অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নটৰ-ডেমৰ কেথেড্ৰেল

নটৰ-ডামৰ কেথেড্ৰেল (Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৪ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৩৯
সংশোধনৰ পৰামৰ্শ

নটৰ-ডামৰ কেথেড্ৰেল (Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷

অৱস্থিতি

এখন মনোৰম ঠাইত এই কেথেড্ৰেলটো অৱস্থিত৷ পেৰিছৰ ছিন(Seine) নদী এই ঠাইতে দুটা ধাৰাত বিভক্ত হৈছে৷ জলধাৰা দুটা কিছুদূৰ গৈ পুনৰ একক নদীৰূপে বৈ গৈছে৷ দুই জলধাৰাৰ মাজতে সৃষ্টি হৈছে এটা নদীদ্বীপ৷ এই দ্বীপটোৰ ওপৰতে নটৰ-ডাম কেথেড্ৰেল দণ্ডায়মান৷

নিৰ্মাণ

মৰিছ দা ছালি নামৰ বিছপ এজনে ১১৬৩ চনত কেথেড্ৰেলটোৰ নিৰ্মাণ আৰম্ভ কৰে৷ প্ৰায় ১৮৭ বছৰৰ পাছত ১৩৫০ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়৷ কেথেড্ৰেলটোৰ দীঘ প্ৰায় ৪৫০ ফুট আৰু প্ৰস্থ ১৭৫ ফুট৷ সমুখত মুকলি বিস্তীৰ্ণ চোতালেৰে আবৃত নটৰ-ডাম কেথেড্ৰেলৰ সন্মুখৰ ভাগটো আটাইতকৈ আকৰ্ষণীয়৷ এই অংশটো তিনিটা সমান্তৰাল ভাগত বিভক্ত৷ একেবাৰে তলৰপৰা পৰস্পৰ তিনিখন দুৱাৰ৷ মাজৰ দুৱাৰখন আটাইতকৈ ডাঙৰ৷ ইয়াৰ ঠিক মাজতে আছে যিছুখ্ৰিষ্টৰ মূৰ্তি৷ কাষৰ দুৱাৰ দুখন আকাৰত কিছু সৰু৷ তিনিওখন দুৱাৰৰ ওপৰতে বিভিন্ন নক্সা সম্বলিত তিনিখন আটক ধুনীয়া খিৰিকি আছে৷ গথিক আৰ্হিৰ দুটা সুউচ্চ স্তম্ভই কেথেড্ৰেলটোক অধিক আকৰ্ষণীয় কৰি তুলিছে৷ কেথেড্ৰেলটোৰ ছাদৰ মাজৰপৰা ওপৰলৈ ক্ৰমশ: চিয়াঁ হৈ যোৱা গগনচুম্বী এটা চূড়া আছে৷

তথ্য সংগ্ৰহ

জ্ঞানাঞ্জন (১৬ - ৩১ মে' ২০১২) প্ৰান্তিক খণ্ড ৩১শ বছৰ (১২শ সংখ্যা ) ২২

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

গীৰ্জাঘৰফ্ৰান্সবিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নটৰ-ডেমৰ কেথেড্ৰেল” প্ৰবন্ধৰ সংশোধন ৪৩০৩৫৩ (১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।