নাৰীবাদী
১৫১ প্ৰবন্ধ
-
কেথলিন বেৰী
কেথলিন বেৰী (Kathleen Barry; জন্ম: ২২ জানুৱাৰী, ১৯৪১) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু নাৰীবাদী আছিল। আন্তঃৰাষ্ট্ৰীয় মানৱ যৌন সৰবৰাহৰ ওপৰত গৱেষণা আৰু কিতাপ প্ৰকাশ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰসংঘৰ এন জি অ' ক'লিচন এগেইনষ্ট ট্ৰেফিকিং ইন উইমেন (CATW)ৰ সহ-প্ৰতিষ্ঠাপক হয়।
-
গীতাঞ্জলি মিশ্ৰ
গীতাঞ্জলি মিশ্ৰ (ইংৰাজী: Geetanjali Misra) হৈছে এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী। তেওঁ হৈছে নতুন দিল্লীত অৱস্থিত মহিলা অধিকাৰৰ হকে কাম কৰা বেচৰকাৰী সংস্থা “ক্ৰিয়েটিং ৰিচ’ৰ্চ ফৰ এম্পাৱাৰমেণ্ট ইন একচন”ৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।
-
গুলাৰা গাদিৰবেয়োভা
গুলাৰা ইব্ৰাহিমখলিল গিজী গাদিৰবেয়োভা (জন্ম নাম আফান্দিয়েভা; ১৯০৩ – ১৯৪২) এগৰাকী আজাৰবাইজানী নাৰী অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ (কমিউনিষ্ট) আছিল। তেওঁ শিক্ষা আৰু সাংবাদিকতা ক্ষেত্ৰতো সক্ৰিয় আছিল আৰু বিভিন্ন প্ৰকাশনত বহু প্ৰবন্ধ লিখিছিল।
-
গেহাদ হামদি
গেহাদ হামদি (Gehad Hamdy) হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে কাম কৰা ইজিপ্তৰ এগৰাকী দন্ত চিকিৎসক আৰু নাৰীবাদী কৰ্মী। ২০২২ চনত তেওঁ বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁ স্পিক আপ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে আৰু কানেক্টিং হিউমেনিটিৰ অন্যতম নেত্ৰী।
-
গ্ৰেচ মেৰা মলিচা
গ্ৰেচ মেৰা মলিচা (ইংৰাজী: Grace Mera Molisa; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৪৬, আওবা দ্বীপ – ৪ জানুৱাৰী ২০০২, পৰ্ট ভিলা) এগৰাকী নি-ভানুৱাটুৰ ৰাজনীতিবিদ, কবি আৰু ৰাজনীতিত মহিলাৰ সমঅধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী কৰ্মী আছিল।
-
চাফাত আহমেদ জাহিৰ
চাফাত আহমেদ জাহিৰ (ধিভেহী: ސަފާތު އަހައްމަދު ޒާހިރު; ইংৰাজী: Safaath Ahmed Zahir) মালদ্বীপৰ এগৰাকী মহিলাৰ অধিকাৰ অধিবক্তা, যি মহিলাৰ সবলীকৰণ আৰু নাগৰিক নেতৃত্বৰ কামৰ বাবে বিশ্বজুৰি স্বীকৃত।
-
চিন্তা অনুৰাধা
চিন্তা অনুৰাধা (Chinta Anuradha) হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৱাইএছআৰ কংগ্ৰেছৰ ফালৰ পৰা অমলাপুৰম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
চেকেবা হাচেমি
চেকেবা হাচেমি (Chékéba Hachemi; জন্ম: ২০ মে', ১৯৭৪) এগৰাকী আফগান নাৰীবাদী আৰু লেখিকা। ২০০১ চনত কূটনীতিবিদ হিচাপে নিযুক্তি পোৱা হাচেমি প্ৰথমগৰাকী আফগান মহিলা আছিল। হাচেমি আফগানিস্তান লিব্ৰে নামৰ এন জি অ’টোৰ সভানেত্ৰী আৰু প্ৰতিষ্ঠাপক।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
ছান্দ্ৰা কুইকিৰিজা
ছান্দ্ৰা কুইকিৰিজা (Sandra Kwikiriza) এগৰাকী উগাণ্ডাৰ নাৰীবাদী, এল বি কিউ অধিকাৰ কৰ্মী আৰু ডিজিটেল অধিকাৰ কৰ্মী। তেওঁ HER Internet নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।
-
ছিলভিয়া ফেডেৰিচি
ছিলভিয়া ফেডেৰিচি (জন্ম: ১৯৪২) হৈছে এগৰাকী ইটালী-আমেৰিকান শিক্ষাবিদ, শিক্ষয়িত্ৰী আৰু মাৰ্ক্সবাদী নাৰীবাদী কৰ্মী। তেওঁ নিউয়ৰ্কত বাস কৰে। তেওঁক মাৰ্ক্সবাদী নাৰীবাদী তত্ত্ব, নাৰীৰ ইতিহাস, ৰাজনৈতিক দৰ্শন আৰু কমনছৰ ইতিহাস আৰু তত্ত্বৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে গণ্য কৰা হয়।
-
জয়ৰণ বায়ৰামোভা
জয়ৰণ বায়ৰামোভা (মাৰ্চ ১৮৯৬ – ১৯৮৭) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ কৰ্মী আৰু কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ নিজৰ দেশৰ প্ৰথম সংগঠিত মহিলা আন্দোলনৰ অন্যতম অগ্ৰদূত আছিল আৰু আজাৰবাইজানী মহিলা আন্দোলনৰ প্ৰথম সংগঠন আলি বায়ৰামোভ ক্লাবৰ প্ৰতিষ্ঠাতা আছিল।
-
জাজী ছাডু
জাজী ছাডু এগৰাকী আলজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী। আলজেৰিয়াৰ গৃহ-যুদ্ধৰ সময়ত তেওঁ ১৯৯৩ চনৰপৰা ২০০৪ চনলৈকে আলজেৰিয়ান মহিলা প্ৰতিৰোধ আন্দোলনৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জানকী ভেংকটৰমন
জানকী ভেংকটাৰমনে (Janaki Venkataraman) ১৯৮৭ চনৰ পৰা ১৯৯২ চনলৈকে ভাৰতৰ প্ৰথম মহিলা (ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আৰ ভেংকটৰমনৰ পত্নী আছিল যিয়ে ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৯২ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিদেশত জন্মগ্ৰহণ কৰি…
-
জামিলা আফগানী
জামিলা আফগানী (Jamila Afghani) (জন্ম-১৯৭৬ চনত কাবুলত)এগৰাকী নাৰীবাদী আৰু আফগানিস্তানৰ মহিলাৰ অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ নূৰ এডুকেচনেল এণ্ড কেপাচিটি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। তেওঁ আফগান মহিলা নেটৱৰ্ক (AWN) নামৰ সংস্থাটোৰ কাৰ্যবাহী সদস্যও।
-
জিৰানুন সাকুলটাংফাইছাল
লেডী ডা° জিৰানুন সাকুলটাংফাইছাল (থাই: จิรนันท์ สกุลตั้งไพศาล; আৰ টি জি এছ: Chiranun Sakultangpaisan (চিৰানুন সাকুলটাংপাইছান); জন্ম: ২২ ডিচেম্বৰ ১৯৬৫ চনত থাইলেণ্ডৰ ছাকন নাখোনত) এগৰাকী থাই নাৰীবাদী আৰু দানবীৰ, আৰু থাইলেণ্ডৰ ১০০ গৰাকী আগশাৰীৰ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্থান লাভ কৰিছে।
-
জুডিথ কানাকুজে
জুডিথ কানাকুজে (ইংৰাজী: Judith Kanakuze; জন্ম: ১৯ ছেপ্টেম্বৰ ১৯৫৯ – মৃত্যু: ৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ৰুৱাণ্ডাৰ ৰাজনীতিবিদ আৰু মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
জেকলিন চেবালছ
জেকলিন "জেকি" মিচোট চেবালছ (জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৫) এগৰাকী আমেৰিকান নাৰীবাদী আৰু সমাজ কৰ্মী। চেবালছ নেচনেল অৰ্গেনাইজেচন ফৰ উইমেনৰ নিউয়ৰ্ক চেপ্টাৰৰ প্ৰাক্তন সভানেত্ৰী আৰু দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু অগ্ৰণী নাৰীবাদীসকলৰ ইতিহাসৰ নথিভুক্ত কৰা ভেটেৰান ফেমিনিষ্টছ অৱ আমেৰিকা সংগঠনৰ প্ৰতিষ্ঠাপক।
-
জেছলিন ধমিজা
জেছলিন ধমিজা ( ইংৰাজী: Jasleen Dhamija; ১৯৩৩ – ৪ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় বস্ত্ৰশিল্প ইতিহাসবিদ, শিল্প বিশেষজ্ঞ আৰু ৰাষ্ট্ৰসংঘৰ কৰ্মী। দিল্লীত ভিত্তি কৰি তেওঁ হস্ততাঁত আৰু হস্তশিল্প উদ্যোগ বিশেষকৈ বস্ত্ৰ আৰু সাজ-পোছাকৰ ইতিহাসৰ ওপৰত অগ্ৰণী গৱেষণাৰ বাবে বেছিকৈ পৰিচিত আছিল।
-
জেছি মেকে
জেছি মেকে ( ইংৰাজী: Jessie Mackay; ১৫ ডিচেম্বৰ ১৮৬৪ – ২৩ আগষ্ট ১৯৩৮) আছিল নিউজিলেণ্ডৰ এগৰাকী কবি, সাংবাদিক, নাৰীবাদী আৰু পশু অধিকাৰ কৰ্মী। তেওঁক প্ৰায়ে নিউজিলেণ্ডৰ প্ৰথম স্থানীয় জন্মৰ কবি বুলি কোৱা হয় আৰু নিউজিলেণ্ডৰ শৈলীৰ স্পষ্ট ৰূপ থকা আদিম লেখিকাসকলৰ ভিতৰত অন্যতম আছিল।
-
টুবা চৈয়দ
টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা
-
টেৰেছা
টেৰেছা হৈছে ২০২৫ চনৰ ফিলিপাইনছৰ ফিলিপাইনছৰ নাটকীয় চুটি ছবি। ছবিখনৰ পৰিচালক পাউলো জেভিয়াৰ আৰু মুখ্য অভিনেত্ৰী ইলিয়া ইলানো। ষ্টেট অৱ ইউথ মেনিলাৰ টেৰেছা চুটি ছবি প্ৰকল্পটো আন্তৰ্জাতিক শিশু শান্তি বঁটাৰদ্বাৰা ইয়াৰ থিম ফাণ্ড প্ৰজেক্ট ইনিচিয়েটিভৰ জৰিয়তে নিৰ্বাচিত কৰা হয় আৰু পুঁজিৰ ব্যৱস্থা কৰা হয়।
-
ডেঞ্জাৰাছ (২০২২ চনৰ চলচ্চিত্ৰ)
ডেঞ্জাৰাছ ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, যি ৰাম গোপাল বৰ্মাই পৰিচালনা কৰিছে আৰু নট্টি কুমাৰে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত নয়না গাংগুলী, অপ্সৰা ৰাণী, আৰু ৰাজপাল য়াদৱ মুখ্য ভূমিকাত আছে।
-
তাৰানা বাৰ্ক
তাৰানা বাৰ্ক (ইংৰাজী: Tarana Burke, জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৭৩) হৈছে নিউয়ৰ্ক চহৰৰ এগৰাকী আমেৰিকান কৰ্মী যিয়ে মী-টু আন্দোলন আৰম্ভ কৰিছিল। ২০০৬ চনত বাৰ্কে কনিষ্ঠ আৰু উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুৱ কাৰ্যসূচী হিচাপে মি-টু আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল সমাজত ব্যাপক যৌন হিংসাৰ মোকাবিলা কৰা।
-
দমন (২০০১ চলচ্চিত্ৰ)
দমন: বৈবাহিক হিংসাৰ বলি'(Daman: A Victim of Marital Violence) ২০০১ চনত কল্পনা লাজমীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবিখনে ২০০১চনৰ ৪ মে'ত মুক্তি লাভ কৰে। ছবিখনত এগৰাকী প্ৰহাৰ কৰা পত্নীৰ কাহিনী অনুসৰণ কৰা হৈছে।
-
দাসী (১৯৮৮ চনৰ চলচ্চিত্ৰ)
দাসী হৈছে বি নাৰ্চিং ৰাৱে লিখা আৰু পৰিচালনা কৰা ১৯৮৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ নাট্য চলচ্চিত্ৰ আৰু এইখন চলচ্চিত্ৰত অৰ্চনাই দাসী কমলাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
দ্য আননোন ৱাৰ্ল্ড
দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।
-
দৰ্শনত নাৰী
মহিলাসকলে দৰ্শনৰ ইতিহাস জুৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। প্ৰাচীন যুগৰ মহিলা দাৰ্শনিকসকলৰ ভিতৰত আছিল মৈত্ৰেয়ী (খ্ৰীষ্টপূৰ্ব ১০০০), গাৰ্গী বাচক্নবী (খ্ৰীষ্টপূৰ্ব ৭০০), হিপাৰ্কিয়া অৱ মাৰোনেইয়া (প্ৰায় খ্ৰীষ্টপূৰ্ব ৩২৫ চনৰ সময়ছোৱা) আৰু আৰেটে অৱ চাইৰেন (খ্ৰীষ্টপূৰ্ব পঞ্চম–চতুৰ্থ শতিকাৰ…
-
নাইচ নাইলাণ্টেই লেং'এটে
নাইচ নাইলাণ্টেই লেং'এটে (Nice Nailantei Leng'ete, জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী৷ তেওঁ আফ্ৰিকাত ছোৱালীৰ বাবে বিকল্প ৰিট অৱ পেচেজ (ARP)ৰ পোষকতা কৰে আৰু মহিলাৰ যৌনাংগ বিকৃতকৰণ (FGM) বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাই আহিছে।
-
নাদীন আশ্ৰফ
নাদীন আশ্ৰফ (Nadeen Ashraf; জন্ম-১২ মাৰ্চ ১৯৮) এগৰাকী ইজিপ্তৰ নাৰীবাদী কৰ্মী। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজিপ্তত #MeToo আন্দোলনৰ গুৰি ধৰিছিল। তেওঁ বিবিচিৰ ২০২০ বৰ্ষৰ ১০০ মহিলাৰ তালিকাৰ অংশ।