হিজাব (আৰবী: حجاب, ৰোমানীকৃত: ḥijāb, ) হৈছে মুছলমান মহিলাই পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। এই বস্ত্ৰ মূৰৰ আৱৰণ হিচাপে পৰিধান কৰা হয়।১২ এই বস্ত্ৰৰ সৈতে পৰম্পৰাগত ইহুদী মহিলাসকলে পিন্ধা টিচেল (tichel) বা স্নোড (snood), কিছুমান খ্ৰীষ্টান মহিলাই পিন্ধা মেণ্টীলা (mantilla), এপষ্টলনিক (apostolnik) আৰু উইম্পল (wimple),৩৪ আৰু বহু হিন্দু আৰু শিখ মহিলাই পিন্ধা দুপাট্টাৰ সৈতে সাদৃশ্য আছে।৫৬৭ হিজাব বহু ৰূপত পোৱা যায় যদিও ই প্ৰায়ে বিশেষভাৱে মূৰত মেৰিয়াই চুলি, ডিঙি আৰু কাণ ঢাকি পৰিধান কৰা হয় আৰু হিজাব পিন্ধোতে মুখখন ঢাকি ৰখা নহয়।৮৯ ১৯৭০ চনৰ পৰাই বিশ্বজুৰি হিজাবৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু বহু মুছলমানে ইয়াক পৰিধান কৰিলে “বিনয় আৰু বিশ্বাস প্ৰকাশ কৰা হয়” বুলি ভাবে; বহু মহিলাই সৌন্দৰ্যবৰ্ধনৰ বাবেও হিজাব পৰিধান কৰে।৮১০ মহিলাসকলে মূৰ ঢাকি ৰখাটো বাধ্যতামূলক নহয় যদিও অতি প্ৰয়োজনীয় আৰু অগ্ৰাধিকাৰ দিয়া উচিত বুলি ইছলামিক ধৰ্মীয় পণ্ডিতসকলে মত পোষণ কৰে।১১১২১৩
হিজাব শব্দটো প্ৰথমে বিভাজন বা পৰ্দাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু কেতিয়াবা ইছলামিক শালীনতাবোধৰ নীতিৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।৮১৪ কোৰানৰ আয়াতসমূহত এই শব্দটোৱে মুহাম্মাদৰ মূল ঘৰলৈ অহা দৰ্শনাৰ্থীসকল আৰু তেওঁৰ পত্নীসকলৰ বাসস্থানৰ মাজত থকা পৰ্দাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। সেইবাবে কিছুলোকে দাবী কৰে যে হিজাব সম্পৰ্কীয় কোৰানৰ আদেশ কেৱল মুহাম্মাদৰ পত্নীৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল আৰু সকলো মহিলাৰ ক্ষেত্ৰত নহয়।১৫১৬ আন এক ব্যাখ্যামতে ৰাজহুৱা ক্ষেত্ৰত পুৰুষৰ পৰা নাৰীক পৃথক কৰা কাৰ্যক হিজাব বুলিব পাৰে, আনহাতে আধ্যাত্মিক দিশত হিজাব হৈছে “মানুহক বা জগতখনক ঈশ্বৰৰ পৰা পৃথক কৰা ওৰণি।”১৭ কোৰানত কেতিয়াও হিজাব শব্দটো মহিলাৰ কাপোৰক বুজাবলৈ ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু কিছুমান অংশত মহিলাৰ সাজ-পোছাকৰ বিষয়ে অন্যান্য শব্দ জিলবাব (jilbab) আৰু খিমাৰ (khimār) শব্দৰ ব্যৱহাৰ কৰা হৈছে।১৮ কিছুমানৰমতে কোৰানত মূৰত লোৱা বস্ত্ৰখনৰ বাবে খিমাৰ (আৰবী: خِمار) শব্দটো ব্যৱহাৰ কৰা হৈছে।৮১৯১৪২০২১
ওৰণি এখন কিমান প্ৰয়োজনীয় সেই সম্পৰ্কে সকলোৱে ভিন্ন মত পোষণ কৰে। কিছুমান আইনী ব্যৱস্থাই হিজাবক মুখ আৰু হাতৰ বাহিৰে সকলো ঢাকি ৰখাৰ আদেশ হিচাপে২২১৭, আনহাতে আন কিছুমানে মুখ আৰু হাতকে ধৰি গোটেই শৰীৰটো ঢাকি ৰখাৰ আদেশ হিচাপে গ্ৰহণ কৰে।২৩ কোৰানৰ পিছত বিকশিত হোৱা হাদীছ আৰু ফিকহৰ গ্ৰন্থসমূহত এই নিৰ্দেশনাসমূহ পোৱা যায়। কিছুমানে বিশ্বাস কৰে যে এই নীতিবোৰ কোৰানত হিজাবক উল্লেখ কৰা আয়াতসমূহৰ পৰা উদ্ভৱ হৈছে২৪ আৰু আন কিছুমানৰ মতে কোৰানত মহিলাসকলে বাধ্যতামূলকভাবে হিজাব পিন্ধিব লাগিব বুলি কোনো নিৰ্দেশ দিয়া হোৱা নাই।১১১২ কিছুমান সংস্কাৰবাদী গোটে ইছলামত ওৰণি লোৱাৰ বিষয়টোক অতীতৰ চৰ্ত অনুসৰি দিয়া পৰামৰ্শ আৰু ইয়াক প্ৰয়োজনীয়তা বুলি ভবাটো ইছলামিক মতাদৰ্শৰ ওপৰত জাপি দিয়া হৈছে বুলি গণ্য কৰে।১১১২
স্থানীয় আইন আৰু ৰীতি-নীতি অনুসৰি সমগ্ৰ বিশ্বতে ভিন ভিন ধৰণৰ ইছলামিক পৰ্দা প্ৰথা পোৱা যায়। বৰ্তমান ইৰাণ২৫ আৰু আফগানিস্তানত তালিবান চৰকাৰে মহিলাসকলে হিজাব পিন্ধা বাধ্যতামূলক কৰিছে।২৬ ২০১৮ চনৰ পৰা চৌদি আৰৱৰ আইনমতে হিজাব পিন্ধাৰ কোনো প্ৰয়োজন নাই।২৭২৮২৯ ইউৰোপ আৰু মুছলমান বিশ্বৰ আন বহু দেশত৩০ ৰাজহুৱাভাৱে বা কিছুমান বিশেষ স্থানত কিছুমান বা সকলো ধৰণৰ হিজাব নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰা হৈছে।৩১৩২৩৩ আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ ওপৰত হিজাব পৰিধান কৰা বা নকৰাৰ ক্ষেত্ৰত বেচৰকাৰী হেঁচা প্ৰয়োগ কৰা দেখা যায়।৩২৩৩
তথ্যসূত্ৰ
- ↑ Piela, Anna. (April 6, 2022). Muslim Women and the Politics of the Headscarf. Jstor
- ↑ Mitchell, Travis. (29 June 2021). 9. Religious clothing and personal appearance
- ↑ Khir-Allah, Ghufran. (24 May 2021). Framing Hijab in the European Mind: Press Discourse, Social Categorization and Stereotypes. Springer. ISBN 9789811616532
- ↑ Lindberg, Christine A. (2012). Oxford American Writer's Thesaurus. Oxford University Press. ISBN 978-0-19-982992-7
- ↑ (June 29, 2021). Religious clothing and personal appearance. Pew Research Center
- ↑ Spurgeon, Andrew B. (14 August 2016). Twin Cultures Separated by Centuries: An Indian Reading of 1 Corinthians. Langham Publishing. পৃ. 196. ISBN 978-1-78368-139-6
- ↑ Garcia, Myrian. (March 15, 2022). How India's Religious Headwear Ban Affects Muslims And Not Hindus. Religion Unplugged
- ↑ Mark Juergensmeyer, Wade Clark Roof, ed. (2012). "Hijab". Encyclopedia of Global Religion. Vol. 1. SAGE Publications. p. 516
- ↑ “Hijab.” Cambridge Dictionary, dictionary.cambridge.org/dictionary/english/hijab. Accessed 6 Sept. 2023
- ↑ Nasir, Kamaludeen Mohamed. (December 2020). Representing Islam: Hip-Hop of the September 11 Generation. Indiana University Press. ISBN 978-0-253-05305-3
- ↑ Syed, Ibrahim. The Quran Does Not Mandate Hijab. Islamic Research Foundation International, Inc.
- ↑ Hijab is Not an Islamic Duty: Muslim Scholar. Morocco World News
- ↑ Behind the Veil: Oppression or Assertion
- ↑ El Guindi, Fadwa; Sherifa Zahur (2009). Hijab. The Oxford Encyclopedia of the Islamic World. doi:10.1093/acref/9780195305135.001.0001. ISBN 9780195305135
- ↑ Aslan, Reza, No God but God, Random House, (2005), p.65–6
- ↑ Ahmed, Leila (1992). Women and Gender in Islam: Historical Roots of a Modern Debate. Yale University Press. ISBN 9780300055832. Retrieved 20 April 2013
- ↑ Glasse, Cyril. (2001). The New Encyclopedia of Islam. Altamira Press. পৃ. 179–180
- ↑ Sahar Amer (2014), What Is Veiling?, University of North Carolina Press, pp. 25-27
- ↑ Lane's Lexicon page 519 and 812
- ↑ Contemporary Fatwas by Sheik Yusuf Al Qaradawi, vol. 1, pp. 453-455
- ↑ Ruh Al Ma’ani by Shihaab Adeen Abi Athanaa’, vol. 18, pp. 309, 313
- ↑ Fisher, Mary Pat. Living Religions. New Jersey: Pearson Education, 2008
- ↑ YÜZÜ ÖRTMENİN HÜKMÜNE DÂİR DETAYLI DELİLLER - İslam Soru-Cevap. islamqa.info
- ↑ Encyclopedia of Islam and the Muslim World (2003), p. 721, New York: Macmillan Reference USA
- ↑ Hijab law in Iran over the decades: the continuing battle for reform · Blog · University of Essex. www.essex.ac.uk
- ↑ Hadid, Diaa. (7 May 2022). The Taliban orders women to wear head-to-toe clothing in public. npr.org
- ↑ Abdulaziz, Donna. (2 October 2019). Saudi Women Are Breaking Free From the Black Abaya. The Wall Street Journal
- ↑ Nic Robertson. (December 5, 2020). Saudi Arabia has changed beyond recognition. But will tourists want to visit?. CNN
- ↑ Mail, Daily. (15 September 2019). Rebel Saudi women appear in public without hijab, abaya; onlookers stunned · New Straits Times. NST Online
- ↑ Azerbaijan:, Morocco:, Tunisia:, Egypt: Algeria:, Turkey: France:, Germany:, Senegal:, Singapore:, Kosovo:, Québec:, Austria:, Switzerland:, Denmark:, Kazakhstan:, Kyrgystan:, Tajikistan:, Turkmenistan:, Uzbekistan:
- ↑ Which countries have a 'burqa ban'? – DW – 08/01/2019. dw.com
- ↑ M. J. Gohari (2000). The Taliban: Ascent to Power. Oxford: Oxford University Press, pp. 108-110
- ↑ Louis A. Cainkar. (2009). Homeland Insecurity: The Arab American and Muslim American Experience After 9/11. Russell Sage Foundation. পৃ. 244–245. ISBN 9781610447683
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজাব” প্ৰবন্ধৰ সংশোধন ৪৩৪৬৩৫ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।