ছেণ্ট পিটাৰছ বেছিলিকা (St. Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।<ref name="গ্ৰন্থ ১"১
এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ্জা আছিল আৰু জনশ্ৰুতিমতে প্ৰথম পোপ ছেণ্ট পিটাৰছৰ (মৃত্যু ৬৭ খ্ৰিষ্টাব্দ) সমাধিৰ স্থান তাতেই আছিল। ১৫০৬ চনত পোপ দ্বিতীয় জুলিয়াছে ছেণ্ট পিটাৰছ বেছিলিকাৰ কাম আৰম্ভ কৰে আৰু ১৬১৫ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়।
নিৰ্মাণ শৈলী
পবিত্ৰ 'ক্ৰুছ'ৰ আকৃতিত ইয়াৰ ডিজাইন কৰা হৈছে। তাৰ ওপৰত এটা ডাঙৰ গম্বুজ আছে। প্ৰথম নিৰ্মাণৰ পাছৰ পৰ্যায়তো নানা সময়ত স্থপতিবিদ, ভাস্কৰ, চিত্ৰ শিল্পীসকলৰ নতুন নতুন কামৰ জৰিয়তে ই বৰ্তমানৰ ৰূপ পাইছেহি। ইটালীৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলে এই গিৰ্জাৰ অন্তৰ্ভাগৰ অলংকৰণৰ ভালেখিনি কাম কৰিছিল। গিৰ্জাটোৰ ভিতৰৰ অংশও সুন্দৰ সুন্দৰ চিত্ৰ আৰু ভাস্কৰ্যকৃতিৰে সুশোভিত কৰা হৈছে।
ইয়াতে আছে ইটালীৰ চিত্ৰশিল্পী মাইকেলেঞ্জেল'ৰ প্ৰসিদ্ধ শিল্পকৰ্ম 'পিয়েটা'। বিশ্বৰ বৃহত্তম গিৰ্জা ছেণ্ট পিটাৰছ বেছিলিকাৰ দৈঘ্য ২১৮.৭ মিটাৰ (৭১৭ ফুট ৬ইঞ্চি)। উচ্চতা ১৩৬.৫৭ মিটাৰ (৪৪৮.১ ফুট )। গিৰ্জাটোৰ মাটিকালি ২৩,০০০ বৰ্গমিটাৰ (২,৪৭,৫৭২ বৰ্গ ফুট)।
বৈশিষ্ট্য
উল্লেখযোগ্য যে মাজত খুটা নোহোৱাকৈ নিৰ্মাণ কৰা ছেণ্ট পিটাৰছ বেচিলিকা বিশ্বৰ এনেধৰণৰ প্ৰথম সৌধ। দ্বিতীয় হৈছে কৰ্ণাটকৰ গোল গম্বুজ। গিৰ্জাটোৰ চৌহদত একেলগে দুই লাখ লোক সমবেত হ'ব পাৰে।
বাহ্যিক সংযোগ
- Vaticanstate.va ‒ Official website with images and information about the Basilica
- Vatican.va ‒ Official website with contact details
- St Peter's Basilica.org - Unofficial website on the architecture of the basilica, with images and extracts of texts gathered from different books.
- Google Maps: Vatican ‒ Satellite image of the Basilica
- Vatican City, Piazza San Pietro ‒ VR panorama with map and compass effect by Tolomeus
- Vatican City, Piazza San Pietro ‒ QTVR panorama hi-res (15 Mb) by Tolomeus
তথ্যসূত্ৰ
- ↑ (২০১৩). জ্ঞানাজ্ঞন. প্ৰান্তিক. পৃ. ৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট পিটাৰ্ছ বেছিলিকা” প্ৰবন্ধৰ সংশোধন ৪৩০৩৪৪ (১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।