নিনয়'–দক্ষিণ দোলন
এল নিনো–দক্ষিণ দোলন (ENSO) হৈছে গ্ৰীষ্মমণ্ডলীয় প্ৰশান্ত মহাসাগৰৰ ওপৰত বতাহ আৰু সাগৰৰ পৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ পৰা উদ্ভৱ হোৱা এক বিশ্বব্যাপী জলবায়ুৰ পৰিঘটনা। এই ভিন্নতাসমূহৰ এটা অনিয়মিত আৰ্হি থাকে যদিও চক্ৰাকাৰ ৰূপৰ কিছু আভাস পোৱা যায়। ENSO-ৰ সময় আৰু তীব্ৰতা পূৰ্বানুমানযোগ্য নহয়।
-
কিনশাচা
কিনশাচা (Kinshasa) হ'ল কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। পূৰ্বতে ইয়াক লিওপোল্ডভিল নামেৰে জনা গৈছিল। এসময়ত কংগো নদীৰ পাৰত মাছ ধৰা আৰু ব্যৱসায়িক গাঁৱৰ বসতিস্থল কিনশাচা এতিয়া বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা মেগাচিটি।
-
ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ হৈছে কম চাপৰ অঞ্চল, বন্ধ নিম্নস্তৰৰ বায়ুমণ্ডলীয় পৰিসঞ্চালন, প্ৰচণ্ড বতাহ, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰা এক সৰ্পিল ধুমুহা ব্যৱস্থা।