অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুষ্কা শংকৰ

অনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি শংকৰৰ জী।

হালনাগাদ: ১৬ জুলাই ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি শংকৰৰ জী।

প্ৰাথমিক জীৱন

অনুষ্কা শংকৰৰ জন্ম হৈছিল লণ্ডনত আৰু তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দিল্লী আৰু লণ্ডন-এই দুয়োখন ঠাইত। তেওঁৰ মাকৰ নাম সুকন্যা শংকৰ আৰু পিতা পণ্ডিত ৰবি শংকৰ। অনুষ্কা শংকৰৰ জন্মৰ সময়ত ৰবি শংকৰৰ বয়স হৈছিল ৬১ বছৰ। দেউতাকৰ ফালৰ পৰা অনুষ্কা শংকৰ গায়িকা ন’ৰা জ’নছ আৰু শুভেন্দ্ৰ শুভ শংকৰৰ ভগ্নী।১

কৈশোৰৰ কালছোৱাত অনুষ্কা শংকৰে কেলিফৰ্ণিয়াত বসবাস কৰিছিল আৰু ছান ডিয়েগো স্কুল অকাডেমীত নামভৰ্তি কৰিছিল। তাৰপাছতে মহাবিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তে তেওঁ সংগীতকে নিজৰ কেৰিয়াৰ হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেৰিয়াৰ

অনুষ্কা আৰু ৰবি শংকৰ, এক সংগীতৰ অনুষ্ঠানত, ২০০৫
অনুষ্কা আৰু ৰবি শংকৰ, এক সংগীতৰ অনুষ্ঠানত, ২০০৫ছবি: Pandit Ravi Shankar Concert 2005.jpg: Revanta Banerji derivative work: Hekerui · CC BY-SA 3.0

সাত বছৰ বয়সৰ পৰাই দেউতাক ৰবি শংকৰৰ পৰা তেওঁ চেতাৰৰ শিক্ষা আৰম্ভ কৰা অনুষ্কা শৰ্মাই দহ বছৰ বয়সত দেউতাকক তেওঁৰ অনুষ্ঠান সমূহত তানপুৰা সংগত কৰিবলৈ আৰম্ভ কৰে। ১৯৯৫ চনৰ ২৭ ফেব্ৰৱাৰী তাৰিখে, দেউতাকৰ ৭৫ বৰ্ষীয় জন্মদিনৰ উপলক্ষে নতুন দিল্লীৰ চিৰিফৰ্টত পতা এক অনুষ্ঠানত অনুষ্কা শৰ্মাই মাত্ৰ ১৩ বছৰ বয়সতে জীৱনৰ প্ৰথম চেতাৰবাদন প্ৰদৰ্শন কৰে। তেওঁৰ এই অনুষ্ঠানত তবলাত সহযোগ কৰিছিল বিশিষ্ট তবলা বাদক, সংগীতজ্ঞ জাকিৰ হুছেইনে। পুনৰ দেউতাকৰ জন্মদিনৰ উপলক্ষেই তেওঁ বিশেষভাৱে In Celebration শীৰ্ষক four-CD box মুকলি কৰে, যি আছিল তেওঁৰ প্ৰথম ষ্টুডিঅ ৰেকৰ্ডিং। চৈধ্য বছৰ বয়সৰ পৰা তেওঁ দেউতাকৰ সকলোবোৰ অনুষ্ঠানতেই সহযোগী হিচাপে অংশ লবলৈ আৰম্ভ কৰে। ষোল্ল বছৰ বয়সত তেওঁ এঞ্জেল ৰেকৰ্ডছৰ সৈতে প্ৰথমবাৰৰ বাবে ৰেকৰ্ডিঙৰ চুক্তি সম্পন্ন কৰে।

তেওঁৰ প্ৰথম এলবাম অনুষ্কা ১৯৯৮ চনত মুক্তি পায় আৰু ২০০০ চনত মুক্তি পায় অনুৰাগ শীৰ্ষক এলবামটি। ১৯৯৯ চনৰ পাছত তেওঁ নিজকে সংগীতৰ লগত জড়িত কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আনুষ্ঠানিক শিক্ষা তেতিয়াই সমাপ্ত কৰে। ২০০৩ চনত তেওঁ নিজৰ তৃতীয় এলবাম লাইভ এট কাৰ্নেগী হল-ৰ বাবে গ্ৰেমী বঁটাৰ বাবে তেওঁৰ ভগ্নী ন'ৰা জনছৰ লগতে নিৰ্বাচন লাভ কৰে। কম বয়সতে এই সন্মান লাভ কৰা বিশ্বৰ তেওঁ প্ৰথম মহিলা আছিল।

অভিনয় আৰু লিখনি

অনুষ্কা শংকৰে ২০০২ চনত তেওঁৰ দেউতাকৰ জীৱনী বাপী: দ্য লাভ অব মাই লাইফ গ্ৰন্থখনি ৰচনা কৰে। তেওঁ লগতে আন কেইবাখনো অন্যান্য গ্ৰন্থৰ প্ৰণেতা।

বঁটা

  • British House of Commons Shield, 1998২
  • ২০০৩ চনত "বৰ্ষটোৰ মহিলা" শীৰ্ষক বঁটা লাভ১
  • টাইম আলোচনীৰ এছিয়া মহাদেশ সংস্কৰণৰ 20 Asian Heroes শীৰ্ষক তালিকাত স্থান লাভ টাইম ২০০৪ চন
  • ২০০৩ চনত তেওঁ নিজৰ তৃতীয় এলবাম "লাইভ এট কাৰ্নেগী হল"ৰ বাবে গ্ৰেমী বঁটাৰ বাবে তেওঁৰ ভগ্নী ন’ৰা জ’নছৰ লগতে নিৰ্বাচন লাভ কৰে। কম বয়সতে এই সন্মান লাভ কৰা বিশ্বৰ তেওঁ প্ৰথম মহিলা আছিল।
  • RISE এলবামৰ কাৰণে গ্ৰেমী বঁটাৰ মনোনয়ন লাভ
  • Traveller এলবামৰ কাৰণে ২০১৩ চনত তৃতীয়বাৰৰ মনোনয়ন লাভ
  • Traces of You এলবামৰ কাৰণে ২০১৪ চনত মনোনয়ন লাভ
  • ২০১২ চনত Traveller এলবামৰ কাৰণে শ্ৰেষ্ঠ শিল্পীৰ বঁটা লাভ (Songlines Music Award)৩

তথ্যসূত্ৰ

  1. ↑ Anoushka Shankar Biography. Musician Biographies. Net Industries
  2. ↑ De Cruz, Errol. (27 February 2001). Shankar guru a left-handed genius. New Straits Times
  3. ↑ Songlines - Music Awards - 2012 - Winners. Songlines (magazine)

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰীভাৰতীয় গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুষ্কা শংকৰ” প্ৰবন্ধৰ সংশোধন ৬১৭৬২৭ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।