গুলাৰা ইব্ৰাহিমখলিল গিজী গাদিৰবেয়োভা (জন্ম নাম আফান্দিয়েভা১; ১৯০৩ – ১৯৪২) এগৰাকী আজাৰবাইজানী নাৰী অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ (কমিউনিষ্ট) আছিল। তেওঁ শিক্ষা আৰু সাংবাদিকতা ক্ষেত্ৰতো সক্ৰিয় আছিল আৰু বিভিন্ন প্ৰকাশনত বহু প্ৰবন্ধ লিখিছিল। তেওঁ আজাৰবাইজানৰ প্ৰথম নাৰী আলোচনী “শাৰ্গ গাদিনী” (১৯২৩–১৯৩৭)ৰ মুখ্য সম্পাদক আছিল। ১৯৩০ চনৰ পৰা ১৯৩৭ চনলৈ তেওঁ আজাৰবাইজানী নাৰী আন্দোলনৰ সংগঠন আলি বাইৰামভ ক্লাবৰ অধ্যক্ষা আছিল।
ষ্টালিনবাদী দমনকালত তেওঁক বিপ্লৱী সংগঠনৰ সদস্য বুলি অভিযোগ আনি কাৰাবন্দী কৰা হয় আৰু পিছত চাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়। তেওঁৰ জীৱনৰ অন্তিম সময় আৰু মৃত্যুৰ বিষয়ে নিশ্চিত তথ্য উপলব্ধ নহয়।
প্ৰাৰম্ভিক জীৱন
গুলাৰা গাদিৰবেয়োভাৰ জন্ম ১৯০৩ চনত নুখা জিলাৰ (বৰ্তমান শাকি জিলা) বাশ গোয়নুক গাঁৱত হৈছিল। দলিলসমূহত উল্লেখ কৰা হৈছে যে তেওঁৰ পৰিয়ালটো জিলাৰ ধনী আৰু সন্মানীয় পৰিয়ালসমূহৰ ভিতৰত এটা আছিল, আৰু তেওঁৰ পিতৃয়ে আগতে জমিদাৰ হিচাপে কাম কৰিছিল।১ পাছলৈ স্থানীয় অভিজাত শ্ৰেণীৰ লোকৰ দ্বাৰা তেওঁৰ পিতৃ হত্যাকাণ্ডৰ বলি হোৱা বুলি ইংগিত পোৱা যায়।
১৯২০ চনত গুলাৰাই শাকিত আৰম্ভ হোৱা শিক্ষামূলক পাঠ্যক্ৰমত নামভৰ্তি কৰে, শিক্ষাগ্ৰহণ সম্পূৰ্ণ কৰি শিক্ষকতা কৰাৰ অধিকাৰ লাভ কৰে।১ তেওঁ গাঁৱৰ ছোৱালীবিলাকক পঢ়াবলৈ আৰম্ভ কৰে আৰু একে সময়তে সামাজিক কাম-কাজতো জড়িত হৈ পৰে।
কৰ্মজীৱন
২০ বছৰ বয়সতে গুলাৰাক জিলাৰ নাৰী বিভাগৰ পৰিচালক নিযুক্ত কৰা হয়। এই সময়ছোৱাৰ পৰাই তেওঁ আজাৰবাইজানত নাৰী মুক্তি আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।
১৯২৩ চনত গাদিৰবেয়োভাই আজাৰবাইজান কমিউনিষ্ট পাৰ্টিত যোগদান কৰে আৰু শাকি জিলা পাৰ্টি সমিতিত কাম কৰে।১ সমাজত নাৰী মুক্তিৰ ধাৰণা প্ৰচাৰৰ বাবে তেওঁ প্ৰেছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। জিলাসমূহত কৰ্মৰত অৱস্থাত তেওঁ “য়েনি ফিকিৰ” (নতুন চিন্তা), “কেন্দলি কাজেতি” (গ্ৰামীণ বাতৰি কাকত) আদিত লেখা আগবঢ়ায়।১
১৯২৩ চনত “শাৰ্গ গাদিনী” আলোচনী প্ৰকাশ পোৱাৰ সময়ত ২০ বছৰীয়া গুলাৰা তাৰ প্ৰথম নাৰী সংবাদদাতাসকলৰ ভিতৰত এগৰাকী আছিল আৰু তেওঁৰ প্ৰবন্ধসমূহৰ বাবে বিশেষ খ্যাতি লাভ কৰে।২
১৯৩১ চনৰ মে’ মাহত তেওঁ “শাৰ্গ গাদিনী” আলোচনীৰ সম্পাদক নিযুক্ত হয়।৩ তেওঁ “কইলু গিজী” (গাঁৱৰ ছোৱালী) উপনামেৰে নিজৰ লেখা প্ৰকাশ কৰিছিল।
১৯৩২ চনৰ পৰা ১৯৩৭ চনলৈ তেওঁ আলি বাইৰামভ নাৰী ক্লাবৰ পৰিচালিকা হিচাপে কাম কৰে। তাৰ পাছত তেওঁ শামকিৰ (তেতিয়াৰ শামখোৰ) আৰু কুবা জিলাত নাৰী বিভাগৰ নেতৃত্ব দিয়ে। ১৯২৭ চনত তেওঁ আজাৰবাইজান কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সমিতিৰ নাৰী বিভাগৰ পৰিচালক নিযুক্ত হয়। কিছুকাল তেওঁ আজাৰবাইজান জনশিক্ষা কমিশনৰ সাংস্কৃতিক আৰু শিক্ষামূলক বিষয়ৰ বিভাগৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
১৯৩৬ চনৰ ৭ জানুৱাৰীত ছ'ভিয়েট সংঘৰ মুখ্য বাতৰি কাকত “প্ৰাভদা”ত গুলাৰা গাদিৰবেয়োভাক লৈ এটা প্ৰবন্ধ প্ৰকাশ পায়।৪
ব্যক্তিগত জীৱন
গুলাৰা গাদিৰবেয়োভাই প্ৰথমে আহমেদ গাদিৰবেয়োভাক বিয়া কৰে, যদিও পাছলৈ তেওঁলোকৰ বিচ্ছেদ হয়; তথাপি তেওঁ স্বামীৰ উপনামটো ৰাখে। তেওঁৰ দ্বিতীয় স্বামী আসিফ ৰহমানভ বহুদিন ধৰি সুৰক্ষা সংস্থাত কৰ্মৰত আছিল। দমনকালত তেওঁক গ্ৰেপ্তাৰ কৰি ১৯৩৮ চনৰ ৩ জানুৱাৰীত গুলী কৰি হত্যা কৰা হয়।
গুলাৰাৰ ভায়েক কৰিম গাজিয়েভ “মুসাৱাত” পাৰ্টিৰ সক্ৰিয় সদস্য আছিল আৰু তেওঁক নিৰ্বাসন দিয়া হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Gulara. www.anl.az
- ↑ 525-ci qəzet - Azərbaycanın dövlətçilik və mədəniyyət tarixində Şəkinin yeri və rolu. 525.az
- ↑ Hamida, Nizamigizi. www.anl.az
- ↑ Mənim küçəm · Azərbaycan Respublikası Bakı Şəhəri Nərimanov Rayon İcra Hakimiyyəti. narimanov-ih.gov.az
- ↑ (2017-02-15). Küçənin adı başqadır - şəxsiyyət vəsiqəsində qeydiyyatda isə bir başqa yazılır - VİDEO. Milli.Az
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাৰা গাদিৰবেয়োভা” প্ৰবন্ধৰ সংশোধন ৫৮২৪০৯ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।