অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাগিনী ত্ৰিবেদী

ৰাগিনী ত্ৰিবেদী (Ragini Trivedi; জন্ম: ২২ মাৰ্চ ১৯৬০) হৈছে ভাৰতৰ এগৰাকী ধ্ৰুপদী সংগীতশিল্পী। তেখেতে বিচিত্ৰ বীণা, চিতাৰ আৰু জল তৰংগ পৰিৱেশন কৰে। তেখেত মিশ্ৰবাণীৰ এগৰাকী অগ্ৰণী আৰু ওম স্বৰলিপি নামৰ ডিজিটেল স্বৰলিপি প্ৰণালীৰ উদ্ভাৱক।

হালনাগাদ: ৬ মাৰ্চ ২০২১ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাগিনী ত্ৰিবেদী (Ragini Trivedi; জন্ম: ২২ মাৰ্চ ১৯৬০) হৈছে ভাৰতৰ এগৰাকী ধ্ৰুপদী সংগীতশিল্পী। তেখেতে বিচিত্ৰ বীণা, চিতাৰ আৰু জল তৰংগ পৰিৱেশন কৰে। তেখেত মিশ্ৰবাণীৰ এগৰাকী অগ্ৰণী আৰু ওম স্বৰলিপি নামৰ ডিজিটেল স্বৰলিপি প্ৰণালীৰ উদ্ভাৱক।১

সংক্ষিপ্ত জীৱন

ৰাগিনী ত্ৰিবেদীৰ জন্ম হৈছিল ভাৰতৰ কানপুৰত। তেখেতৰ পিতৃ লালমণি মিশ্ৰ এগৰাকী প্ৰখ্যাত সংগীতশিল্পী। ১৯৬৯ চনত পিতৃয়ে ফিলাডেলফিয়াৰ পেন ইউনিভাৰ্ছিটিৰ অধীনস্থ দক্ষিণ-ভাৰতীয় সংগীত শিক্ষা বিভাগত এগৰাকী অনাৱাসিক অধ্যাপক হিচাপে কৰ্মৰত আছিল। ফিলাডেলফিলায়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰা একাংশ শিক্ষাৰ্থী পৰৱৰ্তী সময়ত তেখেতৰ লগতে বেনাৰসৰ বিশ্ববিদ্যালয়লৈও আহিছিল। পিতৃয়ে দেশ-বিদেশৰ প্ৰায় ডেৰশখন চহৰ আৰু নগৰ পৰিভ্ৰমণ কৰিছে। তেখেতৰ নিজাকৈ এখন সংগীত বিদ্যালয়ো স্থাপন কৰিছিল। ৰাগিনী জন্মৰ আগতে তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাদ্যযন্ত্ৰী বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত আছিল। ৰাগিনীক সংগীতৰ লগত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত মাতৃ পদ্মাই আগভাগ লৈছিল। ভ্ৰাতৃ গোপাল শংকৰো সংগীতৰ প্ৰতি আকৃষ্ট হৈছিল। বাৰাণসীত থাকোঁতে, তেওঁলোকৰ পৰিয়ালটো ৰেৱা কোথীৰ দ্বিতীয় মহলাত আছিল। সেইটো আবাসস্থলীৰে তলৰ মহলাত কণ্ঠশিল্পী ওমকাৰনাথ ঠাকুৰেও বাস কৰিছিল। ১৯৭৭ চনৰ ৯ এপ্ৰিলত মাতৃ পদ্মাৰ দেহাৱসান ঘটে। তাৰ ঠিক দুবছৰৰ পাছতে, ১৯৭৯ চনৰ ১৭ জুলাইত পিতৃৰ দেহাৱসান ঘটে। ৰাগিনী আৰু তেখেতৰ ভ্ৰাতৃ গোপালে সংগীতৰ সাধনা আৰু অভ্যাসৰ জৰিয়তে নিজকে পৰিপক্ব কৰিছিল। ১৯৮০ চনত ৰাগিনীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এম. মিউছত সোণৰ পদক অৰ্জন কৰে। ১৯৮৩ চনত তেখেতে কে.চি. গেংগৰেডৰ অধীনত ডি.মিউছৰ শিক্ষা সমাপন কৰে। কিছু সময়ৰ বাবে তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে আৰু পৰৱৰ্তী সময়ত ৰাগিনীয়ে হৌশংগাবাদ, ৰেৱা আৰু ইন্দোৰৰ চৰকাৰী শিক্ষানুষ্ঠানত চিতাৰ শিকায়। উল্লেখনীয় যে, ৰাগিনী আৰু তেখেৰ ভ্ৰাতৃ গোপাল শংকৰ মিশ্ৰই পিতৃ-মাতৃৰ লগত ফিলাডেলফিয়াত এবছৰ থাকিছিল। ফিলাডেলফিয়াত শিক্ষাগ্ৰহণৰ কালছোৱাত ৰাগিনীয়ে পিয়ানো শিকে আৰু কম সময়ৰ ভিতৰতে পৰিপক্বতা অৰ্জন কৰে।১

জলতৰংগ, JalTarang Omenad
জলতৰংগ, JalTarang Omenadছবি: en:User:Ghanonmatta · Public domain

ৰাগিনী ত্ৰিবেদীয়ে পোনপ্ৰথমে ৰেডিঅ'ৰ যুৱ বাণী অনুষ্ঠানত জল তৰংগ পৰিৱেশন কৰিছিল। অৱশ্যে তেখেতে পোনপ্ৰথমে মঞ্চত পৰিৱেশন কৰা বাদ্যবিধ আছিল চিতাৰ। ১৯৮২ চনত তেখেতে ভূপালৰ আৰম্ভ মহোৎসৱত পৰিৱেশন কৰে। পৰৱৰ্তী সময়ত তেখেতে মধূকলিত ১৯৮৬ আৰু ১৯৯৪ চনত চিতাৰ পৰিৱেশন কৰিছিল। ২০০৬ চনৰ ডিচেম্বৰ মাহত তেখেতে প্ৰথমা মহোৎসৱত জল তৰংগ পৰিৱেশন কৰে। মধূকলিৰ লগত সহ-উদ্যোগত ভাৰত ভৱনে তেখেতক ২০১৩ চনৰ জানুৱাৰী মাহত বিচিত্ৰ বীণা ৰিচাইটেল অনুষ্ঠানলৈ আমন্ত্ৰিত কৰে। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত তেখেতে ডা০ মল্লিকাৰ্জুন মনচুৰ স্মাৰক মহোৎসৱত পৰিৱেশন কৰে।

প্ৰকাশিত গ্ৰন্থপুঞ্জী

  • Raga Vibodh: Misrabani. Hindi Madhyam Karyanvaya Nideshalaya: Delhi. ২০১০
  • Sitar Compositions in Ome Swarlipi. . ২০১১
  • Raga Vibodh: Misrabani Vol. 2. Hindi Madhyam Karyanvaya Nideshalaya: দিল্লী ২০১৩

তথ্যসূত্ৰ

  1. ↑ INTRODUCTION

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগিনী ত্ৰিবেদী” প্ৰবন্ধৰ সংশোধন ২৬৬৪৭৫ (৬ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।