অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আন্ লুইলিয়ে

আন্‌ জেনেভিভ লুইলিয়ে ৱাহলষ্ট্ৰম (Anne Genevieve L'Huillier Wahlström; জন্ম: ১৬ আগষ্ট ১৯৫৮) এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী আৰু ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা। বৰ্তমান তেওঁ বাস্তৱ সময়ত ইলেক্ট্ৰনৰ গতিবিধি অধ্যয়ন কৰা এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান গোটক নেতৃত্ব প্ৰদান কৰিছে।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৪ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আন্‌ জেনেভিভ লুইলিয়ে ৱাহলষ্ট্ৰম (Anne Genevieve L'Huillier Wahlström; জন্ম: ১৬ আগষ্ট ১৯৫৮) এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী আৰু ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা। বৰ্তমান তেওঁ বাস্তৱ সময়ত ইলেক্ট্ৰনৰ গতিবিধি অধ্যয়ন কৰা এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান গোটক নেতৃত্ব প্ৰদান কৰিছে। তেওঁলোকৰ অধ্যয়নে পাৰমাণৱিক স্তৰত ৰাসায়নিক বিক্ৰিয়া বুজিবলৈ ব্যৱহাৰ কৰা হয়।১ ২০০৩ চনত তেওঁ আৰু তেওঁৰ গোটে ১৭০ এট'ছেকেণ্ডৰ আটাইতকৈ সৰু লেজাৰ স্পন্দনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।২ ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু ফেৰেণ্টচ ক্ৰাউচৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩

জীৱনী

১৯৫৮ চনৰ ১৬ আগষ্ট তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰৰ এক কেথলিক পৰিলয়ত আন্ লুইলিয়েৰ জন্ম হৈছিল।৪ তেওঁ প্ৰথমতে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু গণিতত বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৫ কিন্তু পিছলৈ ডক্টৰেল গৱেষণাৰ বাবে চিইএ, পেৰিছ-চেক্লে ইউনিভাৰ্চিটি অৱ দ্য কমিছাৰিয়েট এ ল'এনাৰ্জী এটমিক এট অক্স এনাৰ্জীজ অল্টাৰনেটিভৰ চেক্লে নিউক্লিয়াৰ ৰিচাৰ্চ চেণ্টাৰত পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানলৈ সলনি কৰে। তেওঁৰ গৱেষণা পত্ৰখন উচ্চ তীব্ৰতাৰ লেজাৰ ক্ষেত্ৰত একাধিক আয়নীয়কৰণৰ ওপৰত আছিল।৬

পোষ্টডক্টৰেট ডিগ্ৰীৰ ছাত্ৰী হিচাপে তেওঁ ছুইডেনৰ গোটেনবাৰ্গ আৰু আমেৰিকাৰ লছ এঞ্জেলছত আছিল। ১৯৮৬ চনত তেওঁ চেক্লে নিউক্লিয়াৰ ৰিচাৰ্চ চেণ্টাৰত স্থায়ীভাৱে নিযুক্তি লাভ কৰে। ১৯৯২ চনত তেওঁ লুণ্ডত কৰা এক পৰীক্ষাত অংশগ্ৰহণ কৰে। ইয়াত ইউৰোপৰ ভিতৰতে ফেমট’ছেকেণ্ড স্পন্দনৰ বাবে প্ৰথম টাইটানিয়াম-চেফায়াৰ কঠিন অৱস্থাৰ লেজাৰ ব্যৱস্থাৰ এটা স্থাপন কৰা হৈছিল। ১৯৯৪ চনত তেওঁ ছুইডেনলৈ যায় আৰু ১৯৯৫ চনত লুণ্ড বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৯৭ চনত তেওঁ লুণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ পদ লাভ কৰে।৭

বঁটা আৰু সন্মান

২০০৭ চনৰ পৰা ২০১৫ চনলৈ তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল কমিটিৰ সদস্য আছিল।৫ ২০০৪ চনৰ পৰা আন্ লুইলিয়ে ছুইডেনৰ বিজ্ঞান একাডেমীৰ সদস্য।৮ তেওঁ ২০০৩ চনত জুলিয়াছ স্প্ৰিংগাৰ বঁটা লাভ কৰিছিল আৰু ২০১১ চনত ইউনেস্কোৰ ল’ৰিয়েল বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁ কাৰ্ল-জেইছ গৱেষণা বঁটা, ব্লেইজ পাস্কেল পদক আৰু পেৰিছৰ ইউনিভাৰ্চিটি পিয়েৰ এট মেৰী কিউৰি (UPMC)ত সন্মানীয় ডিগ্ৰী লাভ কৰে।৬ ২০১৮ চনত তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ বিদেশী সহযোগী হিচাপে নিৰ্বাচিত হয়। এবছৰৰ পিছত ২০১৯ চনত ইউৰোপীয় ফিজিকেল ছ’চাইটিয়ে ঘোষণা কৰা কোৱাণ্টাম ইলেক্ট্ৰনিক্স আৰু অপটিক্সৰ মৌলিক দিশৰ বঁটাৰে স্বীকৃতি লাভ কৰে। তেওঁ আমেৰিকান ফিজিকেল ছ'চাইটি আৰু অপটিকাৰ সহযোগী সদস্য।৯

২০২১ চনত তেওঁক "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ অগ্ৰণী গৱেষণা, উচ্চ পৰ্যাবৃত্ত প্ৰজন্মৰ উপলব্ধি আৰু বুজিবলৈ পৰমাণু আৰু অণুৰ ইলেক্ট্ৰন গতিৰ সময়-সমাধান কৰা ইমেজিংত প্ৰয়োগ কৰা"ৰ বাবে অপটিকেল ছ'চাইটি অৱ আমেৰিকা মেক্স বৰ্ণ বঁটা প্ৰদান কৰা হয়।১০ ২০২২ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু পল কৰ্কমৰ সৈতে যৌথভাৱে "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ অগ্ৰণী অৱদান"ৰ বাবে পদাৰ্থ বিজ্ঞানৰ ৱল্ফ বঁটা লাভ কৰে।১১ লগতে ২০২২ চনৰ বাবে তিনিওগৰাকীক প্ৰাথমিক বিজ্ঞানৰ বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ বঁটা প্ৰদান কৰা হয়।১২ ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু ফেৰেণ্টচ ক্ৰাউচৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩

গৱেষণা গ্ৰন্থ

  • Ferray, M; L'Huillier, A; Li, XF. (1988). Multiple-harmonic conversion of 1064 nm radiation in rare gases. J. Phys. B: At. Mol. Opt. Phys.. পৃ. L31

তথ্যসূত্ৰ

  1. ↑ Carl Zeiss Research Award. ZEISS International
  2. ↑ Forkman. (2016). Fysik i Lund: i tid och rum. Fysiska institutionen i samarbete med Gidlunds förlag. পৃ. 371, 374. ISBN 9789178449729
  3. ↑ Davis, Nicola. (3 October 2023). Nobel prize in physics awarded to three scientists for work on electrons. The Guardian
  4. ↑ Youtube
  5. ↑ Prof. Anne L'huillier - AcademiaNet. www.academia-net.org
  6. ↑ UPMC, Université Pierre et Marie Curie -. (2013-12-12). Anne L'Huillier
  7. ↑ Anne L'Huillier. Atomic Physics, Faculty of Engineering, LTH
  8. ↑ (19 April 2004). Nya ledamöter. Kungl. Vetenskapsakademien
  9. ↑ EPS Quantum Electronics Prizes
  10. ↑ Max Born Award. OSA
  11. ↑ Wolf Prize in Physics 2022
  12. ↑ BBVA Foundation Frontiers of Knowledge Award 2022

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীপদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্ লুইলিয়ে” প্ৰবন্ধৰ সংশোধন ৪৩২৫৭০ (২০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।