জোছেফ জন টমছন (Joseph John Thomson) আছিল নোবেল বঁটা প্ৰাপ্ত এজন পদাৰ্থ বিজ্ঞানী। তেওঁৱেই প্ৰথমতে বিশ্ববাসীক পাৰমাণৱিক কণিকা ইলেক্ট্ৰনৰ লগত চিনাকি কৰাই দিছিল।
জন্ম আৰু শিক্ষা
জোছেফ জন টমছনৰ জন্ম হৈছিল ১৮৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মানচেষ্টা চহৰৰ ওচৰৰ ছিথাম হিল নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল জোছেফ জেমচ্ টমছন আৰু মাতৃৰ নাম আছিল ইমা ছুইন্দেলছ্।১ ১৮৭০ চনত তেওঁ মানচেষ্টাৰ ওৱেঞ্চ কলেজত নাম ভৰ্তি কৰে। তেওঁৰ পিতৃ-মাতৃৰ ইচ্ছা অনুযায়ী ১৪ বছৰৰ বয়সতে মানচেষ্টাৰ এখন ইঞ্জিনিয়াৰিং কলেজত নাম ভৰ্তি কৰে। ১৮৭৬ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত অধ্যয়ন কৰিব যায়। ১৮৮০ চনত তেওঁ গণিতত কলা শাখাৰ স্নাতক হৈছিল। ১৮৮৩ চনত জোছেফ জন টমছনে কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে লগতে আদাম্ছ প্ৰাইজো।২
কৰ্মজীৱন
১৮৮৪ চনৰ ২২ডিচেম্বৰত ২৮ বছৰৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পদাৰ্থৰ বিজ্ঞানৰ কেভেণ্ডিচ পৰীক্ষাগাৰৰ সঞ্চালক (কেভেণ্ডিচ প্ৰফেচাৰ) হয়। তেওঁৰ আগৰজন সঞ্চালক আছিল লৰ্ডৰেলে।২৩ জোছেফ জন টমছনে প্ৰথম অৱস্থাৰ পৰা শেষলৈকে বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰিছিলা। তেওঁৰ অণুৰ প্ৰতি থকা ৰাপৰ কথা প্ৰতিফলিত হয় তেওঁৰ ট্ৰেটিছ্ অন দ্য ম'চ'ন অফ্ ভৰ্টেক্স ৰিঙছ্ (Treatise on the Motion of Vortex Rings) যাৰ বাবে তেওঁ ১৮৮৪ চনত আডামছ্ প্ৰাইজ পাইছিল।৩ ১৮৯৪ চনত টমছনে কেথড ৰশ্মিৰ ওপৰত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। টমছনে সেইসময়ত ব্যৱহৃত সঁজুলি আৰু পদ্ধতিসমূহতকৈ উন্নত সঁজুলি আৰু পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। টমছনে বায়ুশূন্যৰ মাজেৰে কেথড ৰশ্মি প্ৰবাহিত কৰিছিল আৰু কিমান কোণত ৰশ্মিৰ গতিপথ সলনি হয় তাক উলিয়াবলৈ সক্ষম হৈছিল। লগতে তেওঁ বৈদুতিক আধানৰ আৰু কণিকাবোৰৰ ভৰৰ অনুপাত উলিয়াবলৈ সক্ষম হয়। টমছনে আৱিষ্কাৰ কৰিলে যে এই অনুপাত সকলো গেছৰ কাৰণেই সমান হয়। ইয়াৰ যোগেদি তেওঁ প্ৰমাণ কৰে যে একেবোৰ কণিকাৰ দ্বাৰা গেছবোৰ গঠিত হৈছে। তেওঁ এই কণিকাবোৰৰ নাম দিছিল ক'ৰপাছ্কুলছ (corpuscles) যাক বৰ্তমান কোৱা হয় ইলেক্ট্ৰন। ১৯০৬ চনত টমছনে ধনাত্মক আধান বা ধনাত্মক ৰশ্মিৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ১৯১২চনত তেওঁ চুম্বকীয় আৰু বৈদুতিক ক্ষেত্ৰৰ মাজেৰে আয়নাইজ্দ নিয়ন পাৰ কৰি অধান আৰু ভৰৰ অনুপাত উলিয়াই। তেওঁ আৱিষ্কাৰ কৰিলে যে নিয়নৰ দুই ধৰণৰ অণু আছে আৰু আয়ছ'টপ উপস্থিতি প্ৰমাণ কৰে। মাছ্ স্পেক্ট্ৰমেট্ৰিৰ ই প্ৰথম প্ৰয়োগ আছিল।৪ ১৯১৯ চনত টমছনে কেভেণ্ডিচ পৰীক্ষাগাৰৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ট্ৰিনিটি কলেজৰ মাষ্টাৰ পদ গ্ৰহণ কৰে। তেওঁ মৃত্যুৰ সময় ১৯৪০ চনৰ ৩০ আগষ্টলৈকে তেওঁ এই পদৰ দায়িত্ব বহন কৰিছিল।২
বঁটা আৰু সন্মান
টমছনে তেওঁৰ জীৱন কালত যথেষ্ট সংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। ১৮৮৪ চনত টমছন ৰ'য়েল ছছাইটিৰ সদস্য হৈছিল আৰু ১৯১৬-১৯২০ ৰ ভিতৰত ছছাইটিৰ প্ৰেচিডেণ্ট আছিল। তেওঁ লাভ কৰা মেডেলসমূহ এনেধৰণৰ৩
- ১৮৯৪ চনত ৰ'য়েল মেডেল,
- ১৯০২ চনত হিউজ মেডেল,
- ১৯১৪ চনত ক'পলে মেডেল,
- ১৯২৩ চনত হ'পকিন মেডেল,
- ১৯২৩ চনত ফ্ৰেঙ্কলিন মেডেল,
- ১৯২৭ চনত মাস্কাৰ্ট মেডেল,
- ১৯৩১ চনত ডেল্টন মেডেল,
- ১৯৩৮ চনত ফাৰাডে মেডেল,
১৯০৮ চনত তেওঁ ছাৰ উপাধি লাভ কৰিছিল। তেওঁ ১৯০৯চনত ব্ৰিটিছ এচ'চিয়েচনৰ প্ৰেচিডেণ্ট আছিল। তেওঁ কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল; অক্সফ'ৰ্ড, ডাব্লিন, লণ্ডন, ভিক্টৰিয়া, ক'লম্বিয়া, কেম্ব্ৰিজ, ডুৰহাম, বিৰমিঙ্গহাম, গত্তিজেন, লীড্ছ, অচ্ল', চৰব'ন, ইডিনবাৰ্গ, ৰিডিং, প্ৰিঞ্চটন, গ্লাছ্গ', জ'ন হ'পকিনছ্, আবেৰডিন,এথেঞ্চ, ক্ৰেক' আৰু ফিলেডেলফিয়া। ১৯০৬ চনত জোছেফ জন টমছনে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।৩ টমছনৰ তত্ত্বাবধানত গৱেষণা কৰা মুঠ ৯জন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছিল যাৰ ভিতৰত তেওঁৰ পুত্ৰ জৰ্জ পাগেট টমছনো ( ১৯৩৭ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা) আছিল।২৩
তথ্যসূত্ৰ
- ↑ DAVIS, E.A.; FALCONER, I. J. (1997). J.J. Thomson and the Discovery of the Electron. CRC Press Taylor & Francis Group
- ↑ কুমাৰ শৰ্মা, মুকুল. (২০০২চন). নিউক্লীয় বিজ্ঞানী. বিদ্যাভৱন
- ↑ J.J. Thomson Biographical. NobelPrize.org.. Nobel Media AB 2020
- ↑ J.J. Thomson Biography. Biography
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোছেফ জন টমছন” প্ৰবন্ধৰ সংশোধন ৬৩১৩০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।