পুৰণি আৰু মধ্যযুগীয় অসম
৩৬ প্ৰবন্ধ
-
পুৰণি আৰু মধ্যযুগীয় অসম
অসমৰ প্ৰাচীন নাম অসম নাছিল। মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে। প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়। কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়।
-
অসমত লোণ উৎপাদন
লোণ উৎপাদন ( Salt production in Assam) অতীজৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পাহাৰীয়া ঠাইৰ প্ৰধান ব্যৱসায়বোৰৰ ভিতৰৰ লোণৰ ব্যৱসায় অন্যতম আছিল৷ পাটকাই পৰ্বতমালাৰ অনেক ঠাইত পানীৰ সৈতে মিহলি হৈ থকা অৱস্থাত লোণ পোৱা গৈছিল আৰু সেই পানীৰ পৰা বিশেষ ব্যয়সাধ্য-কষ্টসাধ্য উপায়েৰে লোণ আহৰণ কৰি অসমত লোণৰ…
-
অসমত সোণৰ উৎপাদন
অসমৰ মাটিত এসময়ত মূল্যবান ধাতু সোণৰ উৎপাদন (Gold Production in Assam) হৈছিল৷ আহোম ৰাজত্বকালত সোণৰ উৎপাদন বা কমোৱা এক গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচিত হৈছিল৷ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ প্ৰায়বোৰ নদীত সোণ পোৱা গৈছিল আৰু সোণ আহৰণ, সোণৰ অলংকাৰ শিল্প আদিৰ লগত জড়িত হৈ বহু মানুহে জীৱন নিৰ্বাহ কৰিছিল৷…
-
অসমৰ পিতল শিল্প
অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল…
-
অসমৰ স্বৰ্ণ শিল্প
অসমৰ স্বৰ্ণ শিল্পই (Gold crafts of Assam) কামৰূপৰ যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ পৌৰাণিক গ্ৰন্থ যেনে অৰ্থশাস্ত্ৰ, কালিকা পুৰাণ বা যোগিনী তন্ত্ৰত প্ৰাচীন অসমৰ সোণ আৰু সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ পোৱা যায়।
-
মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ
অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।