অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘনকান্ত বৰা বৰবায়ন

ঘনকান্ত বৰা বৰবায়ন (১৯৫০-) অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু। তদুপৰি তেওঁ এগৰাকী বাদক (instrumentalist), কৰিঅ’গ্ৰাফাৰ আৰু লেখক। বৰবায়নে ২০০১ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৫ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঘনকান্ত বৰা বৰবায়ন (১৯৫০-) অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু।১২ তদুপৰি তেওঁ এগৰাকী বাদক (instrumentalist), কৰিঅ’গ্ৰাফাৰ আৰু লেখক। বৰবায়নে ২০০১ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।৩

শৈশৱ

ঘনকান্ত বৰাৰ জন্ম হয় ১৯৫০ চনত মাজুলীত। চাৰিবছৰ বয়সতে তেওঁ মাজুলীৰ কমলাবাৰী সত্ৰৰ নিবাসী হয়। ছবছৰ বয়সৰ পৰা তেওঁ বৈষ্ণৱ সংস্কৃতিৰ প্ৰসিদ্ধ গুৰুৰ মণিৰাম দত্ত মুক্তিয়াৰ বৰবায়নৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰে। তদুপৰি বৈষ্ণৱ সংস্কৃতিৰ আন এগৰাকী পুৰোধা শ্ৰী ৰাজেশ্বৰ শইকীয়া বৰবায়নে তেওঁক নৃত্য, বায়ন আৰু ওজাপালিৰ শিক্ষা দিয়ে। বৰাই এই প্ৰশিক্ষণসমূহ সফলতাৰে সমাপ্ত কৰি কম বয়সতে বৰবায়ন উপাধি লাভ কৰে।৪

কৰ্মজীৱন

কমলাবাৰী সত্ৰতে সত্ৰৰ শিষ্যসকলৰ প্ৰশিক্ষণৰ বাবে অধ্যাপক হিচাপে ঘনকান্ত বৰা বৰবায়নে কেৰিয়াৰ আৰম্ভ কৰে। ১৯৭১ চনত তেওঁ শ্বিলঙৰ বিষ্ণুপুৰ কলা কেন্দ্ৰত সত্ৰীয়া নৃত্যৰ শিক্ষক হিচাপে যোগদান কৰে। ১৯৭৪ চনত তেওঁক নতুন দিল্লীত প্ৰতিষ্ঠা হোৱা শংকৰদেৱ সাংস্কৃতিক প্ৰতিষ্ঠান (Sanakardeva Cultural Institute) ত সত্ৰীয়া নৃত্য আৰু ভাওনাৰ শিক্ষক হিচাপে নিয়োগ কৰা হয়। এবছৰ পিছত অৰ্থাৎ ১৯৭৫ চনত তেওঁ গুৱাহাটীলৈ উভতি আহি সংগীত সত্ৰত যোগ দিয়েহি।

১৯৮০ চনত বৰবায়নে অসমৰ ৰাজ্যিক সংগীত মহাবদ্যালয়ত সত্ৰীয়া নৃত্যৰ শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিবলৈ লয়। ১৯৮৭ চনত তেওঁ সত্ৰীয়া কলা কেন্দ্ৰ নামেৰে নিজাকৈ এক প্ৰতিষ্ঠান স্থাপন কৰে।২ পৰৱৰ্ত্তীকালত তেওঁ সমগ্ৰ অসমত ২৫ খনতকৈও অধিক সত্ৰীয়া নৃত্য আৰু সংস্কৃতিৰ প্ৰতিষ্ঠান স্থাপন কৰিছে।

ঘনকান্ত বৰবায়নে ভাৰতৰ বিভিন্ন অনুষ্ঠানত সাংগিতীক অনুষ্ঠান পৰিবেশন কৰি আহিছে।৫ তদুপৰি দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশ যেনে মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াত তেওঁ সত্ৰীয়া নৃত্য আৰু খোল বাদন পৰিবেশন কৰি আহিছে।

তেওঁ সত্ৰীয়া নৃত্য সম্পৰ্কীয় দুখন গ্ৰন্থও ৰচনা কৰিছ-১) মাটি আখৰা আৰু ২) খোল শিক্ষা২

বঁটা আৰু সন্মান

ঘনকান্ত বৰা বৰবায়ন বৰ্ত্তমান অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া গীত আৰু নৃত্য বিভাগৰ মুৰব্বী অধ্যাপক। তদুপৰি তেওঁ গুৱাহাটীৰ মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ সন্মানীয় পৰিচালক।

২০০১ চনত ঘনকান্ত বৰা বৰবায়নে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।৩ ২০১৩ চনত ভাৰত চৰকাৰে সত্ৰীয়া নৃত্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sumathi, Saigan Connection. Sattriya Dancers in Assam, India. Narthaki.com
  2. ↑ (26 April 2002). The Tribune, Chandigarh, India – Arts Tribune. Tribuneindia.com
  3. ↑ Archived copy
  4. ↑ Ghanakanta Bora "Barbayan": Sattriya Sanskritir Otit Aru Bortomanor Xetu by Mrs. Dipali Dutta Bordoloi
  5. ↑ Kids Portal for Parents – Site Map. 4to40
  6. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবাদ্যযন্ত্ৰীঅসমীয়া নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘনকান্ত বৰা বৰবায়ন” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৭৭ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।