অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেগম আখতাৰ চুলেইমান

বেগম আখতাৰ চুলেইমান ( Begum Akhtar Sulaiman, ১৯২২-১৯৮২) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল। বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ৪১০ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বেগম আখতাৰ চুলেইমান ( Begum Akhtar Sulaiman, ১৯২২-১৯৮২) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল।১২ বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল। সেই সময়ত তেওঁ ছুহৰাৱাৰ্ডী পৰিয়ালৰ হৈ কেইবাটাও বক্তব্য দিছিল যে, তেওঁৰ পিতৃয়ে পাকিস্তানৰ ওপৰত বিশ্বাস ৰাখে।৩৪ তেওঁৰ কন্যা শ্বাহিদা জামিলে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ফেডাৰেল আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বেগম চুলেইমানে বাংলাদেশৰ মুক্তিযুদ্ধৰ বিৰোধীতা কৰি ঢাকা টেলিভিছন কেন্দ্ৰত এক সাক্ষাৎকাৰ দিছিল৷ তেওঁ পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি সমৰ্থিত আছিল৷৫ আনকি তেওঁ শ্বেখ মুজিবুৰ ৰহমানৰ লগ ধৰি এনে দাবী প্ৰত্যাহাৰ কৰিবলৈয়ো অনুৰোধ কৰিছিল৷৬

পৰিয়াল

বেগম আখতাৰ চুলেইমানৰ বিবাহ হৈছিল শ্বাহ আহমেদ চুলেইমানৰ লগত, যি পাকিস্তানৰ ন্যায় বিধায়ক ছাৰ শ্বাহ চুলাইমানৰ পুত্ৰ আৰু এন্টিবায়টিক আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ ব্যৱসায় কৰা বৃহৎ ব্ৰিটিছ ৰপ্তানি-আমদানি কোম্পানী এটাৰ কৰাচী মেনেজাৰ আছিল৷ তেওঁলোকৰ এটা সন্তান আছিল, নাম, শ্বাহিদা জামিল, যি পিছলৈ প্ৰথম মহিলা পাকিস্তানৰ ফেডাৰেল আইন মন্ত্ৰী হৈছিল। শ্বাহিদা জামিলৰ দুজন পুত্ৰ আছিল, নাম জাহিদ জামিল, পাকিস্তানৰ এজন অধিবক্তা; আৰু শ্বাহিদ জামিল, চিকাগোৰ এজন অধিবক্তা।

সমাজ সেৱা

বেগম চুলেইমানৰ নাগৰিক সেৱা আৰু দাতব্য কামৰ প্ৰতি আগ্ৰহ যথেষ্ট সৰুৰে পৰা আৰম্ভ হৈছিল। ১৯৪৬ চনত যেতিয়া ডাইৰেক্ট একচন ডে’ত দেশত হত্যাকাণ্ড সংঘটিত হৈছিল, তেতিয়া তেওঁ ঘণ্টাৰ পিছত ঘণ্টা দাঙ্গাৰ বলি হোৱা লোকসকলৰ দুখ-কষ্টৰ পৰা উপশম পাবলৈ কাম কৰিছিল। পিছলৈ তেওঁ বিধৱা আৰু শিশু গৃহ প্ৰতিষ্ঠা কৰে আৰু কিশোৰ অপৰাধৰ সৈতে মোকাবিলা কৰা অনাৰেৰী লেডী মেজিষ্ট্ৰেট হিচাপে নিযুক্তি লাভ কৰে। কলিকতাৰ ছোৱালী অনাথ আশ্ৰমৰ সন্মানীয় সম্পাদিকাও আছিল।

১৯৪৭ চনত পাকিস্তানে স্বাধীনতা লাভ কৰাৰ লগে লগে বেগম চুলেইমানে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি বৃদ্ধিৰ ক্ষেত্ৰত পিতৃয়ে কৰা প্ৰচেষ্টাত সহায় কৰিছিল আৰু সেই উদ্দেশ্যে ভাৰতত সংখ্যালঘু মুছলমানসকলৰ অভাৱ-অভিযোগ অধ্যয়ন কৰি তেওঁলোকৰ দুৰ্দশা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ লগতে তেওঁলোকৰ প্ৰতিকাৰ বিচৰাটো তেওঁৰ বিশেষ চিন্তাৰ বিষয় আছিল।

১৯৪৮ চনত পাকিস্তানলৈ যোৱাৰ পিছত বেগম চুলেইমানে ভাৰতৰ পৰা পাকিস্তানলৈ প্ৰব্ৰজন কৰা শৰণাৰ্থীসকলৰ সৈতে কাম কৰিছিল যাতে তেওঁলোকৰ অৱস্থা উন্নত হয়। ১৯৫৬ চনত যেতিয়া তেওঁৰ বিপত্নীক পিতৃ হুছেইন শ্বাহিদ ছুহৰাৱাৰ্ডী পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া বেগম চুলেইমানে তেওঁৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল, আৰু ১৯৫৭ চনৰ গ্ৰীষ্মকালত পিতৃৰ আমেৰিকা ভ্ৰমণ আৰু ১৯৫৬ চনৰ অক্টোবৰৰ চীনৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়তো তেওঁ পিতৃৰ লগত গৈছিল।

তেওঁ কৰাচীৰ ছ’চাইটি ফৰ দ্য ৰিহেবিলিটেচন অৱ ক্ৰিপল্ড চিলড্ৰেনৰ সভানেত্ৰী আছিল৷ তদুপৰি তেওঁৰ আন বহুতো সামাজিক কাম-কাজৰ লগত জড়িত আছিল৷ তাৰ ভিতৰত আছিল শৰণাৰ্থী সমন্বয়ক পৰিষদৰ সভানেত্ৰী; পাকিস্তান গিল্ড ৱেলফেয়াৰ কাউন্সিল, কৰাচী অংশৰ সভাপতি; প্ৰাপ্তবয়স্ক অন্ধ কেন্দ্ৰৰ উপ-সভাপতি; অল পাকিস্তান চাইল্ড ৱেলফেয়াৰ কাউন্সিলৰ উপ-সভাপতি, নেচনেল কাউন্সিল ছ’চিয়েল ৱৰ্কছৰ কাৰ্যবাহী সংস্থাৰ সদস্য, পাকিস্তান ৰেড ক্ৰছৰ কাৰ্যবাহী সংস্থাৰ সদস্য আৰু কৰাচীৰ গাৰ্ল গাইডছ এছ’চিয়েশ্যনৰ জিলা আয়ুক্ত।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ S. K. Khanna; K. N. Sudarshan. (1998). Encyclopaedia of South Asia: Bangladesh. APH Publishing. পৃ. 29–. ISBN 978-81-7024-919-1
  2. ↑ Shireen Rehmatullah. (2002). Social Welfare in Pakistan. Oxford University Press. পৃ. 300. ISBN 978-0-19-579632-2
  3. ↑ (11 February 2019). The life and times of Rashid Suhrawardy · Dhaka Tribune
  4. ↑ Exeunt Rashid Suhrawardy | Pakistan Today
  5. ↑ বেগম চুলেইমান
  6. ↑ মুক্তিযুদ্ধ

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম আখতাৰ চুলেইমান” প্ৰবন্ধৰ সংশোধন ৪৭৬৯০৫ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।