আৰিমত্ত কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল। এওঁ বৰ্তমানৰ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল।১ গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতেক হৈছে আৰিমত্ত। আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘলীয়া আছিল। সেইবাবে তেওঁ আৰিমত্ত নাম পাইছিল।১
শাসন কাল
আৰিমত্ত ডাঙৰ হৈ আৰিমত্তই বাপেক ৰামচন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰে। তেওঁ যুদ্ধত বাপেকক চিনি নাপাই হত্যা কৰে। পাছত মাকৰ পৰা সকলো কথা জানিব পাৰি তেওঁ পাপ মোচনৰ বাবে অনেক দান দক্ষিণা কৰে। কিন্তু তেওঁৰ মনৰ শোক নুগুছে। পাছত তেৱোঁ নিজা পুত্ৰ জোঙাল বলহুৰ হাতত মৰা পৰে।১
তথ্যসূত্ৰ
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃ. ১৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰিমত্ত” প্ৰবন্ধৰ সংশোধন ৩৬৮১৯৪ (৮ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।