পিঠাগুড়ি (Rice flour) হৈছে মিহিকৈ পিহি লোৱা চাউলৰ পৰা তৈয়াৰী গুড়ি। ই সাধাৰণতে লাইত চাউল ডুবাই দিলে উৎপন্ন হোৱা শ্বেতসাৰৰ পৰা পৃথক। ঘেঁহুৰ আটাৰ সাধাৰণ বিকল্প হিচাপে পিঠাগুড়ি ব্যৱহাৰ হয়। ই তৰল পৃথক্কৰণত বাধা দিয়ে বাবে পিঠাগুড়িক প্ৰায়ে ফ্ৰীজিং কৰা ৰেচিপিত ঘনকৰণকাৰী উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
বগা চাউল, ব্ৰাউন চাউল বা বৰা চাউলৰ পৰা পিঠাগুড়ি তৈয়াৰ কৰিব পাৰি। পিঠাগুড়ি বনাবলৈ চাউল বা ধানৰ চোকোৰা আঁতৰাই পোৱা কেঁচা চাউল পটাত পিহি বা ঢেঁকীত খুন্দি গুড়ি কৰা হয়। অসমত বিশেষভাৱে ঢেঁকীত চাউল খুন্দি পিঠাগুড়ি প্ৰস্তুত কৰা হয়। পিঠাগুড়ি প্ৰধানকৈ বিভিন্ন ধৰণৰ পিঠা প্ৰস্তুত কৰাত আৰু জলপান হিচাপে ব্যৱহাৰ কৰা হয়। চাউলৰ গুড়িক শুকানে জুইৰ ওপৰত গৰম কৰি দীৰ্ঘ দিন সাঁচি ৰাখিব পাৰি। ইয়াক ভজা পিঠাগুড়ি বুলি কোৱা হয়। পিঠাগুড়ি জুইৰ ওপৰত গৰম নকৰাকৈ ৰাখিলে কেঁচা পিঠাগুড়ি বুলি কোৱা হয়। জলপান হিচাপে পিঠাগুড়ি গাখীৰ, কল আৰু গুড় বা চেনিৰ লগত মিহলাই খোৱা হয়।
প্ৰকাৰ আৰু নাম

চাউলৰ প্ৰকাৰ ভেদে
পিঠাগুড়ি ইণ্ডিকা, জাপনিকা, আৰু বনৰীয়া ধানৰ জাতৰ পৰা তৈয়াৰ কৰিব পাৰি। সাধাৰণতে, পিঠাগুড়িয়ে আঠা নথকা বগা চাউলৰ পৰা তৈয়াৰী গুড়িক বুজায়।
বৰা চাউল (বা মিঠা চাউল )ৰ পৰা তৈয়াৰ কৰিলে ১ ইয়াক বৰা চাউলৰ পিঠাগুড়ি বা মিঠা চাউলৰ পিঠাগুড়ি বুলি কোৱা হয় (, জাপানী:; ৰোমানীকৃত: shiratamako )। ২ জাপানত এনে আঠাযুক্ত চাউল বা বৰা চাউলৰ পৰা উৎপাদিত আঠাযুক্ত পিঠাগুড়ি মোচি বনাবলৈ ব্যৱহাৰ কৰা হয়, ইয়াক মোচিগোমেকো বোলা হয়, বা চমুকৈ মোচিকো বুলিও কোৱা হয়। ৩
খুন্দাৰ পদ্ধতি ভেদে
খুন্দাৰ পদ্ধতিৰ ভেদে পিঠাগুড়িৰ প্ৰকাৰো বিভিন্ন হয়। পিঠাগুড়ি শুকান চাউলৰ পৰা শুকানকৈ খুন্দিব পাৰি, বা খুন্দাৰ আগতে পানীত তিয়াই থোৱা চাউলৰ পৰা সেমেকাকৈ খুন্দিব পাৰি। ৪ সাধাৰণতে, চাউলৰ গুড়িয়ে শুকানকৈ পিহা পিঠাগুড়িক বুজায় আৰু এইবোৰ পাত্ৰত ভৰাই ৰাখি বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি। কোৰিয়াত ভিজাকৈ খুন্দা পিঠাগুড়ি প্ৰস্তুত কৰিবলৈ প্ৰথমে চাউলখিনি পানীত তিয়াই ৰাখি কুমলীয়া হ'লে পানীৰ পৰা টুকি ৰাখি শিলৰ পিহনাত পিহি তাৰ পিছত ঐচ্ছিকভাৱে ছালনীৰে চালি তৈয়াৰ কৰা হয়। ৪ ফিলিপাইনছত, চাউলৰ গুড়ি পৰম্পৰাগতভাৱে শুকানকৈ প্ৰস্তুত কৰা নহয়। বৰঞ্চ ইয়াক প্ৰথমে নিসিজোৱা আঠাযুক্ত চাউল ৰাতিটো তিয়াই (সাধাৰণতে ইয়াক অলপ কিম্বন হ'বলৈ দি) তাৰ পিছত পৰম্পৰাগতভাৱে শিলৰ পিহনাৰ দ্বাৰা পিহি গালাপং (Galapóng) নামেৰে জনাজাত এবিধ চহকী আৰু মসৃণ আঠাযুক্ত পিঠাগুৰি তৈয়াৰ কৰা হয়।
ব্যৱহাৰ

ৰন্ধন

পিঠাগুড়ি ব্যৱহাৰ কৰি পিঠা, মেকাৰুন, বান আদি মিঠাই বনাব পাৰি। ইয়াক গুড়ি কৰা চেনিৰ দৰেই মিঠাইৰ ওপৰত চটিয়াবলৈয়ো ব্যৱহাৰ কৰা হয়। ৫
পূব এছিয়া
চীনত পিঠাগুড়ি ব্যৱহাৰ কৰি জিয়ান ডুই, টাংয়ুয়ান, নিয়ান গাও, কিংটুয়ান, ইউয়ানছিয়াও আদি খাদ্য তৈয়াৰ কৰা হয়।
জাপানত সিজোৱা আঠাযুক্ত চাউলৰ পিঠাগুড়িৰক মোচিগোমেকো বুলি কোৱা হয়, মোচি ডাংগো বা চচ্ ডাঠ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২ ৩ নিসিজোৱা আঠাযুক্ত চাউলৰ পিঠাগুড়ি শ্বিৰাটামাকো প্ৰায়ে মিঠাই উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৩ আঠা নথকা চাউলৰ পিঠাগুড়ি জচিংকো (jōshinko) মূলতঃ মিঠাই তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৩
কোৰিয়াত বিভিন্ন ধৰণৰ ধানৰ পৰা তৈয়াৰী আৰু বিভিন্ন খুন্দন পদ্ধতিৰে তৈয়াৰী পিঠাগুড়ি বিভিন্ন ধৰণৰ ট্টেক (পিঠা) আৰু হাংগৱা (মিঠাই) প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বৰাচাউলৰ পৰা প্ৰস্তুত কৰা চাপছাল-গাৰু নামৰ পিঠাগুড়িবিধ চাপছাল-ট্টেওক (বৰা চাউলৰ পিঠা), গোচুজাং (চিলি পেষ্ট), লগতে কিমচিৰ বাবে চাউলৰ আঠা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আঠা নথকা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰি দাইল বা গ্ৰুলৰ দৰে খাদ্য যেনে বিউমবোক, জুক, মিউম, ডাংছু আদি বনাব পাৰি।
দক্ষিণ-পূব এছিয়া
ফিলিপাইনছত আঠাযুক্ত চাউলৰ পিঠাগুৰি গালাপঙক নানান তৰহৰ স্থানীয় পিঠা আৰু ডেজাৰ্টৰ মুখ্য উপাদান হিচাপে ব্যৱহাৰ হয়। খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি নাৰিকলৰ গাখীৰ ( গাটা ), কাঠৰ ছাই লাই, আৰু অন্যান্য বিভিন্ন উপাদান গালাপংত যোগ কৰিব পাৰি। গালাপং বেক কৰি, ভাপত দি, সিজাই বা ভাজি প্ৰস্তুত কৰিব পাৰি, ইয়াৰ পৰা পুটো বা বিবিংকাৰ দৰে খাদ্য পোৱা যায়। ৬
দক্ষিণ এছিয়া
'']]

দক্ষিণ ভাৰতত দোছা, পুট্টু, চক্কুলি ৭ গোলিবাজে ( মংগলৌৰ বাজ্জী ) আৰু কোৰি ৰুট্টি আদি খাদ্যৰ বাবে পিঠাগুড়ি ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ঘেঁহু, বাজৰা, অন্যান্য শস্যৰ আটা, আৰু কেতিয়াবা শুকান ফল বা শাক-পাচলি মিহলাই মান্নি নামৰ এক প্ৰকাৰৰ শিশু খাদ্য তৈয়াৰ কৰা হয়। পশ্চিম ভাৰতৰ কংকান অঞ্চলত ভাকাৰি তৈয়াৰ কৰিবলৈ পিঠাগুড়ি ব্যৱহাৰ কৰা হয়।
বাংলাদেশত, চাউলৰ গুড়ি খাদ্যৰ এক নিয়মীয়া উপাদান। পূব ভাৰতৰ বাংলা আৰু অসমীয়া খাদ্যত ইয়াক ৰুটি আৰু মিঠাই যেনে সন্দেশ আৰু পিঠা আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। খীৰ (ভাৰত উপমহাদেশৰ সাধাৰণ মিঠাই) তৈয়াৰ কৰাতো ইয়াক ব্যৱহাৰ কৰা হয়।
শ্ৰীলংকাত, ইয়াক বিভিন্ন প্ৰকাৰৰ ঘৰুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ইয়াক খাদ্য সামগ্ৰী যেনে পিট্টু, আপ্পা (হপাৰ), ইণ্ডি আপ্পা (ষ্ট্ৰিং হপাৰ) আৰু মিঠাই যেনে কিউৱাম, ককিছ, আথিৰাছা আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। লগতে ইয়াক ৰুটি আৰু অন্যান্য বেকাৰী সামগ্ৰী তৈয়াৰ কৰিবলৈয়ো ব্যৱহাৰ কৰিব পাৰি।
নেপালত নেৱাৰসকলে যোমাৰী আৰু চাটামাৰী তৈয়াৰ কৰিবলৈ চাউলৰ গুড়ি ব্যৱহাৰ কৰে। চেল ৰুটি হৈছে নেপাল আৰু ভাৰতৰ ছিকিম আৰু দাৰ্জিলিং অঞ্চলত সাধাৰণতে খোৱা আন এবিধ জনপ্ৰিয় পিঠাগুড়িৰে প্ৰস্তুত কৰা খাদ্য। কুমাওঁত চেল ৰোটি শিঙাল নামেৰে জনাজাত।
মধ্য আমেৰিকাৰ ডিচ পুপুছাতো নিয়মীয়া আটাৰ বিকল্প হিচাপে চাউলৰ গুড়ি ব্যৱহাৰ কৰা হয়।
ৰান্ধনীশালৰ বাজে
এখন পোষ্টাৰ]]

প্ৰসাধন সামগ্ৰী
প্ৰসাধন সামগ্ৰী উদ্যোগত চাউলৰ গুড়ি ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ভাৰত বা অন্যন্য দেশৰ হিন্দু ব্ৰাহ্মণ সমাজত পূজাৰ সামগ্ৰী হিচাপে পিঠাগুড়ি ব্যৱহাৰ কৰে। বিশেষকৈ হোম যজ্ঞ বা অন্যান্য পূজাৰ কামত মৰল আঁকিবলৈ বগা ৰঙ হিচাপে পিঠাগুড়ি ব্যৱহাৰ হয়। অসমীয়া সমাজত বিশেষকৈ তোলনি বিয়াত কইনাৰ মাকৰ গালত গোপিনীয়ে পিঠাগুড়ি সানি ধেমালি কৰা দেখা যায়।
কাঠফুলাৰ খেতি
কাঠফুলাৰ খেতিৰ বাবে ছাবষ্ট্ৰেট হিচাপে ব্যৱহাৰৰ বাবে ব্ৰাউন ৰাইচৰ গুড়ি ভাৰ্মিকুলাইটৰ সৈতে মিহলাই ব্যৱহাৰ কৰা হয়। এই পদ্ধতি খাব পৰা কাঠফুলাৰ খেতিয়কসকলে প্ৰায়ে ব্যৱহাৰ কৰে। ই কাঠফুলা খেতিৰ এক অতি সহজ আৰু কম খৰচী পদ্ধতি।[ উদ্ধৃতিৰ প্ৰয়োজন ]
তথ্যসূত্ৰ
- ↑ Alden, Lori. (1996). Cook's Thesaurus: Rice. Lori Allen
- ↑ Hosking. (1997). A Dictionary of Japanese Food. Tuttle Publishing. পৃ. 191. ISBN 9780804820424
- ↑ 辻静雄. (2006). Japanese Cooking: A Simple Art. Kodansha International. পৃ. 70. ISBN 9784770030498
- ↑ Lee; Lee, Hyun-Yu; Kim, Kil-Hwan. (1993). Effect of Different Milling Methods on Distribution of Particle Size of Rice Flours. Korean Journal of Food Science and Technology. পৃ. 541–545
- ↑ E.B. Bennion. (1997). The Technology of Cake Making. Springer. পৃ. 15
- ↑ Amy Besa & Romy Dorotan. (2014). Memories of Philippine Kitchens. Abrams. ISBN 9781613128084
- ↑ (17 October 2017). easy chakkuli recipe using ready flour. Udupi Recipes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিঠাগুড়ি” প্ৰবন্ধৰ সংশোধন ৬০৭২১৮ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।