ৰোছানেহ জাফৰ (Roshaneh Zafar) এগৰাকী পাকিস্তানী উন্নয়ন কৰ্মী, যিয়ে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত কাম কৰে। ১৯৯৬ চনত তেওঁ পাকিস্তানত প্ৰথমটো বিশেষ ক্ষুদ্ৰ বিত্তীয় সংস্থা কাছফ ফাউণ্ডেশ্যন গঠন কৰে যিয়ে সমগ্ৰ পাকিস্তানত ৫০ লাখতকৈ অধিক মহিলা উদ্যোগীক সেৱা আগবঢ়াইছে আৰু ইয়াৰ সামগ্ৰিক বিত্তীয় সেৱা কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ পথ প্ৰশস্ত কৰি আহিছে।১২৩
কৰ্মজীৱন
পাকিস্তানী ৰাজনীতিবিদ এছ এম জাফৰৰ কন্যা আৰু বিখ্যাত সংগীতজ্ঞ মালিকা পুখৰাজৰ নাতিনী ৰোছানেহে লাহোৰত জন্মগ্ৰহণ কৰে আৰু তাতেই ডাঙৰ-দীঘল হয়। ৪৫আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন বিজনেছ স্কুলৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইয়েল বিশ্ববিদ্যালয়ত উন্নয়ন অৰ্থনীতি অধ্যয়ন কৰে আৰু পাকিস্তানলৈ উভতি অহাৰ পিছত '৯০ৰ দশকৰ আৰম্ভণিতে ইছলামবাদৰ বিশ্ব বেংকত কাম কৰে। ১৯৯৬ চনত বাংলাদেশৰ গ্ৰামীণ বেংক আৰু ইয়াৰ প্ৰতিষ্ঠাপক মহম্মদ ইউনুছৰ পৰা অনুপ্ৰাণিত হৈ জাফৰে লাহোৰত পাকিস্তানৰ প্ৰথমটো বিশেষ ক্ষুদ্ৰ বিত্তীয় সংস্থা কাছফ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, য'ত ইউনুছ আৰু তেওঁৰ আইতাক মালিকা পুখৰাজৰ আৰ্থিক সহায়ত মহিলা সবলীকৰণত দৃঢ় বিশ্বাস আছিল।৬৫
জাফৰ পাকিস্তানৰ প্ৰথম অশোক ফেলোসকলৰ ভিতৰত অন্যতম আছিল আৰু ২০০৪ চনত তেওঁক শ্বৱাব ফাউণ্ডেশ্যনৰ সামাজিক উদ্যোগী হিচাপে নিৰ্বাচিত কৰা হৈছিল।৭ ২০০৭ চনত জাফাৰক উন্নয়ন আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ স্বীকৃতি স্বৰূপে তেতিয়াৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে পাকিস্তানৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা তামঘা-ই-ইমটিয়াজ প্ৰদান কৰে।৮ সেই বছৰতে জাফাৰে সামাজিক উদ্যোগীকৰণৰ বাবে স্কোল বঁটাও লাভ কৰে।৯
তথ্যসূত্ৰ
- ↑ Roshaneh Zafar: Social Entrepreneur Empowers Women. US Embassy IIP Digital. United States Government Department of State
- ↑ News Desk. (2019-03-08). Roshaneh Zafar – Founder of Kashf Foundation: Celebrating Pakistani Women. Global Village Space
- ↑ (2019-03-24). Kashf Foundation awards women entrepreneurs. Business Recorder
- ↑ (2015-10-25). Roshaneh Zafar: Microfinance Pioneer in Pakistan. Women's World Banking
- ↑ Coleman, Isobel. (2010). Paradise beneath her feet: how women are transforming the Middle East. Random House. ISBN 978-1-4000-6695-7
- ↑ Arabic; Africa, Middle East &. Small Loans, Large Purpose: How Roshaneh Zafar Became a Leader in Pakistani Microfinance. Knowledge@Wharton
- ↑ (2013-09-05). Roshaneh Zafar featured in Ashoka blog on Forbes.com – Women's World Banking. Women's World Banking
- ↑ Obama pays tribute to Roshaneh Zafar of Kashf Foundation
- ↑ (2019-03-22). Kashf Entrepreneurship Awards 2019. The Nation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোছানেহ জাফৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৯২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।