অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মালাই

মালাই এবিধ ঘনীভূত গাখীৰ। ইয়াৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশত, যি মূলতঃ ভাৰতীয় উপমহাদেশীয় খাদ্যত ব্যৱহাৰ কৰা হয়, বিশেষকৈ মিঠাই তৈয়াৰ কৰাত ই এটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াক একত্ৰিত নোহোৱা গাখীৰক প্ৰায় ৮০ ডিগ্ৰী চেলছিয়াছত এঘণ্টা গৰম কৰি তাৰ পিছত ঠাণ্ডা হ’বলৈ দি তৈয়াৰ কৰা হয়।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মালাই এবিধ ঘনীভূত গাখীৰ। ইয়াৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশত, যি মূলতঃ ভাৰতীয় উপমহাদেশীয় খাদ্যত ব্যৱহাৰ কৰা হয়, বিশেষকৈ মিঠাই তৈয়াৰ কৰাত ই এটা গুৰুত্বপূৰ্ণ উপাদান।১২ ইয়াক একত্ৰিত নোহোৱা গাখীৰক প্ৰায় ৮০ ডিগ্ৰী চেলছিয়াছত এঘণ্টা গৰম কৰি তাৰ পিছত ঠাণ্ডা হ’বলৈ দি তৈয়াৰ কৰা হয়। যেতিয়া পৃষ্ঠত চৰ্বি আৰু জমা হোৱা প্ৰটিনৰ ডাঠ হালধীয়া তৰপ জমা হয়, তেতিয়া ইয়াক তুলি সংগ্ৰহ কৰা হয়।৩ এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিলে গাখীৰৰ পৰা সকলো ক্ৰীম আঁতৰাই পেলোৱা হয়।

মালাইত প্ৰায় ৫৫% গাখীৰৰ চৰ্বি থাকে। ম’হৰ গাখীৰত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে মালাই উৎপাদনৰ বাবে ইয়াক উত্তম বুলি বিবেচিত হয়। ৫ৰ পৰা ১২% চৰ্বিৰ পৰিমাণ থকা গাখীৰ গৰম কৰি দৈযুক্ত কৰা হয়, তাৰ পিছত ৪° চেলছিয়াছলৈ ঠাণ্ডা হ’বলৈ দিয়া হয়। একেদৰে ৩ৰ পৰা ৫% চৰ্বি থকা গৰুৰ গাখীৰ উতলাই ঠাণ্ডা হোৱাৰ পিছত মালাই তৈয়াৰ কৰা হয়।

ৰসমালাই, মলাইত ডুবাই দিয়া পনিৰৰ বল
ৰসমালাই, মলাইত ডুবাই দিয়া পনিৰৰ বলছবি: ramantalkin · CC BY-SA 4.0

ব্যৱহাৰ

মালাই কফ্তা বনোৱাৰ মূল উপাদান হ'ল মালাই। পৰঠা, ৰসমালাই, মালাই কুলফি আদিৰ দৰে মিঠা খাদ্য তৈয়াৰ কৰাত মালাই অপৰিহাৰ্য। মালাই কফ্তা আলু আৰু পনিৰেৰে তৈয়াৰ কৰা হয়। তাৰ পিছত একেটা পাত্ৰতে মালাই আৰু কফ্তা মিহলাই ফ্ৰীজত থৈ দিব লাগে।৪ শাক-পাচলি যোগ কৰিলে ইয়াৰ সোৱাদ বৃদ্ধি হয়; ইয়াৰ উদাহৰণ হ'ল মেথি মোট মালাই, য'ত খাদ্যৰ মূল উপাদান হ'ল পটল।

তথ্যসূত্ৰ

  1. ↑ Tamime, Adnan Y. (2009). Dairy Fats and Related Products. John Wiley & Sons. পৃ. 128. ISBN 9781444316230
  2. ↑ Gupta, Niru. (2001). Cooking The U.P. Way. Orient Blackswan. পৃ. xii. ISBN 9788125015581
  3. ↑ Gupta, Mamta. Butter Making at Home
  4. ↑ (4 May 2013). malai kofta recipe, how to make malai kofta recipe - malai kofta curry recipe

সম্পৰ্কিত শ্ৰেণী

খাদ্যভাৰতৰ ৰন্ধনশৈলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাই” প্ৰবন্ধৰ সংশোধন ৪৭৫০১২ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।