পদাৰ্থ বিজ্ঞানী
৫৮ প্ৰবন্ধ
-
আন্ লুইলিয়ে
আন্ জেনেভিভ লুইলিয়ে ৱাহলষ্ট্ৰম (Anne Genevieve L'Huillier Wahlström; জন্ম: ১৬ আগষ্ট ১৯৫৮) এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী আৰু ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা। বৰ্তমান তেওঁ বাস্তৱ সময়ত ইলেক্ট্ৰনৰ গতিবিধি অধ্যয়ন কৰা এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান গোটক নেতৃত্ব প্ৰদান কৰিছে।
-
কাৰ্ল' ৰ'ভেল্লী
কাৰ্ল' ৰ'ভেল্লী (Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে। তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়।
-
কুলেন্দু পাঠক
ড° কুলেন্দু পাঠক (জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল।
-
জন বেনিষ্টাৰ গুডএনাফ
জন বেনিষ্টাৰ গুডএনাফ (জন্ম: ২৫ জুলাই ১৯২২) এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।
-
পিয়েৰ অগ'ষ্টিনি
পিয়েৰ অগ'ষ্টিনি (Pierre Agostini,; জন্ম ২৩ জুলাই ১৯৪১) এগৰাকী ফৰাচী পৰীক্ষামূলক পদাৰ্থবিজ্ঞানী আৰু অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰ এমেৰিটাছ অধ্যাপক। তেওঁ শক্তিশালী ক্ষেত্ৰ লেজাৰ পদাৰ্থ বিজ্ঞান আৰু এট'ছেকেণ্ড বিজ্ঞানৰ অগ্ৰণী গৱেষণাৰ বাবে বিশেষভাৱে জনাজাত।
-
ফেৰেণ্টচ ক্ৰাউচ
ফেৰেণ্টচ ক্ৰাউচ ( Ferenc Krausz; জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।
-
মাৰ্গেৰিটা হেক
মাৰ্গেৰিটা হেক (Margherita Hack,, ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।
-
লে'ভ লাণ্ডাউ
লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।
-
হৰিশ-চন্দ্ৰ
হৰিশ-চন্দ্ৰ (Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ।
-
আৰৱিন শ্ৰুডিঙগাৰ
আৰৱিন ৰুডলফ জচেফ আলেকজাণ্ডাৰ শ্ৰুডিঙগাৰ (Erwin Rudolf Josef Alexander Schrödinger; ১২ আগষ্ট ১৮৮৭ – ৪ জানুৱাৰী ১৯৬১) এজন প্ৰখ্যাত অষ্ট্ৰিয়ান ভৌতবিজ্ঞানী আছিল। তেওঁ কুৱাণ্টাম তত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ১৯৩৩ চনত পল ডিৰাকৰ সৈতে মিলি নবেল বঁটা লাভ কৰিছিল।
-
এনৰিকো ফাৰ্মি
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল।
-
গটফ্ৰিড উইলহেল্ম লেইবনিজ
গটফ্ৰিড উইলহেল্ম লেইবনিজ (ইংৰাজী: Gottfried Wilhelm (Von) Leibniz) এজন জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞ। কেলকুলাছৰ আৱিষ্কাৰক হিচাপে তেখেতক সন্মান জনোৱা হয়। তেওঁৰ ব্যৱহৃত কেলকুলাছৰ অংকপাতন পদ্ধতি বা নোটেশ্বনসমূহ বৰ্তমানেও ব্যৱহাৰ কৰা হয়। আধুনিক কম্পিউটাৰৰ মূল আধাৰ দ্বৈত পদ্ধতি তেওঁৰ উদ্ভাৱন।
-
জন ডেল্টন
জন ডেল্টন (John Dalton) হৈছে এজন ইংৰাজ ৰসায়নবিদ, পদাৰ্থবিজ্ঞানী আৰু বতৰ বিজ্ঞানী। তেওঁ ৰসায়ন বিজ্ঞানত পাৰমাণৱিক তত্ত্বৰ পৰিচয় দিয়াৰ বাবে, আৰু ৰঙৰ অন্ধত্বৰ ওপৰত তেওঁৰ গৱেষণাৰ বাবে সৰ্বাধিক জনাজাত।
-
জয়ন্ত কুমাৰ শৰ্মা
ড° জয়ন্ত কুমাৰ শৰ্মা অসমৰ এগৰাকী আগশাৰীৰ পদাৰ্থবিদ, শিক্ষাবিদ, লেখক আৰু সম্পাদক৷
-
জেমছ প্ৰেস্কট জুল
জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল।
-
জোছেফ জন টমছন
জোছেফ জন টমছন (Joseph John Thomson) আছিল নোবেল বঁটা প্ৰাপ্ত এজন পদাৰ্থ বিজ্ঞানী। তেওঁৱেই প্ৰথমতে বিশ্ববাসীক পাৰমাণৱিক কণিকা ইলেক্ট্ৰনৰ লগত চিনাকি কৰাই দিছিল।
-
মিচ্ছিঅ' কাকু
মিচ্ছিঅ' কাকু (Michio Kaku; জন্ম: জানুৱাৰী ২৪, ১৯৪৭) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত অংশ লোৱা ব্যক্তি। কাকু চিটি কলেজ অৱ নিউয়ৰ্ক আৰু "কানি (CUNY- City University of New York) স্নাতক কেন্দ্ৰ"ৰ এজন তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক।
-
হেনৰী কেভেণ্ডিছ
হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।
-
আলী বাকৌই
আলী মনছুৰ বাকৌই কাত্ৰিমি (Ali Mansour Bakouei Katrimi) ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী আছিল। তদুপৰি বাকৌই এজন শিক্ষাবিদো আছিল। পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ছুপাৰকেপাচিটৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে বিখ্যাত।
-
উৰ্চুলা কেলাৰ
উৰ্চুলা কেলাৰ ( Ursula Keller; জন্ম: ২১ জুন ১৯৫৯) এগৰাকী চুইজাৰলেণ্ডৰ পদাৰ্থবিজ্ঞানী। ১৯৯৩ চনৰ পৰা তেওঁ চুইজাৰলেণ্ডৰ ই টি এইচ জুৰিখৰ টেন্যুৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা।
-
এন্থনী লেগেট
এন্থনী জেমছ লেগেট (২৬ মাৰ্চ ১৯৩৮ – ৮ মাৰ্চ ২০২৬)Anthony James Leggett এজন ব্ৰিটিছ–আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ইউনিভাৰচিটি অব ইলিনয়েছ আৰ্বানা–শ্যাম্পেইন ( University of Illinois Urbana-Champaign)-ৰ অধ্যাপক আছিল| নিম্ন-উষ্ণতাৰ পদাৰ্থবিজ্ঞানৰ তত্ত্বক্ষেত্ৰত তেওঁ বিশ্বজুৰি…
-
চন্দা জ'গ
চন্দা জয়ন্ত জ'গ (Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ।
-
ফাৰজানা আসলাম
ফাৰজানা আসলাম এগৰাকী পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কভেণ্ট্ৰি বিশ্ববিদ্যালয়ৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ স্নাতক অধ্যয়নৰ প্ৰবক্তা।
-
ভাৰ্জিনিয়া কাৰ্টাৰ
ভাৰ্জিনিয়া কাৰ্টাৰ(Virginia Carter; ১৮ নৱেম্বৰ ১৯৩৬ – ১৭ অক্টোবৰ ২০২৪)কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী পদাৰ্থবিজ্ঞানী আৰু মনোৰঞ্জনৰ কাৰ্যবাহী আছিল।
-
মিত্ৰা দত্ত
মিত্ৰ দত্ত ( Mitra Dutta; জন্ম ১৯৫৩ ) এগৰাকী ভাৰতীয়-আমেৰিকান পদাৰ্থবিজ্ঞানী আৰু ইলেক্ট্ৰনিক্স অভিযন্তা, যি অপ্টোইলেক্ট্ৰনিকছৰ গৱেষণাৰ বাবে পৰিচিত। তেওঁ চিকাগোৰ ইলিনয় বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযান্ত্ৰিক বিভাগৰ বিশিষ্ট অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণাৰ প্ৰাক্তন উপাচাৰ্য।
-
লৰ্ড কেলভিন
লৰ্ড কেলভিন (ইংৰাজী: Lord Kelvin, ২৬ জুন, ১৮২৪–১৯০৭) এগৰাকী গণিতজ্ঞ আৰু প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী। তাপবিজ্ঞান, বিদ্যুৎ বিজ্ঞান, চুম্বকত্ব, বলবিজ্ঞান আদি পদাৰ্থ বিজ্ঞানৰ প্ৰায় সকলো শাখাতে তেওঁ নিজৰ মেধা আৰু দক্ষতা প্ৰদৰ্শন কৰিছিল।
-
হেৰ্মানুছ হাগা
হেৰ্মান হাগা (২৪ জানুৱাৰী ১৮৫২ – ১১ ছেপ্টেম্বৰ ১৯৩৬) এজন ডাচ পদাৰ্থ বিজ্ঞানী আছিল।
-
ৰূপামঞ্জৰী ঘোষ
ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল।