অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্গেৰিটা হেক

মাৰ্গেৰিটা হেক (Margherita Hack,, ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।

হালনাগাদ: ১৫ জুন ২০২৬ ৯৪২ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মাৰ্গেৰিটা হেক (Margherita Hack,, ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।

জীৱনী

১৯২২ চনৰ ১২ জুন তাৰিখে ইটালীৰ তুস্কেনিৰ ফ্লোৰেন্সত মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ৰবেৰ্টো হেক প্ৰটেষ্টান চুইছ মূলৰ ফ্লোৰেণ্টিন গাণনিক আছিল। তেওঁৰ মাক মাৰিয়া লুইচা পোগেচি তুস্কেনিৰ এগৰাকী কেথলিক আৰু আকাডেমিয়া দি বেলে আৰ্টি দি ফায়াৰঞ্জেৰ স্নাতক আৰু উফিজি গেলেৰীত এগৰাকী মিনিয়েচাৰ শিল্পী আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকী ইটালিয়ান থিওচফিকেল চছাইটিত যোগদান কৰিবলৈ তেওঁলোকৰ ধৰ্ম ত্যাগ কৰিছিল। ইয়াৰ বাবে ৰবেৰ্টো হেক কাউণ্টেছ গাম্বাৰিনি-কাভালিনিৰ অধ্যক্ষতাত অলপ সময়ৰ বাবে সচিব আছিল।১২

যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে হেকে বাস্কেটবল খেলিছিল আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াক মুছলিনিৰ ফেচিষ্ট শাসনৰ অধীনত লিট'ৰিয়েলি বুলি কোৱা হৈছিল আৰু তেওঁ লং জাম্প আৰু হাই জাম্প ইভেণ্ট জিকিছিল।৩৪ ১৯৪৪ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে আৰ্চেট্ৰিৰ চান লিওনাৰ্ডোৰ গীৰ্জাত তেওঁ এলডো ডি ৰোজাক বিয়া কৰায়। ডি ৰোজায়ো তাইৰ শৈশৱৰ এজন সহ খেলুৱৈ আছিল।৫

তেওঁ ফ্লোৰেন্সৰ লিচিঅ ক্লাচিকো "গেলিলিঅ গেলিলি"ত অধ্যয়ন কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত তেওঁ পৰীক্ষাত বহিবলৈ অক্ষম হৈছিল। ১৯৪৫ চনত তেওঁ ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৬ জ্যোতিৰ্বিজ্ঞানত তেওঁৰ গৱেষণা পত্ৰ 'চেফেইড চলক'ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আৰ্চেট্ৰি অবজাৰ্ভেটৰীত তেওঁৰ অধ্যয়নৰ ওপৰত আধাৰিত কৰি আৰু জৰ্জিঅ এবেট্টিৰ নিৰ্দেশনাত তেওঁ নিজৰ গৱেষণা সম্পন্ন কৰিছিল। হেকে এজন বিজ্ঞানী, শিক্ষক আৰু বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ প্ৰশাসকৰ বাবে আবেট্টিক তেওঁৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰিছিল।৭

ইটালীত মাৰ্গেৰিটা হেক তেওঁৰ ধৰ্মবিৰোধী দৃষ্টিভংগী আৰু কেথলিক গীৰ্জা আৰু ইয়াৰ পদানুক্ৰম আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত তেওঁৰ নিৰন্তৰ সমালোচনাৰ বাবে জনাজাত আছিল।৮ তেওঁ এগৰাকী নিৰামিষভোজী আছিল আৰু 'পাৰ্চে চোনো ভেজিতাৰিনা' (মই কিয় নিৰামিষভোজী) শীৰ্ষক এই বিষয়ে বৰ্ণনা কৰি এখন কিতাপ লিখিছিল। তেওঁ 'লা মিয়া ভিটা ইন বিচিক্লেটা' (চাইকেলত মোৰ জীৱন) শীৰ্ষক এখন কিতাপও লিখিছিল।

২০১৩ চনৰ ২৯ জুনৰ পুৱা ৪:৩০ বজাত ট্ৰিয়েষ্টেৰ কেটিনাৰা চিকিৎসালয়ত হেকৰ মৃত্যু হয়। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁক এসপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত তেওঁ প্ৰায় দুবছৰ ধৰি অসুস্থতাত ভুগি আছিল।৯১০ তেওঁ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।১১ ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰত আলঝেইমাৰ ৰোগৰ জটিলতাৰ বাবে হেকৰ স্বামী এলডো ডি ৰোজাৰ মৃত্যু হয়। তেওঁলোক দুয়ো ট্ৰিয়েষ্টেৰ ছাণ্ট'আন্নাৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হয়। হেকে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ২৪,০০০তকৈ অধিক গ্ৰন্থ থকা তেওঁৰ ব্যক্তিগত পুথিভঁৰালখন ট্ৰিয়েষ্টে চহৰলৈ দান কৰে।

২০২১ চনৰ ১২ জুন তাৰিখে গুগলে তেওঁৰ ৯৯তম জন্মদিনত গুগল ডুডলৰ প্ৰদৰ্শিত কৰি উদযাপন কৰিছিল।১২১৩

বৈজ্ঞানিক কাৰ্যকলাপ

তেওঁ ১৯৬৪ চনৰ পৰা ১৯৯২ চনৰ ১ নৱেম্বৰলৈ ট্ৰিয়েষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আছিল।১৪ ১৯৬৪ চনৰ পৰা ১৯৮৭ চনলৈ ট্ৰাইষ্টে এষ্ট্ৰ'নমিকেল অবজাৰ্ভেটৰীৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা হেক প্ৰথম ইটালীৰ মহিলা হিচাপে পৰিগণিত হৈছিল।১৫১৬ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান সংস্থাৰ সভ্য মাৰ্গেৰিটা হেক ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈ আৰু ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ ট্ৰাইষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগৰ সঞ্চালক আছিল। তেওঁ আকাডেমিয়া নাজিওনেল দেই লিনচি (গাণিতিক পদাৰ্থ বিজ্ঞান আৰু প্ৰাকৃতিক বিজ্ঞানৰ শ্ৰেণীৰ ৰাষ্ট্ৰীয় সদস্য; দ্বিতীয় শ্ৰেণী: জ্যোতিৰ্বিজ্ঞান, জিঅ'ডেচিক, ভূ-পদাৰ্থ বিজ্ঞান আৰু প্ৰয়োগ; শাখা এ: জ্যোতিৰ্বিজ্ঞান আৰু প্ৰয়োগ)ৰ সভ্য আছিল।১৭ তেওঁ বহুতো আমেৰিকান আৰু ইউৰোপীয় পৰ্যৱেক্ষণালয়ত কাম কৰিছিল আৰু দীৰ্ঘদিন ধৰি ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ কৰ্মী গোটৰ সদস্য আছিল।১৮ ইটালীত এক গভীৰ প্ৰচাৰকাৰ্য্যৰ দ্বাৰা তেওঁ কেইবাটাও উপগ্ৰহৰ প্ৰৱেশাধিকাৰৰ সৈতে জ্যোতিৰ্বৈজ্ঞানিক সম্প্ৰদায়ৰ কাৰ্যকলাপৰ বিকাশ লাভ কৰে।

হেকে জনপ্ৰিয় বিজ্ঞান আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কেইবাখনো কিতাপত কেইবাখনো মূল কাকত আন্তৰ্জাতিক আলোচনাপত্ৰ প্ৰকাশ কৰিছে। ১৯৯৪ চনত তেওঁক বৈজ্ঞানিক গৱেষণাৰ বাবে টাৰ্গা জুচেপ্পে পিয়াজ্জি আৰু ১৯৯৫ চনত বৈজ্ঞানিক প্ৰচাৰৰ বাবে কৰ্টিনা উলিছ পুৰস্কাৰ প্ৰদান কৰা হয়।

১৯৭৮ চনত তেওঁ দ্বিমাহিক আলোচনী ল'এষ্ট্ৰ'নিয়া প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ প্ৰথম সংখ্যা ১৯৭৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাইছিল। পিছলৈ কোৰাডো লাম্বাৰ্টিৰ সৈতে মিলি তেওঁ জনপ্ৰিয় বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান সংস্কৃতি লে ষ্টেলে আলোচনীখন পৰিচালনা কৰে।১৯

সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপ

২০০৭ চনত ইউএএআৰ সন্মিলনত মাৰ্গেৰিটা হেক
২০০৭ চনত ইউএএআৰ সন্মিলনত মাৰ্গেৰিটা হেকছবি: Mrs. Rosalba Sgroia · Public domain

হেক বিজ্ঞানৰ বাহিৰে বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ কাৰ্যকলাপৰ বাবেও জনাজাত আছিল। তেওঁ নাস্তিক আছিল আৰু কোনো ধৰ্ম বা অতিপ্ৰাকৃতিকতাৰ ৰূপত বিশ্বাস কৰা নাছিল।২০ হেকে এইটোও বিশ্বাস কৰিছিল যে নৈতিকতা ধৰ্মৰ পৰা নহয় কিন্তু "বিবেকৰ নীতি"ৰ পৰা আহৰণ কৰিব পাৰি। ই যিকোনো লোকক জীৱনৰ প্ৰতি ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী ৰাখিবলৈ, আনৰ স্বকীয়তা আৰু স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকায়। ছদ্মবিজ্ঞানকে ধৰি যিকোনো ধৰণৰ অন্ধবিশ্বাসৰ প্ৰতি বিদ্বেষী মাৰ্গেৰিটা হেক ১৯৮৯ চনৰ পৰা চিআইচিএপিৰ বৈজ্ঞানিক গেৰাণ্টৰ আৰু যুক্তিবাদী নাস্তিক আৰু অজ্ঞেয়বাদী সংঘৰ (ইউএএআৰ) সন্মানীয় সভাপতি আছিল।২১ ২০০৫ চনত তেওঁ বৈজ্ঞানিক গৱেষণাৰ স্বাধীনতাৰ বাবে লুকা কচিয়নি এছ'চিয়েশ্যনত যোগদান কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ৰেডিকেল পাৰ্টিৰ সদস্য আছিল।২২

মিলান প্ৰদেশত ৫,৩৬৪টা ভোট লাভ কৰা ইটালীৰ কমিউনিষ্টৰ দলৰ তালিকাত ২০০৫ চনৰ লোম্বাৰ্ডিত ইটালীৰ আঞ্চলিক নিৰ্বাচনৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।২৩ নিৰ্বাচনৰ পিছত তেওঁ বেবো ষ্টৰ্টিক নিজৰ আসন দিছিল। ২০০৬ চনৰ ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ ইটালীৰ কমিউনিষ্ট দলৰ পক্ষ লৈছিল। তেওঁ চেম্বাৰ অফ ডেপুটিজৰ কেইবাখনো জিলাৰ বাবে মনোনীত হৈছিল কিন্তু তেওঁ নিজকে জ্যোতিৰ্বিজ্ঞানত নিয়োজিত কৰিবলৈ আসনখন এৰি দিয়াৰ সিদ্ধান্ত লৈছিল।

২০০৮ চনৰ ২২ অক্টোবৰ তাৰিখে ফ্লোৰেন্সৰ পিয়াজ্জা ডেলা চিগনোৰিয়াত আইন 133/08 ৰ বিৰুদ্ধে আলোচনাৰ পিছত (পূৰ্বতে আইন-ডিক্ৰী ১১২ হিচাপে জনাজাত আৰু "ট্ৰেমণ্টি ডিক্ৰী" বুলি কোৱা হৈছিল) এক ছাত্ৰ প্ৰদৰ্শনৰ সময়ত হেকে হিগছ বোচনৰ বিষয়ে চিইআৰএনত কৰা পৰীক্ষাবোৰৰ ওপৰত এটা বক্তৃতা দিছিল। ২০০৯ চনৰ ২১ জানুৱাৰীত তেওঁ জুনৰ ইউৰোপীয় নিৰ্বাচনৰ বাবে পুঁজিবাদ বিৰোধী তালিকাৰ প্ৰাৰ্থী হয়। তেওঁ এই নিৰ্বাচনত নিৰ্বাচিত হোৱা নাছিল। ২০০৯ চনৰ নৱেম্বৰ মাহত মাইক্ৰ'মেগা আলোচনীত এখন মুকলি পত্ৰৰ জৰিয়তে তেওঁ পৰিষদৰ ইটালীৰ সভাপতি চিলভিঅ বাৰ্লুস্কোনিক আইনী পদক্ষেপৰ বিষয়ে সমালোচনা কৰিছিল।২৪

২০১০ চনৰ আঞ্চলিক নিৰ্বাচনৰ সময়ত তেওঁ ফেডেৰাজিয়ন ডেলা চিনিষ্ট্ৰাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁ ৭০০০তকৈও অধিক ভোট লাভ কৰি ৰোম জিলালৈ নিৰ্বাচিত হৈছিল। প্ৰথম পৰিষদৰ বৈঠকৰ সময়ত তেওঁ আসনখন আন তালিকাৰ প্ৰাৰ্থীসকলৰ ওচৰত এৰি পদত্যাগ কৰিছিল।২৫ ২০১২ চনৰ অক্টোবৰত তেওঁ বাওঁপন্থী প্ৰাথমিক নিৰ্বাচনৰ সময়ত নিচি ভেন্দোলাৰ প্ৰতি তেওঁৰ সমৰ্থন ঘোষণা কৰে। আনহাতে নিম্নলিখিত ভোটদানৰ সময়ত তেওঁ পিয়েৰলুইগি বেৰ্ছানিৰ বিৰুদ্ধে মাত্তেও ৰেঞ্জিৰ পক্ষ লয়।

২০১৩ চনৰ এপ্ৰিল মাহত হেকে ইটালীৰ ৰাষ্ট্ৰপতি হিচাপে এমা বনিনোৰ প্ৰাৰ্থিত্বৰ প্ৰচাৰৰ বাবে ৰেঞ্জো আৰ্বোৰে, টনি গাৰানী, আন্না ফেণ্ডি, আলেচেন্দ্ৰো পেচ, ষ্টেফানো ডিচেগনিৰ দৰে অন্যান্য বিশিষ্ট ইটালীৰ ব্যক্তিসকলৰ সৈতে "এমা বনিনো সমিতি"ত যোগদান কৰে।

পাৰমাণৱিক গৱেষণাৰ বাবে

শক্তিৰ সমস্যা সন্দৰ্ভত হেকে ইটালীত পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছিল। কিন্তু পাৰমাণৱিক গৱেষণাৰ সপক্ষে কৈছিল যে ইটালী সেই সময়ত পাৰমাণৱিক শক্তিকেন্দ্ৰ ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু ইটালী অতি কম নিৰ্ভৰযোগ্য দেশ হিচাপেও উল্লেখ কৰিছিল।২৬

বঁটা আৰু সন্মান

ITA OMRI 2001 GC BAR.svgনাইট গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ মেৰিট অফ দ্য ইটালিয়ান ৰিপাব্লিক – ২৮ মে' ২০১২ ২৭
BenemeritiCultura1.pngসংস্কৃতি আৰু কলাৰ বাবে ইটালিয়ান অৰ্ডাৰ অফ মেৰিটৰ সোণৰ পদক – ২৭ মে' ১৯৯৮২৮

তথ্যসূত্ৰ

  1. ↑ Gruppo4. Teosofia in Italia - Società Teosofica Italiana. www.teosofica.org
  2. ↑ Lo sguardo dell’astrofisica
  3. ↑ Mambretti, Daniela. (2010-08-10). L'astrofisica Hack, stella dei Littoriali del fascismo. La Provincia
  4. ↑ Corriere della Sera, «Giurai al regime, volevo la medaglia vinta in atletica» Margherita Hack
  5. ↑ Repubblica.it, Margherita Hack, la voglia di vivere diecimila anni
  6. ↑ astrieparticelle. (2009-10-23). Zichichi-Hack
  7. ↑ Hack, Margherita. (2005). Idee per diventare Astrofisico - Osservare le stelle per spiegare l'Universo. Zanichelli. পৃ. 150
  8. ↑ (2012-03-02). La Chiesa vieta a Margherita Hack di presentare il libro di venerdì santo. Linkiesta
  9. ↑ (29 June 2013). Morta l'astrofisica Margherita Hack. Rai News 24
  10. ↑ (2013-07-16). Margherita Hack. Telegraph
  11. ↑ Margherita Hack: «Sono malata ma non mi opero. Come va, va»
  12. ↑ (2021-06-12). Margherita Hack: Google pays tribute to Italian astrophysicist with Doodle. The Indian Express
  13. ↑ Margherita Hack's 99th Birthday
  14. ↑ Hack, Margherita. (2000). L'amica delle stelle. Storia di una vita. Rizzoli. পৃ. 293. ISBN 9788817258708
  15. ↑ Grandi maestre/Grandi allieve - Margherita Hack e Chiara Daraio. d.repubblica.it
  16. ↑ Hack, Margherita. www.treccani.it
  17. ↑ Yearbook 2014 on the Accademia Nazionale dei Lincei site
  18. ↑ Furlanetto, Lucio. (1998-08-04). Conferenza di Margherita Hack a Caorle. www.castfvg.it
  19. ↑ Editions archive of "Le Stelle"
  20. ↑ Ingerenza del Vaticano di Margherita Hack
  21. ↑ (2008-08-02). I Presidenti onorari dell’UAAR · UAAR. UAAR
  22. ↑ (2012-11-28). The "Who's Who" in the Transnational Radical Party. radicalparty.org
  23. ↑ (2007-12-26). Ministero dell'Interno::: Archivio Storico delle Elezioni - Regionali del 3 Aprile 2005
  24. ↑ Margherita Hack: Lettera aperta al premier Berlusconi. micromega-online
  25. ↑ Sito ufficiale della Regione Lazio - Home Page. www.regione.lazio.it
  26. ↑ (2011-06-08). Margherita Hack: Nucleare? Voto sì. Repubblica Tv - la Repubblica.it
  27. ↑ Presidential Awards. Quirinal Palace
  28. ↑ Presidential Awards. Quirinal Palace

সম্পৰ্কিত শ্ৰেণী

ইটালীৰ ব্যক্তিজ্যোতিৰ্বিজ্ঞানীপদাৰ্থ বিজ্ঞানীৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গেৰিটা হেক” প্ৰবন্ধৰ সংশোধন ৬১২২৭৬ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।