অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেহবাজ শ্বৰীফ

মিঞা মহম্মদ শ্বেহবাজ শ্বৰীফ ( Mian Muhammad Shehbaz Sharif) (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫১) হৈছে পাকিস্তানৰ এজন ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ ২০২৪ চনৰপৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰপৰা ২০২৩ চনলৈও প্ৰধানমন্ত্ৰী আছিল।

হালনাগাদ: ৩ জুলাই ২০২৬ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

মিঞা মহম্মদ শ্বেহবাজ শ্বৰীফ ( Mian Muhammad Shehbaz Sharif) (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫১) হৈছে পাকিস্তানৰ এজন ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ ২০২৪ চনৰপৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰপৰা ২০২৩ চনলৈও প্ৰধানমন্ত্ৰী আছিল। তেওঁ লগতে পাকিস্তান মুছলিম লীগ (এন) (পি এম এল-এন)-ৰ সভাপতি আৰু তিনিবাৰকৈ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে। ১২ বছৰতকৈ অধিক সময় এই পদত থাকি তেওঁ পাঞ্জাৱৰ সৰ্বাধিক দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হিচাপে পৰিচিত।

শ্বেহবাজ শ্বৰীফে ১৯৮৮ চনত পাঞ্জাৱ প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৯০ চনত তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়, যি সময়ত তেওঁৰ ভাতৃ নৱাজ শ্বৰীফ ইছলামী জামুৰি ইত্তিহাদ (আইজেআই)-ৰ নেতা আছিল। ১৯৯৩ চনত তেওঁ পুনৰ পাঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হৈ বিৰোধী দলৰ নেতা নিযুক্ত হয়। ১৯৯৭ চনৰ ২০ ফেব্ৰুৱাৰীত তেওঁ প্ৰথমবাৰৰ বাবে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হয়। ১৯৯৯ চনত পাকিস্তানত সামৰিক অভ্যুত্থান সংঘটিত হোৱাৰ পিছত নৱাজ আৰু শ্বেহবাজ শ্বৰীফে চৌদি আৰৱৰ ৰজা ফাহদৰ মধ্যস্থতাত সামৰিক প্ৰতিষ্ঠানৰ সৈতে এক চুক্তি কৰে আৰু প্ৰায় ১০ বছৰৰ বাবে চৌদি আৰবলৈ নিৰ্বাসনত যায়। ২০০৭ চনত তেওঁলোক পাকিস্তানলৈ উভতি আহে। ২০০৮ চনৰ সাধাৰণ নিৰ্বাচনত পি এম এল-এনে পাঞ্জাৱত জয়লাভ কৰাৰ পাছত শ্বেহবাজ শ্বৰীফ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয়। ২০১৩ চনৰ প্ৰাদেশিক নিৰ্বাচনৰ পিছত তেওঁ তৃতীয়বাৰৰ বাবে এই পদত অধিষ্ঠিত হয়। ২০১৭ চনত নৱাজ শ্বৰীফ পানামা পেপাৰছ গোচৰৰ ফলত পদৰ অযোগ্য ঘোষিত হোৱাৰ পিছত শ্বেহবাজক পি এম এল-এনৰ সভাপতি মনোনীত কৰা হয়।

২০১৮ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ বিৰোধী দলৰ নেতা হয়। ২০২২ চনত তৎকালীন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত পি এম এল-এনে সংখ্যালঘু আসন লাভ কৰিলেও মিত্ৰজোঁট গঠন কৰি তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্বেহবাজ শ্বৰীফৰ ৰাজনৈতিক জীৱন বিভিন্ন বিতৰ্কৰ সৈতে জড়িত। ১৯৯৩ চনত পাকিস্তানৰ তদানীন্তন সেনাপ্ৰধান আছিফ নৱাজ জাঞ্জুৱাৰ বিধৱাই অভিযোগ কৰিছিল যে তেওঁৰ স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰত শ্বেহবাজ শ্বৰীফো জড়িত আছিল।

ইয়াৰ উপৰি, ২০১৪ চনৰ মডেল টাউন হত্যাকাণ্ড ঘটনাৰ তদন্ত আৰু আদালতৰ কাৰ্যবিধিতো তেওঁৰ নাম উত্থাপিত হয়। এই ঘটনাত আৰক্ষীৰ গুলীত পাকিস্তান আৱামি তেহৰিকৰ একাধিক সমৰ্থকৰ মৃত্যু হৈছিল। ইণ্টাৰ চাৰ্ভিছ ইণ্টেলিজেন্স(আই এছ আই), মিলিটেৰী ইণ্টেলিজেন্স (এম আই) আৰু ইণ্টেলিজেন্স ব্যুৰো (আই বি)-ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত যৌথ তদন্ত দলে দাখিল কৰা এক ভিন্নমতসূচক মন্তব্যত উল্লেখ কৰা হৈছিল যে তদানীন্তন মুখ্যমন্ত্ৰী হিচাপে শ্বেহবাজ শ্বৰীফ আৰু আন কিছুমান ব্যক্তিয়ে এই ঘটনাৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায় বহন কৰিছিল। পিছত লাহোৰৰ এখন অধিৱেশন আদালতে শ্বেহবাজ শ্বৰীফ, নৱাজ শ্বৰীফ আৰু আন কিছুমান ব্যক্তিৰ বিৰুদ্ধে হত্যা গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদপাকিস্তানৰ ব্যক্তিশাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেহবাজ শ্বৰীফ” প্ৰবন্ধৰ সংশোধন ৬১৫৪৩৪ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।