জুডিথ কানাকুজে (ইংৰাজী ভাষা: Judith Kanakuze; জন্ম: ১৯ ছেপ্টেম্বৰ ১৯৫৯ – মৃত্যু: ৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ৰুৱাণ্ডাৰ ৰাজনীতিবিদ আৰু মহিলাৰ অধিকাৰ কৰ্মী আছিল। তেওঁ বিশেষকৈ লিংগ ভিত্তিক হিংসাৰ বিৰুদ্ধে আইন পাছ কৰা, য’ত ৰুৱাণ্ডাৰ ধৰ্ষণৰ প্ৰথমটো আইনী সংজ্ঞা অন্তৰ্ভুক্ত আছিল, আৰু চৰকাৰী সংস্থাসমূহত মহিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ সাংবিধানিক লিংগ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত। ১৯৯৪ চনৰ ৰুৱাণ্ডাৰ গণহত্যাত তেওঁ নিজৰ পৰিয়ালৰ সৰহসংখ্যক সদস্যক হেৰুৱাইছিল। এই গণহত্যাৰ পৰৱৰ্তী সময়ত তেওঁ এগৰাকী বিশিষ্ট মহিলা নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ আগতে পুষ্টি আৰু অসামৰিক সেৱাকে ধৰি একাধিক ক্ষেত্ৰত কাম কৰিছিল। কানাকুজে ‘ৰেজিউ ডে ফেমিছ’ নামৰ এটা প্ৰাৰম্ভিক মহিলা সংগঠন প্ৰতিষ্ঠা কৰিছিল আৰু অৰুছা চুক্তিত লগতে ৰুৱাণ্ডাৰ সংবিধান প্ৰণয়নৰ বাবে গঠিত সমিতিত মহিলাৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিছিল। চৰকাৰী সংস্থাসমূহত মহিলাৰ বাবে অন্ততঃ ৩০ শতাংশ আসন সংৰক্ষণৰ যি ব্যৱস্থা কৰা হৈছিল, তাৰ ফলস্বৰূপে সংসদত মহিলাৰ অংশগ্ৰহণ দ্ৰুতগতিত বৃদ্ধি পাইছিল। তেওঁ ২০০৩ চনত সংসদলৈ নিৰ্বাচিত হৈছিল আৰু ২০০৮ চনত পুনৰ নিৰ্বাচিত হয়। তেওঁৰ কাৰ্যকালত তেওঁ ৰুৱাণ্ডা মহিলা সংসদীয় ফৰামৰ সভাপতিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
জুডিথ কানাকুজেৰ জন্ম ১৯৫৯ চনৰ ১৯ ছেপ্টেম্বৰত ৰুৱাণ্ডাৰ ৰুছিজি জিলাত হৈছে। তেওঁ মহাবিদ্যালয়ত জনসংখ্যা বিজ্ঞান (demography) অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল। কানাকুজে ১৯৮০ চনৰ পৰা দুবছৰ ধৰি বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত পুষ্টিবিদ (nutritionist) হৈছিল। তেওঁ ১৯৮৬ চনৰ পৰা চাৰি বছৰ ধৰি ৰুৱাণ্ডা পুষ্টি কেন্দ্ৰৰ ৰাষ্ট্ৰীয় পৰিদৰ্শক হিচাপে সেৱা আগবঢ়াইছিল, যাৰ পিছত তেওঁ ‘এছএনভি নেদাৰলেণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচন’ৰ সৈতে এটা ঘৰুৱা শক্তি সঞ্চয় প্ৰকল্পৰ সমন্বয় কৰিছিল। ১৯৯২ চনত তেওঁ গণপূৰ্ত মন্ত্ৰালয়ৰ সৈতে অধ্যয়ন আৰু গৱেষণাৰ কাম কৰিছিল। এই সময়ছোৱাত কানাকুজে অৰুছা চুক্তিত মহিলা আৰু শিশুসকলক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘টুৱেছে হামনে’ (Pro-Femmes) নামৰ এটা নাৰীবাদী সংগঠনৰ নেতৃত্ব দিছিল। তেওঁ ১৯৯৪ চনৰ ৰুৱাণ্ডাৰ গণহত্যাৰ সাক্ষী আছিল, য’ত তেওঁৰ পৰিয়ালৰ বেছিভাগ সদস্যক পশ্চিম ৰুৱাণ্ডাৰ কিবুইৰ এখন গীৰ্জাত হত্যা কৰা হৈছিল, য’ত তেওঁলোকে আশ্ৰয়ৰ বাবে গৈছিল।
সংঘাতৰ অন্ত পৰাৰ পিছত তেওঁ গোমাৰ এটা শৰণাৰ্থী শিবিৰৰ পৰা ৰুৱাণ্ডালৈ উভতি আহে আৰু মহিলাৰ বাবে এটা ক্ৰডিট ইউনিয়ন পুনৰ মুকলি কৰে যিয়ে মাইক্ৰ’ফাইনেন্সৰ লগতে শিক্ষামূলক আৰু সংঘাত সমাধানৰ কাৰ্যসূচী আগবঢ়াইছিল। কানাকুজে ‘ৰেজিউ ডে ফেমিছ’ নামৰ এটা প্ৰাৰম্ভিক মহিলা সংগঠন প্ৰতিষ্ঠা কৰিছিল, যাৰ বাবে তেওঁ নব্বৈৰ দশকৰ শেষৰ ফালে এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।
ৰুৱাণ্ডাত মহিলাৰ অধিকাৰৰ এগৰাকী নেত্ৰী হিচাপে পৰিচিত হোৱাৰ পিছত কানাকুজে দেশখনৰ ২০০১ চনৰ সাংবিধানিক আয়োগত লিংগ সমতাৰ অধিবক্তা হিচাপে আৰু ১২ জনীয়া পেনেলখনৰ তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী হিচাপে সেৱা আগবঢ়াবলৈ নিৰ্বাচিত হৈছিল। তেওঁ সংবিধানত লিংগ সম্পৰ্কীয় অসংখ্য দফাৰ অৱদান আগবঢ়াইছিল, যাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল লিংগ সংৰক্ষণ (gender quotas) সৃষ্টি কৰা য’ত ৰুৱাণ্ডাৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাসমূহত মহিলাৰ আসন অন্ততঃ ৩০ শতাংশ হোৱাটো বাধ্যতামূলক কৰা হৈছিল। মহিলাৰ নাগৰিক সমাজৰ সংগঠন আৰু ব্যক্তিগতভাৱে মহিলাসকলে আয়োগৰ আন সদস্যসকলক পতিয়ন নিয়াবলৈ কানাকুজক সহায় কৰিছিল। ৰুৱাণ্ডাৰ মহিলাসকলে পুৰুষৰ নিয়ন্ত্ৰণাধীন সমিতিসমূহত প্ৰৱেশ কৰিবলৈ ধৰিলে আৰু লিংগৰ বাহিৰে আন বিষয়তো স্বীকৃতি লাভ কৰিলে। ২০০৩ চনৰ ভিতৰত সংসদত মহিলাসকলে প্ৰায় আধা আসন লাভ কৰে আৰু কানাকুজে তাৰে এখন আসনলৈ নিৰ্বাচিত হয়। পিছৰ বছৰত তেওঁ ৰুৱাণ্ডা মহিলা সংসদীয় ফৰামৰ সভাপতিত্ব কৰে, যিয়ে চৰকাৰৰ ভিতৰত লিংগ সমতা লক্ষ্য কৰি আইন প্ৰস্তুত কৰিছিল। কানাকুজে লিংগ আৰু পৰিয়াল প্ৰসাৰ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে কাম কৰিছিল। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আইনী কাৰ্য আছিল ঘৰুৱা হিংসা আৰু ধৰ্ষণকে ধৰি লিংগ ভিত্তিক হিংসাৰ বিৰুদ্ধে ২০০৮ চনত গৃহীত হোৱা এখন আইন। ই ৰুৱাণ্ডাৰ আইনত ধৰ্ষণৰ সংজ্ঞা প্ৰতিষ্ঠা কৰিছিল আৰু ২০০৩ চনৰ নিৰ্বাচনৰ পিছত কাৰ্যবাহী শাখাৰ পৰিৱৰ্তে সংসদ সদস্যৰ দ্বাৰা উত্থাপন কৰা প্ৰথমখন আইন হিচাপে পৰিগণিত হৈছিল। কানাকুজে ২০০৮ চনত ৰুৱাণ্ডা পেট্ৰিয়টিক ফ্ৰণ্টৰ অধীনত পুনৰ নিৰ্বাচিত হয়।
২০০৯ চনৰ ডিচেম্বৰত এখন বৈঠকৰ সময়ত তেওঁ অসুস্থ হৈ পৰে আৰু সুস্থ হৈ নুঠিল। ২০১০ চনৰ ৭ ফেব্ৰুৱাৰীত ৫১ বছৰ বয়সত কানাকুজেৰ মৃত্যু হয়। সংসদে তেওঁক শোক প্ৰকাশ আৰু সন্মান জনোৱাৰ বাবে এদিনৰ বাবে কাম-কাজ বন্ধ ৰাখিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুডিথ কানাকুজে” প্ৰবন্ধৰ সংশোধন ৫৯৩৯৫১ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।