কেম্বেন (জাভানিজ: ꦏꦼꦩ꧀ꦧꦼꦤ꧀, ইণ্ডোনেছিয়ান: kemban) হৈছে জাভা, বালি আৰু ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ অন্যান্য অংশত ঐতিহাসিকভাৱে সাধাৰণ ইণ্ডোনেছিয়ান মহিলাই শৰীৰত মেৰিয়াই লোৱা বস্ত্ৰ বিশেষ। এই বস্ত্ৰ সাধাৰণ, বাটিক প্ৰিণ্টেড, ভেলভেট বা যিকোনো ধৰণৰ কাপোৰৰ পৰা তৈয়াৰ কৰা হয়।১
ইতিহাস
দক্ষিণ-পূব এছিয়াৰ পৰম্পৰাগত বস্ত্ৰ কেবায়াৰ দ্ৰুত প্ৰচলনৰ আগতে জাভাৰ প্ৰাচীন আৰু ধ্ৰুপদী যুগত কেম্বেন আছিল আটাইতকৈ জনপ্ৰিয় আৰু মহিলাৰ সাধাৰণ সাজ-পোছাক ভিতৰত অন্যতম সাজ-পাৰ। কেম্বেন মাজাপাহিত যুগৰ মাতাৰাম চুলতানী শাসনলৈকে মহিলাৰ সাধাৰণ পৰিধান আছিল। কান্ধ উদং কৰি পৰিধান কৰা এই বস্ত্ৰবিধ আজিও ইণ্ডোনেছিয়াৰ বহু অনুষ্ঠান, পৰম্পৰাগত জাভা নৃত্য বা জাভানীজ কেৰাটনত অনুষ্ঠিত ৰাজকীয় অনুষ্ঠান সমূহত দেখা যায়।
কেম্বেনৰ উদং কান্ধক নান্দনিকতা, আড়ম্বৰ আৰু নাৰীত্বৰ প্ৰতিনিধিত্ব হিচাপে গণ্য কৰিব পাৰি। কিন্তু যোৱা দশকবোৰত জাভানৰ মুছলমান মহিলাসকলে নিজৰ পৰম্পৰাগত ফেশ্বন পৰিত্যাগ কৰি ইণ্ডোনেছিয়াত পূৰ্বে অপ্ৰচলিত হিজাবৰ দৰে ইছলামিক কাপোৰ পিন্ধাৰ বাবে কেম্বেনৰ ব্যৱহাৰ হ্ৰাস পাইছে। বৰ্তমান য়ুগ্যাকাৰ্টা আৰু সুৰাকাৰ্টা কেৰাটনৰ জাভাৰ ৰাজদৰবাৰত, বিশেষকৈ সম্ভ্ৰান্ত আৰু “আব্দি ডালেম” (abdi dalem, প্ৰসাদৰ দাসসকল) সকলেহে কেম্বেন পিন্ধাৰ পৰম্পৰা সংৰক্ষণ আৰু জীয়াই ৰাখিছে। কিন্তু শেহতীয়া বছৰবোৰত ইণ্ডোনেছিয়াৰ মুছলমান সম্প্ৰদায়ৰ মাজত ক্ৰমাৎ ৰক্ষণশীল ইছলামবাদ বৃদ্ধি পোৱাৰ বাবে ধ্ৰুপদী জাভানীজ সংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়েও বিতৰ্কৰ সৃষ্টি হৈছে।২
ব্যৱহাৰ
পৰম্পৰাগত কেম্বেন শৰীৰৰ চাৰিওফালে মেৰিয়াই পৰিধান কৰা হয়, কাপোৰখনৰ আঁচল ভাঁজ কৰা হয়, এডাল অতিৰিক্ত ৰছীৰে বান্ধি সুৰক্ষিত কৰা হয় আৰু পেটৰ চাৰিওফালে আংকিন (angkin) নামৰ এডাল সৰু কমৰবন্ধৰ সহায়ত পেট ঢাকি পিন্ধিব লাগে। কেৰাটনৰ ৰাজপ্ৰসাদৰ মহিলাসকলে পিন্ধা পৰম্পৰাগত জাভানীজ বাটিক কেম্বেনৰ বেছিভাগেই এই ধৰণৰ কেম্বেন।৩ বৰ্তমান পশ্চিমীয়া কৰ্চেটৰ দৰে বুটাম, ষ্ট্ৰেপ বা জিপাৰ ব্যৱহাৰ কৰি দেহত লিপিট খাই থকা কৈ চিলোৱা কেম্বেনো পোৱা যায়। জাভাৰ পৰম্পৰাগত মহিলা নৃত্যশিল্পীৰ কেম্বেন সাধাৰণতে ভেলভেটৰ চিলাই কৰা কৰ্চেটৰ পৰা তৈয়াৰ কৰা হয়।
ইণ্ডোনেছিয়াৰ বাহিৰত কেম্বেন
মালয় উপদ্বীপত কেম্বন মূলতঃ এক প্ৰকাৰৰ ছাৰং আৰু মালয়েছিয়াত বাজু কুৰুং আৰু বাজু কেবায়াৰ অধিক প্ৰচলনৰ পূৰ্বে অতি জনপ্ৰিয় কাপোৰৰ শৈলী আছিল। আভিজাত্য পৰিয়ালৰ মহিলাসকলে উন্নত মানৰ আৰু ডিজাইন কৰা কাপোৰৰ লগতে সোণ আৰু বহুমূলীয়া মুক্তা বা পাথৰেৰে নিৰ্মিত গহনাৰে সজ্জিত কৰি কেম্বেন পৰিধান কৰিছিল।৪ ৰ’দৰ তাপৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কাইন কেলুবুং (kain kelubung, চাদৰ) নামৰ এবিধ বস্ত্ৰৰে মূৰ ঢাকি লৈছিল আৰু গ্ৰীষ্মমণ্ডলীয় গৰমত নিজকে ঠাণ্ডা কৰিবলৈ ৰাখিবলৈ দেহৰ তলৰ অংশত কাইন কেম্বেন (kain kemban) পিন্ধিছিল। “চেজাৰা মেলায়ু”ৰ (মালয় এনালছ) মতে, মালাকানৰ ষষ্ঠ শাসক চুলতান মনছুৰ শ্বাহে মালয় মহিলাসকলক কেৱল কেম্বেন পিন্ধিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল কাৰণ ইয়াক ইছলামিক শিক্ষাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত লজ্জাবোধৰ বিপৰীত বুলি গণ্য কৰা হৈছিল।৫ বৰ্তমান মালয়েছিয়াৰ ধৰ্মপৰায়ণ ইছলামিক মালয় সম্প্ৰদায়ৰ খুব কম সংখ্যক মহিলাইহে কেম্বেন পৰিধান কৰে, তেওঁলোকে ইয়াত অতীতৰ স্মৃতিচিহ্ন বুলি গণ্য কৰে আৰু ইয়াৰ সলনি লজ্জাবোধৰ প্ৰয়োজনীয়তা মানি চলিবলৈ টুডঙৰ সৈতে বাজু কুৰুং পৰিধান কৰে।
ইউৰোপৰ স্থানীয় ইউৰোপীয় ফিতাবিহীন পোছাকৰ সৈতে কেম্বেনৰ যথেষ্ট মিল আছে যদিও বাটিক, ইকাট, ছংকেট বা টেনুন আদি ফেব্ৰিক ব্যৱহাৰ কৰি ইয়াক অধিক পৰম্পৰাগত কৰি তোলা হয়। এই বস্ত্ৰবোৰ পিছলি নাযাবলৈ কাপোৰৰ আঁচল ভাঁজ কৰি গাঁঠি বান্ধি সুৰক্ষিত কৰা হয়। পৰম্পৰাগতভাৱে মহিলাসকলে দুখন বস্ত্ৰ পৰিধান কৰে; শৰীৰৰ তলৰ অংশ (নিতম্ব, উৰু আৰু ভৰি) আবৰি নিতম্বৰ চাৰিওফালে মেৰিয়াই এখন কাপোৰ পৰিধান কৰা হয় আৰু ইয়াক কাইন বা ছাৰং বুলি কোৱা হয়, আনহাতে শৰীৰৰ ওপৰৰ অংশ (বুকু আৰু কান্ধ)ৰ ওপৰত মেৰিয়াই লোৱা বস্ত্ৰখনক কেম্বেন বোলা হয়। মালয় উপদ্বীপত ৰ’দৰ পৰা মূৰ (মূৰ, কান্ধ, বাহু) ঢাকিবলৈ এখন অতিৰিক্ত বস্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াক কাইন কেলুবুং বুলি কোৱা হয়।
তথ্যসূত্ৰ
- ↑ Hasil Pencarian - KBBI Daring. kbbi.kemdikbud.go.id
- ↑ Dikritik Gara-gara Unggah Foto Abdi Dalem, Jawaban Putri Keraton Jogja ini Tak Terduga!. Tribun Wow
- ↑ (2018-02-26). Memakai Batik Untuk Kemben, Eksotisme Fashion Wanita Jawa - Indonesian Batik. Indonesian Batik
- ↑ Carian Umum - Kemban. prpm.dbp.gov.my
- ↑ (18 August 2019). Enduring charm of the baju kurung
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেম্বেন” প্ৰবন্ধৰ সংশোধন ৫৭২১৩০ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।