অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্যাণ বৰুৱা

কল্যাণ বৰুৱা অসমৰ এজন গীটাৰবাদক। কল্যাণ বৰুৱাৰ জন্ম ডিব্ৰুগড় জিলাত। বৰুৱাই ১৫০ খনৰো অধিক জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত গীটাৰবাদক হিচাপে কাম কৰাৰ লগতে এম টিভিৰ ক’ক ষ্টুডিঅ’, আনপ্লাগ্‌ড্‌ৰ দৰে অনুষ্ঠানত গীটাৰবাদন কৰি আহিছে।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৪ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কল্যাণ বৰুৱা অসমৰ এজন গীটাৰবাদক।১ কল্যাণ বৰুৱাৰ জন্ম ডিব্ৰুগড় জিলাত। বৰুৱাই ১৫০ খনৰো অধিক জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত গীটাৰবাদক হিচাপে কাম কৰাৰ লগতে এম টিভিৰ ক’ক ষ্টুডিঅ’, আনপ্লাগ্‌ড্‌ৰ দৰে অনুষ্ঠানত গীটাৰবাদন কৰি আহিছে। ২

শৈশৱ আৰু শিক্ষা

কল্যান বৰুৱাৰ জন্ম হয় ডিব্ৰুগড়ৰ অসম চিকিত্‍সা মহাবিদ্যালয়ত। পিতৃ প্ৰমোদ বৰুৱা আৰু মাতৃ চন্দ্ৰপ্ৰভা বৰুৱা। বনবিভাগত চাকৰিয়াল পিতৃৰ সৰুৰে পৰা বিভিন্ন ঠাইত থাকিব লগা হোৱাৰ বাবে, বৰুৱাৰ বিভিন্ন সংস্কৃতি আৰু সংগীতৰ সৈতে চিনাকি হয়। মাতৃৰ বিয়োগৰ পাছত বৰুৱা ডাঙৰ বায়েক মিণু বণিয়া আৰু ভিনিহিয়েক ইন্দ্ৰ বণিয়াৰ লগত থাকিবলৈ গুৱাহাটীলৈ গুচি আহে। কটন কলেজিয়েট হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি তেওঁ, কটন বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১

সংগীতৰ কেৰিয়াৰ

কলেজত থকা সময়ত গীটাৰ বাদন কৰি বৰুৱা বন্ধুবৰ্গৰ মাজত জনপ্ৰিয় হৈ পৰে, অসমত থকা সময়ত তেওঁ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জিতুল সোণোৱাল আদি শিল্পীৰ সংগীতত গীটাৰ বাদন কৰে। স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ এটা চাকৰিতো যোগদান কৰে। আই.আই.টি. গুৱাহাটীত অনুষ্ঠিত হোৱা এখন সংগীত প্ৰতিযোগিতাই বৰুৱাৰ বাবে মুম্বাইৰ দুৱাৰ মুকলি কৰে, এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ গীটাৰবাদকৰ সন্মান লাভ কৰি ১৯৯১ চনত চাকৰি বাদ দি তেওঁ তেওঁ মুম্বাইলৈ যায়।৩ ২

প্ৰথমাৱ্স্থাত তেওঁ বিভিন্ন জিংগলচ্‌ আৰু টিভিৰ বাণিজ্যিক বিজ্ঞাপনত গীটাৰ বজায়। পাছলৈ তেওঁ আন আন বিখ্যাত সংগীত শিল্পীৰ সৈতে সংগীতৰ লাইভ শ্বোত ভাগ ল’বলৈ সুবিধা লাভ কৰে। কে.কে.,লাকী আলি, আদ্‌নান চামী আদি শিল্পীৰ সৈতে বিভিন্ন লাইভ শ্ব’ত ভাগ লোৱাৰ পাছত, কহ’ না প্যাৰ হে’ বোলছবিৰ জৰিয়তে প্ৰথমবাৰলৈ তেওঁ বলিউডী সংগীতত গীতাৰ বাদন কৰাৰ সুবিধা লাভ কৰে। এই বোলছবিখনত তেওঁ ক্যোঁ চলতী হেই পৱণ আৰু এক পল্‌ কা জীনা গীত দুটিত গীতাৰ বাদন কৰে। ১

ডিস্কগ্ৰাফী

ব্যক্তিগত জীৱন

বৰুৱাই পত্নী বনশ্ৰীক মুম্বাইতে লগ পাই আৰু পাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান অয়ন আৰু লিবনে বৰ্তমান মুম্বাইতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি আছে। পত্নী বনশ্ৰী এগৰাকী সংগীত শিল্পী।১

তথ্যসূত্ৰ

  1. ↑ জ্যোতিকা মহন্ত. (28/11/2011 - 16:47). Kalyan Baruah, the Guitarist. Assam Times
  2. ↑ Kalyan Baruah (lead guitarist in KKs band). themesmerizer.com
  3. ↑ Coke Studio: Featured Artist Kalyan Baruah. Coke Studio @ Mtv India

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪০৪৩০৬ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।