মিহিদানা ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানত উৎপত্তি হোৱা এবিধ ভাৰতীয় মিঠাই।১ ইয়াক পৰম্পৰাগত বুণ্ডী বা বুন্দিয়াৰ কণমানি সম্পৰ্কীয় ভাই হিচাপে বৰ্ণনা কৰা হয়। মিহিদানা দুটা শব্দৰ পৰা উদ্ভৱ হৈছে, মিহিৰ অৰ্থ মিহি বা নিমজ আৰু ডানা, যাৰ অৰ্থ হৈছে শস্য। ই ২০১৭ চনত ভৌগোলিক সূচাংক লাভ কৰে। মিহিদানা বংগৰ এক সুপৰিচিত মিঠাই বৰ্ধমানৰ মিহিদানা অতি বিখ্যাত মিহিদানাক ভাৰতৰ পৰম্পৰাগত মিঠাই হিচাপে স্বীকৃতি দিয়া হৈছে। মিহিদানাৰ পেটেণ্ট পশ্চিম বংগ চৰকাৰক আইনগতভাৱে প্ৰদান কৰা হৈছে। কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিশ্ব বাংলা শ্ব'ৰুমত পশ্চিম বংগৰ সংস্কৃতিৰ অংশ হিচাপে মিহিদানাক প্ৰদৰ্শন কৰা হৈছিল।
ইতিহাস

সীতাভোগ আৰু মিহিদানাৰ জন্ম হৈছিল ভাৰতত ইংৰাজ শাসনকালত। বৰ্ধমানৰ ৰজাই সেই সময়ৰ বৰলাট বা বহআয়চৰয় লৰ্ড কাৰ্জনক আচৰিত কৰি দিব পৰা নতুন মিঠাই বিচাৰিছিল। সেইমতে মিঠাইৰ কাৰিকৰে এই দুয়োবিধ মিঠাই উদ্ভাৱন কৰিছিল আৰু লৰ্ড কাৰ্জনক আচৰিত আৰু আপ্লুত কৰি তোলাত সফল হৈছিল।
মহাতবচন্দ বাহাদুৰৰ শাসনকালত তেওঁৰ জ্যেষ্ঠ ভাতৃ ক্ষেত্ৰনাথ নাগে প্ৰথমে বৰ্ধমানত এক বিশেষ প্ৰকাৰৰ সীতাভোগ আৰু মিহিদানা উদ্ভাৱন কৰে। ইয়াৰ। ৭২ বছৰৰ পাছত লৰ্ড কাৰ্জন বৰ্ধমানত উপস্থিত হৈ এই মিঠাই দুবিধ মূল্যায়ন কৰে আৰু ইয়াৰ পিছত সমগ্ৰ ভাৰততে সীতাভোগ আৰু মিহিদানৰ নামটোৱে খ্যাতি অৰ্জন কৰে।২
আপ্লুতআন এক কিগ্বদন্তি অনুযায়ী বৰ্ধমানৰ মহাৰাজ বিজয়চন্দ মহাতবৰ আমন্ত্ৰণত লৰ্ড কাৰ্জন ১৯০৪ চনৰ ১৯ আগষ্টত বৰ্ধমানলৈ যায়। লৰ্ড কাৰ্জনৰ আদৰণি আহাৰৰ বাবে মহাৰাজে চহৰখনৰ মিঠাইৰ কাৰিকৰ বৈৰবচন্দ্ৰ নাগক নতুন আৰু অনন্য কিবা এটা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈৰৱচন্দ্ৰ নাগে তেতিয়া সীতা। ভোগ আৰু মিহিদান নামেৰে দুবিধ নতুন মিঠাইৰ উদ্ভাৱন কৰে। লৰ্ড কাৰ্জনে দুয়োবিধ মিঠাই খাই আপ্লুত হয়। নাগক তেওঁ প্ৰশংসা কৰি প্ৰমাণ পত্ৰও দিয়ে। ইয়াৰ পিছত এই মিঠাই দুবিধৰ গুণগত মান আৰু নাম সমগ্ৰ দেশৰ লগতে বিদেশত বিয়পি পৰে। বৈৰবচন্দ্ৰ নাগৰ পুত্ৰ নগেন্দ্ৰনাথ নাগে ১৯৭৬ চনৰ ১৫ নৱেম্বৰত ৰেডিঅ'ত এই ঘটনা সম্প্ৰচাৰ কৰে।৩
যেতিয়া জৱাহৰলাল নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰী বৰ্ধমানলৈ যায় তেওঁলোকে এই মিটঠাই খাই আশ্চৰ্য প্ৰকাশ কৰে।৪ ইয়াক বংগত মিঠিদানা বুলিও কোৱা হয়।
প্ৰক্ৰিয়া
প্ৰথমে কামিনীভোগ, গোবিন্দোভোগ আৰু বাচমতি চাউলৰ গুড়ি, সামান্য পৰিমাণৰ বেচন মিলাই লোৱা হয়। সোণালী ৰঙৰ বাবে কেশৰো মিহলোৱা হয়। তাৰ পিছত ইয়াৰ ৰং পাতলীয়া হোৱালৈকে হাতেৰে পানীৰ লগত মিহলাই থক হয়। এই মিশ্ৰণটো একেবাৰে সৰু সৰু বিন্ধা থকা পিতলৰ হেঁতাৰ মাজেৰে ঘিঁউৰ পাত্ৰ এটাত ঢালি ঘিঁউত ডুবাই ভজা হয়। মিহি সৰু সৰু দানাবোৰ চেনিৰ ৰসত ডুবাই এবাৰ তিয়াই লোৱাৰ পি৪ছত পানীখিনি উলিয়াই লোৱা হয়। ইয়াত কেতিয়াবা খোৱা ৰং, সাধাৰণতে ৰঙা আৰু সেউজীয়া যোগ কৰা হয়।
অসমতো মিহিদানা অতিকৈ জনপ্ৰিয়। এসময়ত অসমীয়া বিবাহ অনুষ্ঠানত মিঠাই হিচাপে কেৱল মিহিদানা প্ৰচলিত আছিল। ইয়াক সাধাৰণতে মিঠা দৈ বা ক্ৰীমৰ লগত সৰু সৰু বাটিত পৰিবেশন কৰা হৈছিল। লগৰ দিয়া হৈছিল পুৰি, ঘুগনি আৰু বিলাহীৰ টক। এই যুগলবন্দী বৰ্তমানো আছে।
বুন্দিয়া লাড়ু, বুন্দিয়া বৰফি আদি আধুনিক কিছু মিঠাই প্ৰস্তুত কৰোঁতে মূল উপাদান হিচাপে মিহিদানাৰ ব্যৱহাৰ হয়।
জনপ্ৰিয়তা
'']]
পবিখ্যাত বাংলা অভিনেতা, কমেডিয়ান আৰু নাট্য ব্যক্তিত্ব, নবদ্বীপ হালদাৰ এই শাৰীটো গীত ৫ -
বাগবাজাৰ ৰসগোল্লা, ভীম নগৰ সন্দেশ বৰ্ধমানেৰ সীদহোগ, মিঠিদানা দৰবেশ
সুকুমাৰ ৰায়ৰ পাগলা দশু কাহিনীত মিহিদানাৰ উল্লেখ পোৱা যায়।
ভৌগোলিক সূচাংক
পশ্চিম বংগৰ বৰধমানৰ মিহিদানাই ২০১৭ চনৰ ২৯ এপ্ৰিলত ভৌগোলিক সূচাংক বা জি আই টেগ লাভ কৰে। ৬
তথ্যসূত্ৰ
- ↑ Mihidana, sitabhog win sweet glory with geographical indication tag. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2014-11-04). Famous Foods of Burdwan – Traditional Cuisine of Burdwan - West Bengal. Travelkhana.com
- ↑ GI report and cirtificate of Sitabhog and Mihidana, ipindiaservices.gov.in/GI_DOC/526/526
- ↑ আৰ্কাইভ কপি
- ↑ গণশক্তি. Ganashakti.com
- ↑ Details · Geographical Indications · Intellectual Property India. Ipindiaservices.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিদানা” প্ৰবন্ধৰ সংশোধন ৬২৫৬৮০ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।