অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফেৰেণ্টচ ক্ৰাউচ

ফেৰেণ্টচ ক্ৰাউচ ( Ferenc Krausz; জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৫০ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ফেৰেণ্টচ ক্ৰাউচ ( Ferenc Krausz; জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। তেওঁৰ গৱেষণা দলটোৱে প্ৰথম বাৰৰ বাবে এট'ছেকেণ্ডৰ পোহৰৰ স্পন্দন সৃষ্টি কৰাৰ লগতে ইয়াৰ জোখ-মাখ কৰিছিল। ইয়াক পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ গতি ধৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ ফলত এট'ফিজিক্স নামৰ পদাৰ্থ বিজ্ঞানৰ এক নতুন শাখাৰ জন্ম হৈছে।১ ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬২ চনৰ ১৭ মে' তাৰিখে হাংগেৰীৰ মৰ চহৰত ফেৰেণ্টচ ক্ৰাউচৰ জন্ম হৈছিল। ১৯৮১ চনৰ পৰা ১৯৮৫ চনলৈকে তেওঁ অট্‌ভচ লৰেণ্ড বিশ্ববিদ্যালয়ত তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু হাংগেৰীৰ বুডাপেষ্টৰ কাৰিকৰী বিশ্ববিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিকী অধ্যয়ন কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ অষ্ট্ৰিয়াৰ ভিয়েনাৰ কাৰিকৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ একেখন বিশ্ববিদ্যালয়ত তেওঁ নিজৰ হেবিলিটেচন সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ ভিয়েনা কাৰিকৰী বিশ্ববিদ্যালয় ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ একেটা প্ৰতিষ্ঠানতে বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত থাকে। ২০০৩ চনত তেওঁ গাৰ্চিঙৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোৱাণ্টাম অপটিক্সৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে আৰু ২০০৪ চনত মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ানছ বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান আসন লাভ কৰে। ২০০৬ চনত তেওঁ মিউনিক-চেণ্টাৰ ফৰ এডভান্সড ফটোনিক্স (MAP)ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে ইয়াৰ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ অন্যতম সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৩

গৱেষণা

ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ গৱেষণা দলটোৱে প্ৰথমে এক ফেমট’ছেকেণ্ডতকৈও কম সময়ৰ পোহৰৰ স্পন্দন সৃষ্টি কৰিছিল আৰু ইয়াৰ জোখ-মাখ কৰিছিল। গৱেষকসকলে এই এট’ছেকেণ্ড পোহৰৰ স্পন্দনসমূহ ব্যৱহাৰ কৰি ইলেক্ট্ৰনৰ ভিতৰৰ পৰমাণুৰ গতি বাস্তৱ সময়ত পৰ্যবেক্ষণযোগ্য কৰি তুলিছিল। এই ফলাফলসমূহে এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটায়।৪৫৬৭

১৯৯০ দশকত এই মাইলৰ খুঁটিস্বৰূপ গৱেষণাৰ ফলাফল ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে৮ ফেমট'ছেকেণ্ড লেজাৰ প্ৰযুক্তিৰ অধিক বিকাশৰ বাবে কৰিছিল। পোহৰৰ স্পন্দনৰ দিশত এই লেজাৰে শক্তি বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ এটা একক দোলনত কঢ়িয়াই লৈ যায়। এনে চুটি পোহৰৰ স্পন্দন সৃষ্টিৰ বাবে এটা অপৰিহাৰ্য পূৰ্বচৰ্ত হ’ল ব্ৰডবেণ্ড (বগা) পোহৰৰ বিভিন্ন ৰঙৰ উপাদানৰ এটা সম্পূৰ্ণ অষ্টকত বিলম্বৰ উচ্চ নিখুঁত নিয়ন্ত্ৰণ কৰা। ফেৰেণ্টচ ক্ৰাউচ আৰু ৰবাৰ্ট শ্বিপ'কছৰ সহযোগিতাৰে নিৰ্মিত এপেৰিয়াডিক বহুস্তৰীয় (চিৰ্পড মিৰ'ৰ)৯ এনে নিয়ন্ত্ৰণ সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান সময়ৰ ফেমট'ছেকেণ্ড লেজাৰ ব্যৱস্থাত ই অপৰিহাৰ্য অংশ।

২০০১ চনত ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰথমবাৰৰ বাবে কেৱল এটাৰ পৰা দুটা তৰংগ চক্ৰৰে গঠিত তীব্ৰ লেজাৰ স্পন্দনৰ দ্বাৰা এট'ছেকেণ্ড পোহৰৰ স্পন্দন (চৰম অতিবেঙুনীয়া পোহৰৰ) সৃষ্টি কৰাই নহয় ইয়াক জুখিবলৈও সক্ষম হয়। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁলোকে উপপৰমাণু স্কেলত ইলেক্ট্ৰনৰ গতি বাস্তৱ সময়ত অনুসন্ধান কৰিবলৈও সক্ষম হয়।১০ ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰদৰ্শন কৰা ফেমট'ছেকেণ্ড স্পন্দনৰ তৰংগ আকৃতিৰ নিয়ন্ত্ৰণ১১ আৰু তাৰ ফলত হোৱা পুনৰোৎপাদনযোগ্য এট'ছেকেণ্ড পালছৰ ফলত আজিৰ পৰীক্ষামূলক এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ প্ৰযুক্তিগত ভিত্তি হিচাপে এট'ছেকেণ্ড জোখা কৌশল১২১৩ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ক্ৰাউচ আৰু তেওঁৰ সহকৰ্মীসকলে এই সঁজুলিসমূহৰ সহায়ত অণুত থকা ইলেক্ট্ৰন নিয়ন্ত্ৰণ কৰিবলৈ সফলতা লাভ কৰিছিল১৪ আৰু প্ৰথমবাৰৰ বাবে বাস্তৱ সময়ত বহু সংখ্যক মৌলিক ইলেক্ট্ৰন প্ৰক্ৰিয়া যেনে কোৱাণ্টাম টানেলিং,১৫ আধান পৰিবহণ ব্যৱস্থা১৬,সুসংহত চৰম অতিবেঙুনী নিৰ্গমন,১৭ বিলম্বিত ফট'ইলেক্ট্ৰিক প্ৰভাৱ১৮, যোজক ইলেক্ট্ৰনৰ গতি১৯২০ আৰু ডাইলেক্ট্ৰিকসমূহৰ আলোকীয় আৰু বৈদ্যুতিক ধৰ্ম নিয়ন্ত্ৰণ নিৰীক্ষণ কৰিবলৈ সক্ষম হয়।২১২২ এই ফলাফলসমূহ জোৱাচিম বাৰ্গড’ৰফাৰ, পল কৰ্কাম, থিয়ডৰ হানচ, মিছা ইভানভ, উলৰিচ হাইঞ্জমেন, ষ্টিফেন লিঅ’ন, ৰবিন চেণ্ট্ৰা, মাৰ্ক ষ্টকমেন আৰু মাৰ্ক ভ্ৰাকিঙৰ দৰে বিজ্ঞানীৰ গোটৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰৰ সম্ভৱ হৈছে।

ক্ৰাউচ আৰু তেওঁৰ এট’ৱৰ্ল্ড-দলে বৰ্তমান বায়'মেডিকেলৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে ইনফ্ৰাৰেড স্পেকট্ৰ’স্কপি অধিক বিকশিত কৰিবলৈ এট’ছেকেণ্ড জোখ-মাখ প্ৰযুক্তিৰ ভিত্তি হিচাপে কাম কৰা ফেমট’ছেকেণ্ড লেজাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। আল্ট্ৰাশ্বৰ্ট ইনফ্ৰাৰেড লেজাৰ পালছৰ দ্বাৰা উত্তেজিত জৈৱিক নমুনাই ইনফ্ৰাৰেড (অৱলোহিত) তৰংগ নিৰ্গত কৰে। এই তৰংগবোৰৰ বৈদ্যুতিক ক্ষেত্ৰ স্কেন কৰি তথাকথিত বৈদ্যুতিক ক্ষেত্ৰ আণৱিক ফিংগাৰ প্ৰিণ্ট (EMF) জুখি অনুসন্ধানৰ অধীনত থকা নমুনাবোৰৰ আণৱিক গঠনৰ ক্ষুদ্ৰ পৰিৱৰ্তন ধৰা পেলাব পাৰি। লেজাৰ পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ, চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰে গঠিত গৱেষণামূলক সহযোগিতা লেজাৰফৰলাইফ (Lasers4Life)২৩ আৰু চেণ্টাৰ ফৰ মলিকিউলাৰ ফিংগাৰপ্ৰিণ্টিঙৰ২৪ লক্ষ্য হৈছে তেজৰ নমুনাৰ ইএমএফৰ জোখ-মাখ ব্যৱহাৰ কৰি মানুহৰ স্বাস্থ্যৰ তথ্য অনুসৰণ কৰা আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলোৱা।

বঁটা আৰু সন্মান

  • ২০০৬ – ৰয়েল ফটোগ্ৰাফিক ছ'চাইটিৰ প্ৰগ্ৰেছ পদক আৰু সন্মানীয় ফেল'শ্বিপ২৫
  • ২০১৩ – অট্টো হান বঁটা২৬
  • ২০১৫ – পল কৰ্কামৰ সৈতে যুটীয়াভাৱে "এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ বিকাশত অৱদানৰ বাবে।" পদাৰ্থ বিজ্ঞানত ক্লাৰিভেট চাইটেচন বঁটা২৭
  • ২০১৬ – জাৰ্মান একাডেমী অৱ চাইন্সেছ লিঅ'পল্ডিনাৰ সদস্য।২৮
  • ২০১৯ – ভ্লাডিলেন লেটোখভ পদক২৯
  • ২০২২ – "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানলৈ অগ্ৰণী অৱদানৰ বাবে" আন্ লুইলিয়ে আৰু কৰ্কমৰ সৈতে পদাৰ্থ বিজ্ঞানত ৱল্ফ বঁটা৩০
  • ২০২২ – আন্ লুইলিয়ে আৰু কৰ্কামৰ সৈতে বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড ইন বেচিক চাইন্সেছ৩১
  • ২০২৩ – পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা৩২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Krausz, Ferenc; Ivanov, Misha. (2 February 2009). Attosecond physics. Reviews of Modern Physics. American Physical Society (APS). পৃ. 163–234
  2. ↑ Davis, Nicola. (3 October 2023). Nobel prize in physics awarded to three scientists for work on electrons. The Guardian
  3. ↑ Prof. Dr. Ferenc Krausz
  4. ↑ Silberberg, Yaron. (2001). Physics at the attosecond frontier. Nature. পৃ. 494–495
  5. ↑ Lewenstein, M. (2002). PHYSICS: Resolving Physical Processes on the Attosecond Time Scale. Science. পৃ. 1131–1132
  6. ↑ Dimauro, Louis F. (2002). Atomic photography. Nature. পৃ. 789–790
  7. ↑ Bucksbaum, Philip H. (2003). Ultrafast control. Nature. পৃ. 593–594
  8. ↑ Brabec, Thomas; Krausz, Ferenc. (1 April 2000). Intense few-cycle laser fields: Frontiers of nonlinear optics. Reviews of Modern Physics. American Physical Society (APS). পৃ. 545–591
  9. ↑ Szipöcs, Robert; Spielmann, Christian; Krausz, Ferenc. (1 February 1994). Chirped multilayer coatings for broadband dispersion control in femtosecond lasers. Optics Letters. The Optical Society. পৃ. 201
  10. ↑ Drescher, M.; Hentschel, M.; Kienberger, R. (2002). Time-resolved atomic inner-shell spectroscopy. Nature. Springer Science and Business Media LLC. পৃ. 803–807
  11. ↑ Baltuška, A.; Udem, Th.; Uiberacker, M. (6 February 2003). Attosecond control of electronic processes by intense light fields. Nature. Springer Science and Business Media LLC. পৃ. 611–615
  12. ↑ Kienberger, R.; Goulielmakis, E.; Uiberacker, M. (2004). Atomic transient recorder. Nature. Springer Science and Business Media LLC. পৃ. 817–821
  13. ↑ Goulielmakis, E.; Uiberacker, M.; Kienberger, R. (27 August 2004). Direct Measurement of Light Waves. Science. American Association for the Advancement of Science (AAAS). পৃ. 1267–1269
  14. ↑ Kling, M. F.; Siedschlag, Ch.; Verhoef, A. J. (14 April 2006). Control of Electron Localization in Molecular Dissociation. Science. American Association for the Advancement of Science (AAAS). পৃ. 246–248
  15. ↑ Uiberacker, M.; Uphues, Th.; Schultze, M. (2007). Attosecond real-time observation of electron tunnelling in atoms. Nature. Springer Science and Business Media LLC. পৃ. 627–632
  16. ↑ Cavalieri, A. L.; Müller, N.; Uphues, Th. (2007). Attosecond spectroscopy in condensed matter. Nature. Springer Science and Business Media LLC. পৃ. 1029–1032
  17. ↑ Goulielmakis, E.; Schultze, M.; Hofstetter, M. (20 June 2008). Single-Cycle Nonlinear Optics. Science. American Association for the Advancement of Science (AAAS). পৃ. 1614–1617
  18. ↑ Schultze, M.; Fieß, M.; Karpowicz, N. (25 June 2010). Delay in Photoemission. Science. American Association for the Advancement of Science (AAAS). পৃ. 1658–1662
  19. ↑ Goulielmakis, Eleftherios; Loh, Zhi-Heng; Wirth, Adrian. (2010). Real-time observation of valence electron motion. Nature. Springer Science and Business Media LLC. পৃ. 739–743
  20. ↑ Wirth, A.; Hassan, M. Th.; Grguraš, I. (14 October 2011). Synthesized Light Transients. Science. American Association for the Advancement of Science (AAAS). পৃ. 195–200
  21. ↑ Schiffrin, Agustin; Paasch-Colberg, Tim; Karpowicz, Nicholas. (5 December 2012). Optical-field-induced current in dielectrics. Nature. Springer Science and Business Media LLC. পৃ. 70–74
  22. ↑ Schultze, Martin; Bothschafter, Elisabeth M.; Sommer, Annkatrin. (5 December 2012). Controlling dielectrics with the electric field of light. Nature. Springer Science and Business Media LLC. পৃ. 75–78
  23. ↑ Lasers4Life. Lasers4Life
  24. ↑ Scientific mission. Center for Molecular Fingerprinting
  25. ↑ Progress Medal
  26. ↑ Otto-Hahn-Preis | Gesellschaft Deutscher Chemiker e.V.
  27. ↑ Ferenc 2023 -Nobel Prize in Physics Krausz. German Academy of Sciences Leopoldina
  28. ↑ Reuters, Thomson. Thomson Reuters Forecasts Nobel Prize Winners. www.prnewswire.com
  29. ↑ The first 2019 Vladilen Letokhov Medal goes to Ferenc Krausz. European Physical Society
  30. ↑ (8 February 2022). Wolf Prize in Physics 2022
  31. ↑ BBVA Foundation Frontiers of Knowledge Award 2022
  32. ↑ The Nobel Prize in Physics 2023. NobelPrize.org

সম্পৰ্কিত শ্ৰেণী

হাংগেৰীৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীপদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰেণ্টচ ক্ৰাউচ” প্ৰবন্ধৰ সংশোধন ৬২৪৯৮৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।