অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুনিজাই জাহাংগীৰ

মুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান আজ টিভিত সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান স্পটলাইট আয়োজন কৰে।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান আজ টিভিত সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান স্পটলাইট আয়োজন কৰে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জাহাংগীৰৰ জন্ম হৈছিল পাকিস্তানত মানৱ অধিকাৰ কৰ্মী আছমা জাহাংগীৰ আৰু তাহিৰ জাহাংগীৰৰ ঘৰত। ২ মাকৰফালৰপৰা তেওঁ পাকিস্তানৰ লাহোৰৰ সুপৰিচিত পাকিস্তানী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী হিনা জিলানীৰ ভতিজী যি আছমা জাহাংগীৰৰ কনিষ্ঠ ভগ্নী।

জাহাংগীয়ে কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞান আৰু ইংৰাজী বিষয়ত বি এ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি আমেৰিকাৰ নিউয়ৰ্কৰ নিউ স্কুল ইউনিভাৰ্চিটিৰপৰা চলচ্চিত্ৰ আৰু ভিডিঅ’ত একাগ্ৰতাৰে মিডিয়া অধ্যয়নত এম এ ডিগ্ৰী লাভ কৰিছে। ৩৪

কৰ্মজীৱন

সাংবাদিকতা

জাহাংগীৰে পাকিস্তানৰ ৰাজনীতিৰ ওপৰত বাতৰি প্ৰকাশ কৰিছে আৰু পাকিস্তানৰ মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে মুকলিকৈ কয়, আৰু এই বিষয়টোৰ সমাধানৰ বাবে দক্ষিণ এছিয়ান উইমেন ইন মিডিয়া (এছ এ ডব্লিউ এম)ৰ সহ-প্ৰতিষ্থাপক। ১৩৪৫ চোৱাম (SAWM) হৈছে মহিলা সাংবাদিকসকলৰ বাবে আৰু তেওঁলোকৰদ্বাৰা সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু সংবাদ মাধ্যমত মহিলাৰ সৈতে সমান ব্যৱহাৰৰ লগতে উপস্থিতি বৃদ্ধিৰ প্ৰসাৰৰ বাবে কাম কৰা এটা সংস্থা। ২০১২ চনৰ এপ্ৰিল মাহত নিউজলাইন মেগাজিনৰ বাবে মহীন ইৰফান ঘানীয়ে সাক্ষাৎকাৰ লোৱাৰ সময়ত জাহাংগীৰে সংবাদ মাধ্যমৰ উদ্যোগত যৌনতাবাদৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ আৰু স্পষ্টভাৱে কয়৫

চলচ্চিত্ৰ নিৰ্মাণ

২০০৩ চনত জাহাংগীৰে আফগানিস্তানৰ সমগ্ৰ অশান্ত ইতিহাসৰ ১৯২০ চনৰপৰা বৰ্তমানলৈকে চাৰিগৰাকী আফগান মহিলাৰ জীৱনৰ ওপৰত এখন বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰ নিৰ্মাণ আৰু পৰিচালনা কৰে। "চাৰ্জ ফৰ ফ্ৰিডম" নামৰ এই তথ্যচিত্ৰখন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে তেওঁলোকৰ আমেৰিকাৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা ষোল্লখন ছবিৰ ভিতৰত এখন হিচাপে নিৰ্বাচিত হৈছিল ৩৪

জাহাংগীৰে লাহোৰৰ ৰাজপথৰ শিশুৰ ওপৰত এখন তথ্যচিত্ৰ সহ-প্ৰযোজনা কৰিছিল, যিখন তাৰ পিছত সমগ্ৰ পাকিস্তানৰ কমিউনিটি চেণ্টাৰত প্ৰচাৰ কৰা হৈছিল। ৩

জাহাংগীৰ আছিল এচিড আক্ৰমণৰ বলি হোৱা মহিলাসকলৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ গৱেষণা সহায়ক আৰু কেমেৰা-পাৰ্ছন। এই তথ্যচিত্ৰখন ইউ এ ইৰ ডুবাইৰ ইণ্ডাছ মিডিয়া গ্ৰুপ টেলিভিছনত প্ৰচাৰ কৰা হৈছিল। ৩ জাহাংগীৰে পাকিস্তানী পৰিচালক ছামিনা পিৰজাদাৰ সৈতে কাম কৰি পিৰজাদাৰ দ্বিতীয় বৰ্ষৰ পৰিচালক প্ৰকল্প শ্বাৰৰাত (২০০৩) নিৰ্মাণ কৰিছিল। ৩ ২০০৩ চনত মুক্তি পোৱা এইখন আছিল এখন ৰোমাণ্টিক কমেডী আৰু পাকিস্তানৰ বক্স অফিচত কম সফল সমাদৰ লাভ কৰিছিল। অৱশ্যে ছবিখনৰ সংগীত পৰিচালক ৱাজাহাট আত্ৰে ৰচনা কৰা চাউণ্ডট্ৰেকৰ গীতসমূহ দেশত মেগা হিট হৈছিল। আলী জাফৰ আৰু শ্ববনম মজিদে পৰিৱেশন কৰা জুগনুওন ছেই ভৰ লে আঞ্চালৰ দৰে গীত, গীতৰ কথা আকিল ৰুবীৰ। ৩

মানৱ অধিকাৰৰ পোষকতা

জাহাংগীৰ এ জি এইচ এছ লিগেল এড চেলৰ উপৰি আছমা জাহাংগীৰ ফাউণ্ডেশ্যনৰ ব'ৰ্ডত আছে, য'ত তেওঁ মহিলা, শিশু আৰু প্ৰান্তীয় সম্প্ৰদায়ক বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰে।১

তেওঁৰ আগৰ মাতৃৰ দৰেই পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ সক্ৰিয় সদস্য ১৪

কৃতিত্ব আৰু সন্মান

২০০৮ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই জাহাংগীৰক ইয়ং গ্ল’বেল লিডাৰ হিচাপে সন্মানিত কৰে। ১৬

পাঁচ বছৰত এবাৰ পোৱা এই বঁটা পাকিস্তানী মহিলা আৰু তেওঁলোকৰ সাহসক উৎসৰ্গা কৰি ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বঁটা লাভ কৰে মাতৃৰ হৈ। ৭৮

তথ্যসূত্ৰ

  1. ↑ (30 September 2018). Asma Jahangir — A Memorial (scroll down to read Munizae Jahangir profile also). Asia Society - New York
  2. ↑ Ahsan, Aitzaz. (5 March 2018). The other side of Asma. Dawn (newspaper)
  3. ↑ Munizae Jahangir profile. Women Make Movies (wmm.com) website
  4. ↑ Munizae Jahangir profile. World Economic Forum website
  5. ↑ (April 2012). Interview: Munizae Jahangir. Newsline magazine
  6. ↑ The Forum of Young Global Leaders - A generation of change. World Economic Forum website
  7. ↑ (19 December 2018). Asma Jahangir wins prestigious UN Prize: Munizae receives award on mother's behalf. The News International (newspaper)
  8. ↑ (20 December 2018). Asma Jahangir. Pakistan Press Foundation (PPF) website

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকচলচ্চিত্ৰ প্ৰযোজকপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনিজাই জাহাংগীৰ” প্ৰবন্ধৰ সংশোধন ৫৭১৪৬২ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।