অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সাধাৰণ ব্লুবটল

সাধাৰণ ব্লুবটল (Common Bluebottle or blue triangle, বৈজ্ঞানিক নাম-Graphium sarpedon) এবিধ চাতকনেজীয়া (Swallowtail Butterfly) পখিলাৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশত দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বতে ইয়াৰ কমেও ১৬ বিধমান উপ-প্ৰজাতি পোৱা যায়৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সাধাৰণ ব্লুবটল (Common Bluebottle or blue triangle, বৈজ্ঞানিক নাম-Graphium sarpedon) এবিধ চাতকনেজীয়া (Swallowtail Butterfly) পখিলাৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশত দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বতে ইয়াৰ কমেও ১৬ বিধমান উপ-প্ৰজাতি পোৱা যায়৷

বিৱৰণ

সাধাৰণ ব্লুবটল ৰ ওপৰৰ অংশ গাঢ় ক’লা বৰণৰ (opaque black)৷ তলৰ অংশ গাঢ় মটিয়া হয়৷ ১ইয়াৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ৫৫-৭৫ মিমি৷ ইয়াৰ আগ আৰু পাছফালৰ অংশ (fore and hind wings)ত এটা নীলা বা নীল-সেউজীয়া বৰণৰ ত্ৰিভুজাকাৰ কেন্দ্ৰীয় ফোঁট (central spot) থাকে ৷ এই ত্ৰিভুজাকাৰ অংশটোৰ জোঙা ফালটো পখিলাটোৰ মূল দেহটোৰ ফালে মুখ কৰি থাকে৷

বিস্তৃতি

দক্ষিণ ভাৰতীয় সাধাৰণ ব্লুবটলৰ প্ৰকাৰ(race)
দক্ষিণ ভাৰতীয় সাধাৰণ ব্লুবটলৰ প্ৰকাৰ(race)ছবি: Kousik Nandy and Sumana Paul · CC BY-SA 3.0

এই পখিলাবিধ সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷ ইয়াৰ বিভিন্ন উপ-প্ৰজাতি ভাৰত আৰু শ্ৰীলংকা (G. s. sarpedon আৰু teredon), চীন আৰু টাইৱান (G. s. semifasciatus আৰু connectens), জাপান (G. s. nipponum), ইণ্ডোনেছিয়া তথা নিউ গিনি (G. s. messogis), আৰু অষ্ট্ৰেলিয়া (G. s. choredon) ত দেখা পোৱা যায়৷

ভাৰতবৰ্ষত ই দক্ষিণৰ দাক্ষিণাত্য (Western Ghats)ৰ পৰা কাশ্মীৰৰ হিমালয় পৰ্যন্ত বিস্তৃত হৈ আছে৷

বাসস্থান

এই পখিলাবিধ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ১৬০০ মিটাৰৰ তলৰ সেমেকা বৰ্ষাৰণ্যত দেখা পোৱা যায়৷ এনে ঠাইসমূহত ইয়াক গছৰ উচ্চতাতকৈ কিছু ওপৰত (above tree canopy) উৰা দেখা পোৱা যায়৷

আচৰণ

খাদ্য

সাধাৰণ ব্লুবটল পখিলাৰ পলুৱে সাধাৰণতে ল’ৰেচি (Lauraceae), মিৰটেচি (Myrtaceae), চেপ’টেচি (Sapotaceae) আৰু ৰুটেচি (Rutaceae) আদি গোত্ৰ বিভিন্ন উদ্ভিদৰ পাত খাই জীয়াই থাকে৷ বিশেষকৈ G.s. sarpedon আৰু G.s. teredonনামৰ উপ-প্ৰজাতি দুটাই দালচেনি (cinnamon), Cinnamomum zeylanicum, Litsea sebifera আদি গছৰ পাত খাই বুলি জনা যায়৷

মতা পখিলাবোৰে বাটৰ কাষত বা পানীৰ ডোঙাৰ চাৰিওকাষে জুম পাতি পৰি খাদ্য খোৱা দেখিবলৈ পোৱা যায়৷ পূৰ্ণবয়স্ক পখিলাই ফুলৰ মৌ আদি খায়৷ ২

ত বোকাৰ চাৰিওকাষে জুমপাতি খাদ্য গ্ৰহণ কৰি থকা (Mud puddling ) অৱস্থাত]]

প্ৰব্ৰজন

সাধাৰণ ব্লুবটল পখিলাই দক্ষিণ ভাৰতলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ নিলিগিৰি পাহাৰত কৰা এটা অধ্যয়নত এই পখিলাবিধে মুঠ প্ৰব্ৰজনকাৰী পখিলাৰ প্ৰায় ৫% অধিকাৰ কৰি আছে বুলি জনা গৈছে৷ ৩

Bluebottle mudumalai.jpg
ছবি: L. Shyamal · CC BY 2.5

তথ্যসূত্ৰ

Subspecies ''G. s. bingham'' Woodcut from'' The Fauna of British India, Including Ceylon and Burma''
Subspecies G. s. bingham Woodcut from The Fauna of British India, Including Ceylon and Burmaছবি: C.T. Bingham · Public domain

লগতে চাওক

  • Krushnamegh Kunte (2005) Butterflies of Peninsular India. Universities Press.
  • Meena Haribal (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • W.H. Evans (1932) The Identification of Indian Butterflies, 2nd Ed. Bombay Natural History Society, Madras

বাহ্যিক সংযোগ

.

তথ্যসূত্ৰ

  1. ↑ Bingham, C. T. (1907) The Fauna of British India, Including Ceylon and Burma. Butterflies. Volume 2
  2. ↑ Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120
  3. ↑ Mathew, G.; Binoy, C.F. (2002). Migration of butterflies (Lepidoptera: Rhopalocera) in the New Amarambalam Reserve Forest of the Nilgiri Biosphere Reserve. Zoos' Print Journal. পৃ. 844–847

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধাৰণ ব্লুবটল” প্ৰবন্ধৰ সংশোধন ৪০০৩০২ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।