লালচাংজুৱালি চাইলো (ইংৰাজী ভাষা: Lalsangzuali Sailo; ১৫ মে' ১৯৪৯ – ১৪ অক্টোবৰ ২০০৬) মিজোৰামৰ এগৰাকী লেখিকা, গছপেল (খ্ৰীষ্টধৰ্ম ধৰ্মীয়) গায়িকা আৰু সংগীত পৰিচালক আছিল।১ তেওঁ মিজো ভাষা, ককবৰক ভাষা আৰু ইংৰাজী ভাষা ভাষাত ৩০০ৰো অধিক গীত ৰচনা কৰিছে।২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৯ চনত ১৫ মে'ত এছ. ভানছুমা আৰু চাপথাংগী চাংথুৰ ঘৰত লালচাংজুৱালি চাইলোৰ জন্ম হৈছিল। তেওঁ মিজোৰামৰ হ্নাহথিয়াল জিলাৰ থিংচাই নামৰ এখন গাঁৱত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেৰাপুঞ্জীৰ ছেইণ্ট জন বস্ক’ কনভেণ্টত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু শ্বিলঙৰ ছেইণ্ট মেৰীজ কলেজৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ ইয়াৰ উপৰিও তেওঁ শিক্ষা বিভাগত স্নাতক (বি.এড.) ডিগ্ৰী লাভ কৰাৰ লগতে মিজো সাহিত্যত ডক্টৰেট (পিএইচডি) আৰু ডি.লিট ডিগ্ৰী লাভ কৰিছিল।৩
কৰ্মজীৱন
লালচাংজুৱালি চাইলো চৰকাৰী জে.এল. হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল। চাইলো ২০খনতকৈও অধিক গ্ৰন্থ আৰু তিনিখন সৰু কিতাপৰ (booklets) লেখিকা আছিল। মিজো ইতিহাসৰ ওপৰত লিখা তেওঁৰ গ্ৰন্থ তলম ভে লো লালনু ৰোপুইলিয়ানীৰ বাবে ১৯৯৯ চনত মিজো একাডেমী অফ লেটাৰ্ছৰ পৰা ‘মিজো বুক অফ দ্য ইয়েৰ’ বঁটা লাভ কৰিছিল। মিজোসকলৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক অডিঅ’ কেছেট উলিওৱাৰ অভিলেখ তেওঁৰ নামত আছে; তেওঁ ১৯৭৬ চনত প্ৰথমটো অডিঅ’ কেছেট নিৰ্মাণ কৰিছিল। জীৱনকালত তেওঁ আকাশবাণী কেন্দ্ৰত ৪০০ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল, যিটো আন যিকোনো শিল্পীৰ তুলনাত সৰ্বাধিক। এই অভিলেখ এতিয়াও অটুট আছে। তেওঁ প্ৰায় ৪০০টা গীত ৰচনা কৰিছিল। তেওঁ আকাশবাণীৰ এগৰাকী ‘এ’ গ্ৰেডৰ শিল্পী আছিল। তেওঁ ৰচনা কৰা বহুতো গীত মিজো ছাত্ৰ-ছাত্ৰীয়ে পঞ্চম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন কৰে।
লালচাংজুৱালি চাইলো এগৰাকী আগশাৰীৰ সমাজকৰ্মীও আছিল। তেওঁ কেন্দ্ৰীয় এম.এইচ.আই.পি. (MHIP) আৰু মিজোৰাম প্ৰেচবিটেৰিয়ান চাৰ্চৰ মহিলা কেন্দ্ৰীয় সমিতিত এগৰাকী আজীৱন নেত্ৰী হিচাপে কাম কৰিছিল।৪
ব্যক্তিগত জীৱন
কৰ্কট ৰোগৰ সৈতে যুঁজি ২০০৬ চনৰ ১৪ অক্টোবৰত চাইলোৰ মৃত্যু হয়। লালদিনলিয়ানাৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটা পুত্ৰ আৰু এজনী কন্যা সন্তান আছে।১
বঁটা আৰু সন্মান
তেওঁ ১৯৯৮ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ ‘আউটষ্টেণ্ডিং আৰ্টিষ্ট’ বঁটা লাভ কৰিছিল। ২০০০ চনত জোলেন্তু সংবাদ পত্ৰই তেওঁক ‘গ্ৰেটেষ্ট ছিংগাৰ অফ দ্য চেঞ্চুৰী’ বঁটা প্ৰদান কৰে। লুংলেইৰ মিজো একাডেমী অফ লেটাৰ্ছৰ যুটীয়া মুখ্য কাৰ্যালয়ে ২০০০ চনত তেওঁক সন্মানীয় ‘পু বুয়াংগা বঁটা’ প্ৰদান কৰে। ১৯৯৮ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ প্ৰদান কৰে।৫
তথ্যসূত্ৰ
- ↑ (2015). Lalsangzuali Sailo (1949- present). India Online
- ↑ (2015). O Subrai Bophuru -Lalsangzuali Sailo Kokborok Video Song. Pak Files
- ↑ Ramaṇikā Guptā. (2006). Indigenous Writers of India: North-East India. Concept Publishing Company. পৃ. 167 of 227. ISBN 9788180693007
- ↑ (2015). Tlawm ve lo Lalnu Ropuiliani. Mizo Academy of Letters
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালচাংজুৱালি চাইলো” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৯৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।