কে চিন্নাম্মা ভাৰতৰ কেৰালাৰ এগৰাকী নাৰীবাদী, সমাজকৰ্মী আৰু মহিলা কৰ্মী আছিল। ১৯১৮ চনত তেওঁ ৰাজা শ্ৰীমূলম থিৰুনাল শাস্ত্যব্দা পুৰ্থী স্মাৰকা হিন্দু মহিলা মন্দিৰম (বৰ্তমান এছ এম এছ এছ হিন্দু মহিলা মন্দিৰাম) প্ৰতিষ্ঠা কৰে, যি কেৰালা ৰাজ্যৰ প্ৰথম নিঃস্ব মহিলাৰ আশ্ৰয়গৃহ আছিল। ধৰ্ম বা জাতি নিৰ্বিশেষে সামাজিকভাৱে পিছপৰা পটভূমিৰ ছোৱালীবোৰক শিক্ষা, ক্ষমতায়ন আৰু পুনৰ সংস্থাপনৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটো গঢ়ি তোলা হৈছিল।১
জীৱনী
কে চিন্নাম্মাৰ জন্ম ১৮৮৩ চনত ট্ৰেভাংকোৰৰ তিৰুবনন্তপুৰম জিলাৰ আটিংগলৰ এটা সাধাৰণ কৃষক পৰিয়ালত হৈছিল। তেওঁৰ মাতৃ আছিল আটিংগল এডাৱামাডাম গৃহৰ কল্যাণী আম্মা আৰু পিতৃ ভেলায়ুধন পিল্লাই।২ শৈশৱৰ পৰা দুৰ্বল অৱস্থাত থকা মহিলাসকলৰ দৰিদ্ৰতা, অত্যাচাৰ আৰু অসহায় অৱস্থাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।৩ মাতৃৰ ভনীয়েকৰ উৎসাহত তেওঁ ফোৰ্ট হাই স্কুলত অধ্যয়ন কৰে আৰু তাত অধ্যয়ন কৰা প্ৰথম কেইজনী ছাত্ৰীসকলৰ ভিতৰত আছিল।৪ তিৰুবনন্তপুৰমৰ সেনানা মিছন গাৰ্লছ স্কুলত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ তিৰুবনন্তপুৰম মহিলা মহাবিদ্যালয়ৰ পৰা এফ.এ. ডিগ্ৰী লাভ কৰে।২ শিক্ষাজীৱন শেষ কৰাৰ পাছত তেওঁ জনশিক্ষা বিভাগত সহকাৰী পৰিদৰ্শক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। বিদ্যালয় পৰিদৰ্শকৰ সহকাৰী হিচাপে নিযুক্ত হৈ তেওঁ এগাৰটা তালুকৰ দায়িত্ব বহন কৰিছিল।২
ব্যক্তিগত জীৱন আৰু মৃত্যু
চিন্নাম্মাৰ বিবাহ কুমাৰ পিল্লাইৰ সৈতে হৈছিল। তেওঁ সাহিত্যিক চি. ভি. ৰামন পিল্লাইৰ ভাতৃ তহচিলদাৰ নাৰায়ণ পিল্লাইৰ পুত্ৰ আছিল।২ চিন্নাম্মা স্বামী আৰু সন্তানসকলৰ সৈতে কোট্টায়মত বাস কৰিছিল। ১৯৩০ চনত তেওঁৰ মৃত্যু হয়।২
সমাজসেৱা আৰু আন্দোলন
এম. চি. শংকৰ পিল্লাইয়ে এখন প্ৰকাশনত মহিলা কেৱল প্ৰজনন যন্ত্ৰ বুলি মন্তব্য কৰাৰ পিছত চিন্নাম্মা আৰু তেওঁৰ সহপাঠী কল্যাণী আম্মাই তীব্ৰ সমালোচনা কৰে।৫ ১৯১১ চনত এখন মহিলা সন্মিলনত সভাপতিত্ব কৰাৰ সময়ত তেওঁ তীৰ্থপাদ পৰমহংসাৰ সৈতে সাক্ষাৎ কৰে আৰু তেওঁৰ পৰামৰ্শ অনুসৰি সমাজসেৱাত মনোনিৱেশ কৰে।৫
বিবাহিত কৰ্মচাৰী মহিলাসকলৰ অধিকাৰৰ পক্ষে মাত মাতি অহা চিন্নাম্মাই একাধিক মহিলা সংঘ গঠন কৰিছিল। ১৯০৮ চনত কে. চিন্নাম্মাক ট্ৰেভাংকোৰৰ কোট্টায়ম বিভাগৰ বিদ্যালয় পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হয়। কৰ্মসূত্ৰে তেওঁ সন্ন্যাসিনীসকলৰ দ্বাৰা পৰিচালিত খ্ৰীষ্টান বিদ্যালয়সমূহ পৰিদৰ্শন কৰে আৰু খ্ৰীষ্টান ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়সংলগ্ন অনাথাশ্ৰমসমূহ দেখা পায়। সেইসূত্ৰে হিন্দু সমাজত অনাথ আৰু বিধৱাসকলৰ বাবে আশ্ৰয়গৃহ স্থাপনৰ প্ৰয়োজনীয়তা তেওঁ অনুভৱ কৰে।৬ ১৯১৬ চনত তদানীন্তন ট্ৰেভাংকোৰৰ ৰজা শ্ৰীমূলম থিৰুনালৰ ৬০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত এখন মহিলা সন্মিলনত চিন্নাম্মাই নিজৰ এই পৰিকল্পনাৰ কথা উত্থাপন কৰে, যদিও কোনোবাই ইয়াক সমৰ্থন কৰা নাছিল।৬
মহিলা সংঘৰ নেত্ৰী মিছেছ পি. ৰামন থাম্পিয়ে ‘শাস্তিপূৰ্তি মহোৎসৱ’ (৬০ বছৰীয়া জন্মউদযাপন) আয়োজন কৰি চিন্নাম্মাক ইয়াৰ দায়িত্ব অৰ্পণ কৰে। উদযাপনৰ পিছত তেওঁৰ হাতত ২০০ টকাৰ উদ্বৃত্ত ধন থাকে।৬ অৱশিষ্ট ধন কেনেদৰে ব্যৱহাৰ কৰা হ’ব সেই আলোচনা চলাকালীন চিন্নাম্মাই পুনৰ দৰিদ্ৰ মহিলাৰ বাবে আশ্ৰয়গৃহ স্থাপনৰ প্ৰয়োজনীয়তাৰ কথা উত্থাপন কৰে। প্ৰথমে তীব্ৰ বিৰোধিতা থাকিলেও পিছলৈ মিছেছ ৰামন থাম্পিয়ে এই প্ৰস্তাৱ সমৰ্থন কৰে।৬ তাত চিন্নাম্মাই এক প্ৰভাৱশালী ভাষণ আগবঢ়ায়, যাৰ সাৰমৰ্ম আছিল—“ইয়াত সমবেত হোৱা আমাৰ বহুতৰ খাদ্য আৰু বস্ত্ৰৰ অভাৱ নাই। কিন্তু বহু মহিলা এই মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ ভিক্ষা কৰিবলৈ বাধ্য হয়। আপোনালোকৰ কিছুমানে হয়তো এই দৃশ্য দেখা নাথাকিব। কিন্তু যদি আমাৰ হৃদয় থাকে, তেন্তে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত ইমান অৱদান আগবঢ়োৱা ৰজাৰ সন্মানৰ খাতিৰত এই অসহায় মহিলাসকলক সহায় কৰিব লাগিব।”৬
এই ভাষণৰ ফলত ১৯১৮ চনত তিৰুবনন্তপুৰমত ৰাজা শ্ৰীমূলম থিৰুনাল শাস্ত্যব্দা পূৰ্থী স্মাৰকা হিন্দু মহিলা মন্দিৰম প্ৰতিষ্ঠা কৰা হয়।৬ তেওঁ ইয়াক দৰিদ্ৰ ছোৱালীবিলাকৰ বাবে শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠান হিচাপে বিকশিত কৰে।২ তেওঁ মহিলা মন্দিৰ নামৰ এখন মহিলা সাময়িকীও চলাইছিল।২ মহিলা মন্দিৰৰ কামত শিক্ষকসকলক ব্যৱহাৰ কৰাৰ অভিযোগ উঠাৰ পিছত তেওঁক বিদ্যালয় পৰিদৰ্শকৰ পদৰ পৰা অপসাৰণ কৰা হয়।৬ পিছলৈ তেওঁ পেট্টা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখ্য শিক্ষয়িত্ৰী হয়।৬ সেই সময়ত কেৰালাত প্ৰচলিত অস্পৃশ্যতা প্ৰথাক উপেক্ষা কৰি তেওঁ নিম্নবৰ্ণৰ ছোৱালীবিলাকক বিদ্যালয়ত ভৰ্তি কৰাইছিল।৬
পিছলৈ চিন্নাম্মাই নিজৰ চাকৰি ত্যাগ কৰি মহিলা মন্দিৰৰ কামত পূৰ্ণসময় নিয়োজিত হয়।৩ এই প্ৰতিষ্ঠানৰ বাবে ধন সংগ্ৰহ কৰিবলৈ তেওঁ বহু ঠাই ভ্ৰমণ কৰিছিল।৩
সম্মাননা
মহিলা মন্দিৰ আৰু ইয়াৰ নেতৃত্বৰ বাবে চিন্নাম্মাক জৱাহৰলাল নেহৰু আৰু এনি বেছাণ্টকে ধৰি বহু জাতীয় নেতাই প্ৰশংসা কৰিছিল।৭ তিৰুবনন্তপুৰমস্থিত চিন্নাম্মা স্মাৰক গাৰ্লছ হাই স্কুল তেওঁৰ নামত নামকৰণ কৰা হৈছে।৪ তেওঁৰ অৱদানৰ স্মৃতিত মহিলা মন্দিৰে শতবৰ্ষ উদযাপনৰ অংশ হিচাপে ১০০ গৰাকী ছাত্ৰীক শিক্ষাসাহায্য প্ৰদান কৰে।৮
২০১৯ চনৰ নৱেম্বৰত ভাৰতীয় ডাক বিভাগে এছ এম এছ এছ হিন্দু মহিলা মন্দিৰামৰ শতবৰ্ষ উপলক্ষে বিশেষ স্মাৰক খাম প্ৰকাশ কৰে, য’ত কে চিন্নাম্মাৰ ছবি সংবলিত বিশেষ ডাকটিকট সংযোজিত আছিল।৯
তথ্যসূত্ৰ
- ↑ THE WEEK
- ↑ (27 March 2021). കെ ചിന്നമ്മ. Kerala Women. Department of Women and Child Development, Kerala state
- ↑ ഇത് ചിന്നമ്മയുടെ കഥ, പൂജപ്പുര മഹിളാ മന്ദിരത്തിന്റേയും. Mathrubhumi
- ↑ Sathyendran, Nita. (19 March 2015). For women, by women. The Hindu
- ↑ (8 October 2021). ദിഗംബര സ്മരണകൾ 208;"രണ്ട് കൂട്ടുകാരികൾ, കെ. ചിന്നമ്മയും ബി.കല്യാണി അമ്മയും";എം.രാജീവ് കുമാർ. anweshanam.com
- ↑ (8 January 2020). Remembering Kerala's Chinnamma, who opened state's first home for destitute women. The News Minute
- ↑ Malayalam, Media. (22 November 2021). ഇത് ചിന്നമ്മയുടെ കഥ, പൂജപ്പുര മഹിളാ മന്ദിരത്തിന്റേയും - Media Malayalam (മീഡിയ മലയാളം)
- ↑ (12 November 2019). 'Children' of Mahila Mandiram Come Home to Thank 'Mothers'. News Experts
- ↑ (28 November 2019). India Post Issues Special Cover To Mark Centenary Of Mahila Mandiram - Kerala9.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে চিন্নাম্মা” প্ৰবন্ধৰ সংশোধন ৫৮২৩৮৭ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।