অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেৱা

মেৱা, মেওৱা, লতা কোমোৰা বা লতা বেল (ইংৰাজী: Passiflora quadrangularis / badea‌ / giant granadilla / giant tumbo) এবিধ লতাজাতীয় উদ্ভিদ, যি দেখাত কোমোৰাৰ দৰে, কিন্তু কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা হিচাপে বা ভাজি খোৱা হয়। ই পেচিফ্ল'ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল উৎপাদন কৰে।

হালনাগাদ: ১৩ মে’ ২০২৫ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেৱা, মেওৱা, লতা কোমোৰা বা লতা বেল (ইংৰাজী ভাষা: Passiflora quadrangularis / badea‌ / giant granadilla / giant tumbo) এবিধ লতাজাতীয় উদ্ভিদ, যি দেখাত চাল কোমোৰাৰ দৰে, কিন্তু কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা হিচাপে বা ভাজি খোৱা হয়।১ ই পেচিফ্ল'ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল উৎপাদন কৰে।২

অসমত পোৱা মেৱা ফল।
অসমত পোৱা মেৱা ফল।ছবি: BhuyanBhaskar · CC0

বিৱৰণ

''পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ ফুল''
পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ ফুলছবি: Vijayanrajapuram · CC BY-SA 4.0

পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ এটা সবল, কোমল, সেউজ পৰ্ণমোচী লতা জাতীয় উদ্ভিদ। ইয়াৰ ৰঙা ৰঙৰ ফুলবোৰ ৰোৱা মূৰে পৰা ওলায় আৰু প্ৰত্যেকটোৰ চাৰিওফালে বগা আৰু বেঙুনীয়া ৰঙৰ সূতাসদৃশ গঠন থাকে। ইয়াৰ পাত মসৃণ, হৃদাকাৰ, ডিম্বাকাৰ বা তীক্ষ্ণপ্ৰান্তীয় (acuminate) আকৃতিৰ; পাতৰ ডাঁটিত ৪ ৰ পৰা ৬ টালৈ গ্ৰন্থি থাকে। ইয়াৰ ফুল সুভাষিত আৰু ফল ডাঙৰ, দীঘলাকাৰ, প্ৰায় ১২ ইঞ্চি (৩০ ছেণ্টিমিটাৰ) পৰ্যন্ত দীঘল হয়।৩ এই ফলৰ ভিতৰত বহু সংখ্যক বীজ থাকে, যিবোৰ এটা অম্ল-মধুৰ খাদ্যযোগ্য গাদত আৱদ্ধ হৈ থাকে।

ব্যৱহাৰ

কেতিয়াবা বাডিয়া সেউজগৃহত খেতি কৰা হয়। Passiflora গণৰ আন কেইবাটাও প্ৰজাতিৰ ফল খোৱা হয়। উদাহৰণস্বৰূপে, পশ্চিম ইণ্ডিজত পি. লউৰিফ’লিয়া ক পানীৰ নেমু আৰু পি. মেলিফৰ্মিছ ক ছুইট কেলাবাশ হিচাপে জনা যায়।

বাডিয়া ফলৰ ৰস পানীয় হিচাপে ব্যৱহাৰ কৰা হয়। শ্ৰীলংকাৰ অঞ্চল বিশেষে এই ফলটোক ටං ටිං (টং টিং), රට පුහුල් (ৰট পুহুল্) বা ටුං ටුං (টুং টুং) নামেৰে জনা যায়। ইয়াক শাক-পাচলিৰ তৰকাৰী হিচাপে ৰান্ধি খোৱা হয়, আৰু বীজবোৰ জলপান হিচাপে খোৱা হয় বা ৰস উলিয়াবলৈ ব্যৱহাৰ কৰা হয়।৪

এই উদ্ভিদৰ পাতৰ পৰা চাহ তৈয়াৰ কৰা হয়, যি উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। এইবিধ ফলৰ পৰা এবিধ পানীয় আৰু আইচক্ৰীমো প্ৰস্তুত কৰা হয়।৫

অলংকাৰিক ব্যৱহাৰ

পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ অলংকাৰিক উদ্ভিদ হিচাপেও খেতি কৰা হয়। ইয়াৰ বৃদ্ধিৰ বাবে ন্যূনতম তাপমাত্ৰা প্ৰয়োজন 8 °C, সেয়েহে নাতিশীতোষ্ণ অঞ্চলসমূহত ইয়াক কাঁচৰ গৃহত খেতি কৰিব লাগে। ই ৰয়েল হৰ্টিকালচাৰেল ছচাইটিৰ গাৰ্ডেন মেৰিট বঁটা লাভ কৰিছে।৬৭

তথ্যসূত্ৰ

  1. ↑ Borah, Anjal. (2009-06-08). লতা বেল. XOBDO.ORG. XOBDO Language Resource
  2. ↑ Boning, Charles R. (2006). Florida's Best Fruiting Plants: Native and Exotic Trees, Shrubs, and Vines. Pineapple Press, Inc. পৃ. 169
  3. ↑ Williams, C. N. (1980). Tree and Field Crops of the Wetter Regions of the Tropics. The Longman Group. পৃ. 125
  4. ↑ Ayurvedic Plants of Sri Lanka: Plants Details. www.instituteofayurveda.org
  5. ↑ Mendes (1986), p. 10
  6. ↑ RHS Plantfinder - Passiflora quadrangularis
  7. ↑ (July 2017). AGM Plants - Ornamental. Royal Horticultural Society. পৃ. 72

সম্পৰ্কিত শ্ৰেণী

পাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৱা” প্ৰবন্ধৰ সংশোধন ৫০৮৪৪৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।