ভাৰতীয় নাৰীবাদী
৩৪ প্ৰবন্ধ
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
বীণা মজুমদাৰ
বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম।
-
মানসী প্ৰধান
মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
অৰ্চনা বৰঠাকুৰ
অৰ্চনা বৰঠাকুৰ (Archana Borthakur, জন্ম:২৩ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক। বৰঠাকুৰে সমাজ বিকাশ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে সমাজ কল্যাণ সমাজ 'প্ৰিয়বন্ধু' প্ৰতিষ্ঠা কৰিছিল। তেওঁ অব্যৱহৃত কাপোৰ, খাদ্য, কিতাপ আৰু দুখীয়া লোকসকলক ঘৰুৱা সঁজুলি দান কৰাৰ দৰে সামাজিক কামৰ বাবে জনাজাত।
-
ইৰা সিংঘল
ইৰা সিংঘল (Ira Singhal; জন্ম: ৩১ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু কম্পিউটাৰ বিজ্ঞান অভিযন্তা। তেওঁ ২০১৪ বৰ্ষৰ বাবে ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান লাভ কৰিছিল।
-
এছিড (উপন্যাস)
এছিড ভাৰতীয় ছাইকেডেলিক ধাৰাৰ উপন্যাস, যি সঙ্গীতা শ্ৰীনিবাসনে লিখিছে। মূলতঃ মালয়ালম ভাষাত ৰচিত এই গ্ৰন্থখন লেখিকাই নিজেই ইংৰাজীলৈ অনুবাদ কৰে। এইখন তেওঁৰ তৃতীয় উপন্যাস।
-
বিশাখা দত্ত
বিশাখা দত্ত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সাংবাদিক। তেওঁ লিংগ, যৌনতা আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা মুম্বাইস্থিত পইণ্ট অৱ ভিউৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।
-
বৃন্দা কাৰাট
বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য। ২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।
-
লীলা ৰায়
লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল। অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ।
-
ৰমাবাঈ ৰানডে
ৰমাবাঈ ৰানডে (Ramabai Ranade; रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়।
-
অখিলা শিৱদাস
অখিলা শিৱদাস এজন ভাৰতীয় উন্নয়ন বিশেষজ্ঞ আৰু গৱেষক। তেওঁ যোগাযোগ, লিঙ্গ পৰিচয় আৰু জনসমৰ্থন গঠন বিষয়ত বিশেষজ্ঞ। তেওঁ মহিলা অধিকাৰ, প্ৰজনন স্বাস্থ্য আৰু প্ৰান্তিক সম্প্ৰদায়ৰ অন্তৰ্ভুক্তি সংক্ৰান্ত উদ্যোগসমূহত কাম কৰিছে। তেওঁ বেচৰকাৰী সংস্থা চেণ্টাৰ ফ'ৰ এডভোকেছি এণ্ড ৰিচাৰ্চৰ নিৰ্বাহী অধ্যক্ষ।
-
অৰণ্য জোহৰ
অৰণ্য জোহৰ (জন্ম ৭ ছেপ্টেম্বৰ, ১৯৯৮) এগৰাকী ভাৰতীয় কবি। লিংগ সমতা, মানসিক স্বাস্থ্য আৰু শৰীৰৰ ইতিবাচকতা আদি বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। সৌন্দৰ্য্যৰ প্ৰচলিত মানদণ্ডক প্ৰত্যাহ্বান জনাবলৈ তেওঁ স্লেম কবিতা ব্যৱহাৰ কৰে।
-
আৰ্যা পল্লম
আৰ্যা পল্লম কেৰালাৰ এগৰাকী সমাজ সংস্কাৰক, কমিউনিষ্ট আৰু নাৰীবাদী আছিল। তেওঁ উচ্চবৰ্ণ (বিশেষকৈ ব্ৰাহ্মণ) মহিলাসকলৰ ওপৰত চলি থকা নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল।
-
ইভাঞ্জেলিন এণ্ডাৰছন-ৰাজকুমাৰ
ইভানজেলিন এণ্ডাৰছন-ৰাজকুমাৰ (Evangeline Anderson-Rajkumar) এগৰাকী নাৰীবাদী কৰ্মী আৰু বিশ্বজনীন ধৰ্মতত্ত্ববিদ যিয়ে চেৰামপুৰৰ চেৰামপুৰ কলেজত (১৯৯০-১৯৯৪) ইউনাইটেড থিয়লজিকেল কলেজ, বাংগালুৰুত (১৯৯৯-২০১৪) অধ্যাপনা কৰিছিল।
-
এঞ্জেলিকা আৰিবাম
এঞ্জেলিকা আৰিবাম (Angellica Aribam; জন্ম: ২২ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় ৰাজনৈতিক কৰ্মী। লিংগ, জাতি আৰু ৰাজনীতিৰ গণতন্ত্ৰকৰণৰ বিষয়ত তেওঁ কাম কৰি আছে।ভাৰতত মহিলাৰ ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ফেম ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক।
-
কুট্টি ৰেৱতী
এছ ৰেৱতী (ছদ্মনাম: কুট্টি ৰেৱতী; জন্ম ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় গীতিকাৰ, কবি, সক্ৰিয়তাবাদী আৰু চিকিৎসক। তেওঁ তিনিখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছে আৰু মহিলা লেখকৰ বাবে প্ৰকাশিত সাহিত্যিক ত্ৰৈমাসিক পত্ৰিকা পানিক্কুদমৰ সম্পাদক, যি প্ৰথম তামিল নাৰীবাদী পত্ৰিকাও।
-
কে চিন্নাম্মা
কে চিন্নাম্মা ভাৰতৰ কেৰালাৰ এগৰাকী নাৰীবাদী, সমাজকৰ্মী আৰু মহিলা কৰ্মী আছিল। ১৯১৮ চনত তেওঁ ৰাজা শ্ৰীমূলম থিৰুনাল শাস্ত্যব্দা পুৰ্থী স্মাৰকা হিন্দু মহিলা মন্দিৰম (বৰ্তমান এছ এম এছ এছ হিন্দু মহিলা মন্দিৰাম) প্ৰতিষ্ঠা কৰে, যি কেৰালা ৰাজ্যৰ প্ৰথম নিঃস্ব মহিলাৰ আশ্ৰয়গৃহ আছিল।
-
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।
-
ছালু নিগম
ছালু নিগম (Shalu Nigam) এগৰাকী ভাৰতীয় উকীল, নাৰীবাদী আইন বিশেষজ্ঞ আৰু লেখিকা। ছালু নিগম বনাম আঞ্চলিক পাছপ'ৰ্ট বিষয়া গোচৰৰ গোচৰীয়া পক্ষ আছিল। এই গোচৰ মৰ্মেই ২০১৬ চনৰ ১৭ মে’ত দেউতাকৰ নামৰ অবিহনেও পাছপোৰ্ট জাৰী কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
-
প্ৰতীক্ষা বক্সী
প্ৰতীক্ষা বক্সী (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজবিজ্ঞানী আৰু নাৰীবাদী আইন গৱেষক। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে আদালতৰ কাৰ্যপ্ৰণালী, নৃতাত্ত্বিক অধ্যয়ন আৰু মহিলাৰ বিৰুদ্ধে যৌন হিংসা। তেওঁ বৰ্তমান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আইন আৰু শাসন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক।
-
বিজয়া দাব্বে
বিজয়া দাব্বে (১ জুন ১৯৫১ – ২৩ ফেব্ৰুৱাৰী ২০১৮) আছিল ভাৰতীয় লেখিকা, নাৰীবাদী, পণ্ডিত আৰু কন্নড় ভাষাৰ সাহিত্য সমালোচক। তেওঁক প্ৰায়ে আধুনিক কন্নড় ভাষাৰ প্ৰথম নাৰীবাদী লেখিকা হিচাপে গণ্য কৰা হয়। তেওঁ কৰ্ণাটক নাৰীবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
বিন্ধ্যা উন্দুৰ্তি
বিন্ধ্যা উন্দুৰ্তি (জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় নাৰীবাদী গৱেষক। তেওঁ লিংগীয় ভূমিকা, মহিলাৰ স্বাস্থ্য আৰু লিংগভিত্তিক হিংসা সম্পৰ্কীয় গৱেষণাৰ বাবে পৰিচিত। লগতে ভাৰতীয় মহিলাসকলৰ অধিকাৰৰ পক্ষে তেওঁ কৰা সামাজিক আৰু নীতি-সমৰ্থনমূলক কামৰ বাবেও তেওঁ পৰিচিত।
-
ভিজি পালিথোড়ি
ভিজি পালিথোড়ি (পি. ভিজি; জন্ম ১৯৬৮) হৈছে ভাৰতৰ কেৰালাৰ এগৰাকী সমাজকৰ্মী আৰু শ্ৰম অধিকাৰ কৰ্মী। তেওঁ কেৰালাৰ মহিলা সংগঠন পেনকুট্টুৰ অংশ হিচাপে অসংঘদিথা মেখলা তোজিলালি ইউনিয়ন (অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ ইউনিয়ন) প্ৰতিষ্ঠা কৰে।
-
ললিতা ৰায়
ললিতা ৰায় (Lolita Roy, ১৮৬৫ - অজ্ঞাত) এগৰাকী ভাৰতীয় নাৰীবাদী, সমাজ সংস্কাৰক আৰু মহিলা ভোটাধিকাৰ কৰ্মী আছিল। শ্ৰীমতী পি. এল. ৰায় বুলিও জনাজাত ললিতা ৰায়ে লণ্ডনত ভাৰতীয়সকলৰ সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিছিল।
-
শ্বিৰিন এম. ৰায়
শ্বিৰিন এম. ৰায় এফ বি এ (Shirin M. Rai; জন্ম: ১ ডিচেম্বৰ ১৯৬০) এগৰাকী আন্তঃশাখা পণ্ডিত যিয়ে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সীমা অতিক্ৰম কৰি কাম কৰে।
-
শ্বৰীফা হামিদ আলী
শ্বৰীফা হামিদ আলী (Shareefa Hamid Ali, প্ৰায় ১৮৮৩ – ১৯৭১), বেগম হামিদ আলী নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় নাৰীবাদী, জাতীয়তাবাদী, অধিবক্তা আৰু ৰাজনৈতিক ব্যক্তি আছিল। ১৯৩৫ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ
-
সীতাৰা এছ
সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।
-
সীমা শেখৰে
ড° সীমা শেখৰে (Dr. Seema Sakhare; জন্ম ) এগৰাকী ভাৰতীয় নাৰীবাদী মহিলা। তেওঁ নাৰীৰ ওপৰত হোৱা হিংসা বন্ধ কৰাৰ বাবে চলোৱা প্ৰচাৰৰ বাবে জনাজাত।
-
সুলোচনা ডংগ্ৰে
সুলোচনা ডংগ্ৰে (সুলোচনাবাই ডংগ্ৰে বুলিও কোৱা হয়) এগৰাকী ভাৰতীয় সমাজকৰ্মী, দলিত নাৰীবাদী আৰু জন্ম নিয়ন্ত্ৰণ আন্দোলনৰ অগ্ৰগামী সমৰ্থক আছিল। তেওঁ ১৯৩০–৪০ দশকত বিশেষকৈ দলিত মহিলাসকলৰ অধিকাৰ, শিক্ষা আৰু প্ৰজনন অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।