অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হালধীয়া ফুটুকী মাইম

হালধীয়া ফুটুকী মাইম (Common Mime, বৈজ্ঞানিক নাম-Papilio clytia) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷ এই প্ৰজাতিটোৱে অনুকৰণধৰ্মিতা (mimicry) দেখুৱায় বুলি জনা যায়৷

হালনাগাদ: ১২ জুলাই ২০২৫ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

হালধীয়া ফুটুকী মাইম (Common Mime, বৈজ্ঞানিক নাম-Papilio clytia) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷ এই প্ৰজাতিটোৱে অনুকৰণধৰ্মিতা (mimicry) দেখুৱায় বুলি জনা যায়৷

বিৱৰণ

এই পখিলাবিধৰ মতা আৰু মাইকী উভয়ৰে পাখিৰ ওপৰৰ অংশ বেঙুনীয়া ক’লা বা কোমল মটিয়া বৰণৰ হয়৷ আগফালৰ পাখি (Forewing)ত এটা বগা দাগ থাকে৷ তেনেদৰে পিছফালৰ পাখি (Hindwing)তো ত্ৰিভুজাকাৰ এটা বগা দাগ থকা দেখা যায়৷ ইয়াৰ পাখিৰ তলৰ অংশ শেঁতা মটিয়া বা গাঢ় বেঙুনীয়া হ’ব পাৰে৷.১ অৱশ্যে প্ৰকাৰভেদে ইয়াৰ দেহৰ বৰণো বেলেগ বেলেগ হ’ব পাৰে৷

বিস্তৃতি

এই পখিলাবিধ ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা ছিক্কিম আৰু অসম পৰ্যন্ত বিস্তৃত হৈ আছে৷ তদুপৰি নেপাল, বাংলাদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা, থাইলেণ্ড,চীন, হংকং, ভিয়েটনাম, লাউচ, মালয়েছিয়া, ফিলিপাইন, ইণ্ডোনেছিয়া আদিত এই পখিলাবিধ দেখিবলৈ পোৱা যায়৷

বাসস্থান

হালধীয়া ফুটুকী মাইম পখিলাক পৰ্বতীয়া অঞ্চলৰ পখিলা বুলি গণ্য কৰা হয় যদিও ইয়াক সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাতো দেখিবলৈ পোৱা যায়৷ বাৰিষাৰ সময়ত ইয়াক বেছিকৈ দেখা যায়৷

আচৰণ

হালধীয়া ফুটুকী মাইম পখিলাৰ উৰাৰ ধৰণ খৰো নহয় বা বেছি লেহেমীয়াও নহয়৷ ই গ্ৰীষ্মকালত বোকাত পৰি খাদ্যৰ সন্ধান কৰে (mud-puddle)৷ এই পখিলাবিধে ঘাইকৈ ফুলৰ মৌ খাই জীয়াই থাকে৷

জীৱন-চক্ৰ

কণী

ঘূৰণীয়া, কমলা-হালধীয়া বৰণীয়া আৰু চিক্‌চিকিয়া হয়৷

পলু

ইয়াৰ পলু গাঢ় মটিয়া বৰণীয়া হয়৷

পলুৱে বাস কৰা উদ্ভিদসমূহ

এই পখিলাৰ পলুৱে সাধাৰণতে Lauraceae পৰিয়ালৰ উদ্ভিদত বাস কৰে৷ ইয়াৰে কিছুমান উদ্ভিদৰ প্ৰজাতি হ’ল-

  • Alseodaphne semicarpifolia
  • Cinnamomum camphora
  • Cinnamonum macrocarpum
  • Litsea chinensis
  • Litsea deccansis
  • Tetranthera apetala১

লেটা

এই পখিলাৰ লেটা দেখাত মৰি যোৱা ডালৰ দৰে৷

তথ্যসূত্ৰ

  • Evans, W.H., (1932) The Identification of Indian Butterflies (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gay, T., Kehimkar, I. & Punetha, J.C., (1992) Common Butterflies of India.WWF-India and Oxford University Press. Mumbai. India.
  • Haribal, Meena (1992) The Butterflies of Sikkim Himalaya.Sikkim Nature Conservation Foundation, Gangtok
  • Kunte, Krushnamegh (2000) Butterflies of Peninsular India. Universities Press, Hyderabad. ISBN 81-7371-354-5
  • Wynter-Blyth, M.A., (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bingham, C. T. (1907) The Fauna of British India, Including Ceylon and Burma. Butterflies. Vol 2

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া ফুটুকী মাইম” প্ৰবন্ধৰ সংশোধন ৫২৩৫৪৩ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।