ফৰিদা কোকিখেল আফ্ৰিদি (Fareeda Kokikhel Afridi) আছিল এগৰাকী পাকিস্তানী নাৰীবাদী, পাকিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ জুলাই মাহত ২৫ বছৰ বয়সত কামলৈ যোৱাৰ পথত তেওঁ গুলীবিদ্ধ হয়।১২৩
আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ উত্তৰ-পশ্চিমৰ এটা দৰিদ্ৰ অৰ্ধস্বায়ত্তশাসিত অঞ্চল ফেডাৰেল প্ৰশাসনিক জনজাতি অঞ্চল (FATA)ৰ অংশ খাইবাৰ জনজাতীয় অঞ্চলত আফ্ৰিদিৰ জন্ম আৰু প্ৰতিপালন হৈছিল। ৪
বিশ্ববিদ্যালয়ৰ পৰা লিংগ অধ্যয়নত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্কুলত পঢ়ি থকাৰ সময়তে তেওঁৰ ভগ্নী নূৰ জিয়া আফ্ৰিদিৰ সৈতে ছ'চাইটি ফৰ এপ্ৰেইজেল এণ্ড ৱমেন এম্পাৱাৰমেণ্ট ইন ৰুৰেল এৰিয়াছ (SAWERA) প্ৰতিষ্ঠা কৰে, যিটো মহিলা পৰিচালিত এন জি অ' যিয়ে ফাটাত মহিলা সবলীকৰণৰ প্ৰচাৰ কৰে।৫৬
আফ্ৰিদীয়ে পাকিস্তান চৰকাৰ, তালিবান আৰু পাকিস্তানী সমাজৰ পিতৃতান্ত্ৰিক স্বৰূপৰ সমালোচনা কৰিছিল।৭
২০১২ চনৰ জুন মাহত তেওঁ সাংবাদিকক কয় যে তেওঁক ভাবুকি দিয়া হৈছে। তেওঁৰ বন্ধু আৰু সহকৰ্মীসকলে এই ভাবুকিৰ উৎপত্তি ফাটা তালিবান উগ্ৰপন্থীৰ পৰা হোৱা বুলি সন্দেহ কৰিছিল।৭
২০১২ চনৰ ৫ জুলাইত পেছাৱৰৰ উপকণ্ঠ অঞ্চল হায়াতাবাদত ঘৰৰ পৰা ওলাই আহি আফ্ৰিদীয়ে দুজন মটৰ চাইকেল আৰোহীয়ে তেওঁৰ মূৰত এবাৰ আৰু ডিঙিত দুবাৰ গুলী চলায় আৰু তাৰ পিছত পলায়ন কৰে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৮
তথ্যসূত্ৰ
- ↑ Activist's killing reverberates in Pakistan
- ↑ Woman NGO worker shot dead in Peshawar
- ↑ Yusufzai, Zahir. (5 July 2012). A Feminist, Women Rights Activist Killed. FATA Research Centre
- ↑ Zia, Asad. (5 July 2012). Militancy: A progressive voice for tribal women silenced in targeted attack. The Express Tribute (with the International Herald Tribune)
- ↑ About SAWERA. Safe World for Women
- ↑ Positive Pakistanis: Sister act
- ↑ Pakistani Women's Rights Activist Fareeda 'Kokikhel' Afridi Shot Dead in Peshawar
- ↑ Crowstaff, Chris. (7 July 2012). Pakistani Women's Rights Activist Fareeda 'Kokikhel' Afridi Shot Dead in Peshawar. TrustLaw (Thomson Reuters)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰিদা কোকিখেল আফ্ৰিদি” প্ৰবন্ধৰ সংশোধন ৪৯১৫৫০ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।