অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পটা (শিল)

পটা বা বাটান (Batan (stone)) দক্ষিণ আমেৰিকা, এণ্ডিয়ান আৰু ভাৰতীয় ৰন্ধন প্ৰণালীৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰক্ৰিয়াকৰণ বা পিহি লোৱাৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পাকঘৰৰ সঁ‌জুলি। ইয়াৰ এটা সমতল শিল (পটা) আৰু এটা নিমজ কৰি লোৱা শিল থাকে যাক পটাগুটি বা উনা বুলি কোৱা হয়।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
BatánPiedradeMoler.JPG
ছবি: Gacelo · Public domain

পটা বা বাটান (Batan (stone)) দক্ষিণ আমেৰিকা, এণ্ডিয়ান আৰু ভাৰতীয় ৰন্ধন প্ৰণালীৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰক্ৰিয়াকৰণ বা পিহি লোৱাৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পাকঘৰৰ সঁ‌জুলি। ইয়াৰ এটা সমতল শিল (পটা) আৰু এটা নিমজ কৰি লোৱা শিল থাকে যাক পটাগুটি বা উনা বুলি কোৱা হয়। পটাগুটিটো দুয়োহাতেৰে ধৰি পটাত থকা খাদ্য থেতেলিয়াই বা পিহি দিয়া হয়। ইচ্ছাকৃত প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি, পটাগুটিৰ ভৰ অলপ কমাই ৰখা হয়, এৰি দিয়া হয় বা বেছিকৈ দিয়া হয়। পদ্ধতি অনুসৰি দোলনৰ গতিও ভিন্ন হয়। পিহা কাৰ্য শুকানকৈ বা পানীৰে বা তেলেৰে কৰা হয়। পটাগুটিটোৰে বিভিন্নধৰণেৰে খুন্দি, থেতেলিয়াই, পিহি বটা কাৰ্য সম্পন্ন কৰা হয়। সাধাৰণতে পটাখনৰ সমতল পৃষ্ঠখন গজাল, বটালি বা তেনে কোনো সামগ্ৰীৰে বিভিন্ন সৰল নক্সা কাটি খহটা কৰি লোৱা হয় যাতে সামগ্ৰীসমূহ সহজে বটিব পাৰি।

দক্ষিণ আমেৰিকা

জলকীয়া পিহা সৰু পটা
জলকীয়া পিহা সৰু পটাছবি: Gacelo · Public domain
এক বাঙালী গৃহৰ পটা
এক বাঙালী গৃহৰ পটাছবি: Billjones94 · CC BY-SA 4.0

দক্ষিণ আমেৰিকাত স্পেনিছসকল অহাৰ আগৰে পৰাই এই পটা ব্যৱহাৰ কৰা হয়। ১ এণ্ডিয়ান পৰিয়ালত এই ধৰণেৰে বহুতো খাদ্য প্ৰস্তুত কৰা হয়।২ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে লাজৱা (এক বলিভিয়ান জলকীয়াৰ চচ) প্ৰস্তুত কৰা ৷ বহু বলিভিয়ান, পেৰু, ইকুৱেডৰ আৰু কলম্বিয়ানৰ বাবে ব্লেণ্ডাৰত লাজৱ প্ৰস্তুত কৰিলে পটাত পিহাৰ দৰে নহয়।

ইয়াৰ উপৰিও শস্যৰ বাকলি উলিয়াবলৈ

বা শস্য পিহি কম পৰিমাণৰ গুড়ি প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়।

দক্ষিণ এচিয়া

নেপালত পটাক শিলাটো-লহ'ৰ' নামে জনা যায়।

ভাৰততো ইয়াৰ ব্যৱহাৰ বহু সংখ্যক পৰিয়ালত কৰা হয়।৩ তাত ইয়াক হিন্দীত " ছিল-বত্তা " বুলি জনা যায় য'ত সমতল শিল আৰু নলাকাৰ পিহা শিল বুজায়। ইয়াক মাৰাঠী ভাষাত পাতা-বৰ্ভান্ত বুলি জনা যায়৪ আৰু মহাৰাষ্ট্ৰ ৰাজ্যত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক তামিল ৫ আৰু মালয়ালমত আম্মি কল্লু বুলি জনা যায়।৬ ইয়াক বাংলা ভাষাত "শিল নোৰা" বুলি জনা যায় আৰু মূলতঃ পশ্চিম বংগৰ প্ৰায় প্ৰতিটো ঘৰতে ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ওড়িশাত ইয়াক চিলা পুআআ বুলি কোৱা হয় য'ত পৰম্পৰাগত ওডিয়া বিয়া আৰু ৰাজা উৎসৱৰ সময়ত ইয়াক ভূ দেৱী বা পৃথিৱী মাতৃ হিচাপেও পূজা কৰা হয়। তামিলনাডু আৰু কেৰালা ৰাজ্যত ইয়াক পৰম্পৰাগতভাৱে মছলা আৰু মচুৰ দাইল পিহিবলৈ ব্যৱহাৰ কৰা হয় ৷ এই পিহি লোৱা শিলবোৰ প্ৰধানকৈ ৰন্ধা-বঢ়াৰ বাবে চাটনি আৰু মছলাৰ মিশ্ৰণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু মাজে মাজে ব্যৱহাৰ কৰা হয় য'ত দোছা, বড়া বা পাপাডুমৰ বাবে তিয়াই থোৱা মচুৰ দাইল পিহিব পৰা যায়।

অসম

অসমতো শিলৰ পটাৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। সাধাৰণতে মছলা বটিবলৈ আৰু চাটনি পিহিবলৈ পটাৰ ব্যৱহাৰ হয়। বিয়াত দৰা-কইনাক নোৱাবৰ বাৰে মাহ-হালধি বটিবলৈয়ো ইয়াৰ ব্যৱহাৰ কৰে। বিয়াৰ সম্যত গাঁ‌ঠিয়ন খুন্দা পৰ্বৰ বাবেও আয়তীসকলে পটাৰ ব্যৱহাৰ কৰে।। ইয়াৰ উপৰিও বিহুৰ সময়ত জেতুকা বটিবলৈও পটাৰ ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ De La Vega, Garcilaso. (2006). Royal Commentaries of the Incas and General History of Peru. পৃ. 74. ISBN 9781603848565
  2. ↑ Morvelli, Walter Coraza "The Best Flavor in Cuzco’s Cooking Still Comes from the Batán, the Grinding Stones." 24 January 2013 Cusco Eats: Food and Culture of the Andes
  3. ↑ A Feature on the Sil Batta – The traditional Stone Grinder of the Indian Kitchen" NMTV.tv March 3, 2011, Accessed March 4, 2017
  4. ↑ "Bhimthadi Jatra: A melange of craftsmanship and tradition" December 13, 2014 The Times of India website, Retrieved March 4, 2017
  5. ↑ [ta.wiktionary.org/wiki/அம்மி Meaning of the word in Tamil Wiktionary]
  6. ↑ [ml.wiktionary.org/wiki/അമ്മി Meaning of the word in Malayalam Wiktionary]

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰন্ধনশৈলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পটা (শিল)” প্ৰবন্ধৰ সংশোধন ৪১৩৪২১ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।