অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পেৰিছৰ ময়ূৰী

পেৰিছৰ ময়ূৰী (Paris Peacock, বৈজ্ঞানিক নাম-Papilio paris) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি।

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পেৰিছৰ ময়ূৰী (Paris Peacock, বৈজ্ঞানিক নাম-Papilio paris) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি।

বিৱৰণ

মতা পেৰিছৰ ময়ূৰী পখিলাৰ পাখিৰ ওপৰ অংশ (Upperwings) ক'লা বৰণৰ আৰু পাখিত গাঢ় সেউজীয়া বৰণৰ আঁচ (scales) থাকে। এই আঁচবোৰে এটা ঠেক বক্ৰৰেখা গঠন কৰে। ইয়াৰ পিছফালৰ পাখি ( hindwing) তো এনে গাঢ় সেউজীয়া আঁচ দেখা যায় যদিও ই কাষ (margin) নাপায়গৈ। পাখিৰ দুয়োকাষে সেই অংশতে দুটা বহল ফোঁট (postdiscal area)ৰ দৰে এলেকা থাকে। এই ফোঁট দুটাৰ কাষতে সেউজীয়া আঁচবোৰ মিলি পৰে।

The underside of the wings
The underside of the wingsছবি: J.M.Garg · CC BY-SA 3.0

ইয়াৰ পাখিৰ তলৰফালে গাঢ় ক'লা বৰণীয়া। ইয়াৰ মাজে মাজে আগ আৰু পাছফালৰ পাখিত কিছুমান হালধীয়া আঁচ থকা দেখা যায়। ১

মাইকী পেৰিছৰ ময়ূৰী পখিলা দেখাত মতা পখিলাৰ সৈতে প্ৰায় একে যদিও ইয়াৰ বৰণ কিছু শেঁতা হয়। ইয়াৰ আগফালৰ পাখিৰ ওপৰৰ অংশত সেউজীয়া ফোঁট থাকে কিন্তু এই ফোঁটটো মতা পখিলাটোতকৈ অসম্পূৰ্ণকৈ থকা দেখা যায়। ইয়াৰ পাখিৰ তলৰফালটোও মতা পখিলাটোৰ দৰেই ক'লা বৰণীয়া কিন্তু অন্যান্য দাগবোৰ ধূসৰ হয়।১

এই পখিলাবিধৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০৬-১৩২ মিমি হয়।

বিতৰণ

Mud-puddling of Paris Peacock (''Papilio paris'') in Buxa Tiger Reserve, West Bengal, India
Mud-puddling of Paris Peacock (Papilio paris) in Buxa Tiger Reserve, West Bengal, Indiaছবি: Atudu · CC BY-SA 4.0

পেৰিছৰ ময়ূৰী হিমালয়ৰ কুমায়ুনৰ পৰা ছিক্কিম, নেপাল, ভূটান, অসমৰ পৰ্বতীয়া অঞ্চল, বাৰ্মালৈকৈ দেখা পোৱা যায়। তদুপৰি ই চীন, মালয়েছিয়া আদি দেশতো বিস্তৃত হৈ আছে। ১ ইয়াক দাক্ষিণাত্যৰ কিছু কিছু অঞ্চলতো দেখিবলৈ পোৱা যায়।

Paris peacock in Namdapha Tiger Reserve
Paris peacock in Namdapha Tiger Reserveছবি: Aparajita Datta · CC BY-SA 3.0

লগতে চাওক

  • Erich Bauer and Thomas Frankenbach, 1998 Schmetterlinge der Erde, Butterflies of the world Part I (1), Papilionidae Papilionidae I: Papilio, Subgenus Achillides, Bhutanitis, Teinopalpus. Edited by Erich Bauer and Thomas Frankenbach. Keltern: Goecke & Evers; Canterbury: Hillside Books ISBN 9783931374624

তথ্যসূত্ৰ

  1. ↑ Bingham, C. T (1907) Fauna of British India. Vol. 2

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰিছৰ ময়ূৰী” প্ৰবন্ধৰ সংশোধন ৪০০২৮৭ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।