দেশভেদে নাৰী
৮৬ প্ৰবন্ধ
-
ছিংগাপুৰৰ নাৰী
ছিংগাপুৰৰ মহিলাসকলে বিশেষকৈ ছিংগাপুৰৰ কৰ্মশক্তিত যোগদান কৰা মহিলাসকলে ছিংগাপুৰৰ সমাজ আৰু অৰ্থনীতিত নিজৰ পৰম্পৰাগত আৰু আধুনিক যুগৰ ভূমিকাসমূহৰ মাজত ভাৰসাম্য ৰক্ষাৰ সন্মুখীন হৈছে।
-
ট্ৰিনিদাদ আৰু ট’বাগোৰ নাৰী
ট্ৰিনিদাদ আৰু ট’বাগোৰ নাৰীসকল হ’ল ট্ৰিনিদাদ আৰু ট’বাগোত জন্মগ্ৰহণ কৰা, বাস কৰা অথবা ট্ৰিনিদাদ আৰু ট’বাগোৰ পৰা অহা মহিলা। মহিলাসকল কোনটো দ্বীপৰ পৰা আহিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক ক্ৰমে ট্ৰিনিদাদৰ মহিলা বা ট'বাগ'নিয়ান মহিলা বুলিও ক'ব পাৰি।
-
পাপুৱা নিউ গিনিত নাৰীৰ অধিকাৰ
দৰিদ্ৰতা, হিংসা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সীমিত সুবিধা, আৰু পিতৃতান্ত্ৰিক সাংস্কৃতিক পদ্ধতি, বিশেষকৈ ডাইনী হত্যাৰ বাবে পাপুয়া নিউগিনিত নাৰীৰ অধিকাৰ(Women's rights in Papua New Guinea) অতি বাধাপ্ৰাপ্ত। ইয়াত মহিলাৰ ক্ষেত্ৰত হোৱা হিংসাৰ গোচৰ কমকৈ দাখিল কৰা হয়।
-
পৰ্তুগালৰ নাৰী
১৯৭৬ চনৰ পৰ্তুগালৰ সংবিধান অনুসৰি পৰ্তুগালৰ মহিলাসকলে পৰ্তুগীজ পুৰুষৰ সৈতে সম্পূৰ্ণ আইনী সমতা লাভ কৰিছিল, যিটো হৈছিল ১৯৭৪ চনৰ বিপ্লৱৰ ফলত। ১৯৩১ চনত পৰ্তুগালত প্ৰথমবাৰৰ বাবে ছালাজাৰৰ ইষ্টাডো নভোৰ অধীনত মহিলাসকলক ভোটদানৰ অনুমতি দিয়া হৈছিল যদিও পুৰুষৰ সৈতে সমান চৰ্ত তাত প্ৰযোজ্য নাছিল।
-
ফিনলেণ্ডৰ মহিলা
ফিনলেণ্ডৰ নাৰীসকলে পুৰুষ সমাজত "উচ্চ মানৰ সমতা" আৰু "পৰম্পৰাগত সৌজন্যতা" আহৰণ কৰে। ১৯০৬ চনত ফিনলেণ্ডৰ নাৰীসমাজে ইউৰোপৰ প্ৰথম নাৰী হিচাপে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ফিনলেণ্ডৰ বহু নাৰীয়ে ফিনলেণ্ডৰ সমাজত, শিক্ষা-বিদ্যাত, ব্যৱসায়ৰ ক্ষেত্ৰত
-
বুলগেৰিয়াৰ নাৰী
বুলগেৰিয়াৰ নাৰীক বুলগেৰিয়াত বাস কৰা আৰু বুলগেৰিয়াৰ পৰা অহা মহিলাক বুজোৱা হয়। বুলগেৰিয়াৰ সমাজত নাৰীৰ স্থানত বাইজেন্টাইন আৰু অট্টোমান সংস্কৃতি, পূব অৰ্থডক্স খ্ৰীষ্টান ধৰ্ম, কমিউনিষ্ট মতাদৰ্শ, সমসাময়িক বিশ্বায়িত পশ্চিমীয়া মূল্যবোধ আদি বিভিন্ন সংস্কৃতি আৰু মতাদৰ্শৰ প্ৰভাৱ পৰিছে।
-
ব্ৰাজিলৰ নাৰী
ব্ৰাজিলত মহিলাৰ (Women in Brazil) সমাজৰ ভূমিকা আইবেৰিয়ান সংস্কৃতিৰ পিতৃতান্ত্ৰিক পৰম্পৰাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে, যিয়ে পাৰিবাৰিক আৰু সম্প্ৰদায়ৰ সম্পৰ্কত নাৰীক পুৰুষৰ অধীনস্থ কৰি ৰাখে।
-
ভিয়েটনামৰ নাৰী
ভিয়েটনামৰ ইতিহাস ত ভিয়েটনামৰ নাৰীৰ ভূমিকাৰ বহু পৰিৱৰ্তন ঘটিছিল। ভিয়েটনামৰ নাৰীয়ে সমাজত যোদ্ধা, নাৰ্ছ, মাতৃ, পত্নীকে ধৰি বিভিন্ন ভূমিকা গ্ৰহণ কৰিছে। ভিয়েটনামত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বহু অগ্ৰগতি হৈছে, যেনে চৰকাৰী খণ্ডত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লগতে ১৯৩০ চনত ভিয়েটনাম মহিলা সংঘৰ সৃষ্টি হৈছে।
-
ভেনিজুৱেলাৰ নাৰী
ভেনিজুৱেলাৰ নাৰীসকল হৈছে দক্ষিণ আমেৰিকাৰ মহিলা যি ভেনিজুৱেলাত বাস কৰে বা ভেনিজুৱেলাৰ পৰা আহিছে।
-
মালিৰ নাৰী
জাতিগত সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাৰ জটিল আন্তঃক্ৰিয়া, মহান ছাহেলিয়ান ৰাষ্ট্ৰৰ উত্থান-পতন, ফৰাচী ঔপনিৱেশিক শাসন, স্বাধীনতা, নগৰায়ন, আৰু উত্তৰ-ঔপনিৱেশিক সংঘাত আৰু প্ৰগতিৰ ফলত মালিৰ নাৰীৰ (Women in Mali) মৰ্যাদা আৰু সামাজিক ভূমিকা গঢ় লৈ উঠিছে।
-
মেক্সিকোৰ নাৰী
মেক্সিকোত নাৰীৰ মৰ্যাদা পৰিৱৰ্তনশীল সময়ৰ সমান্তৰালভাৱে যথেষ্ট সলনি হোৱা দেখা গৈছে। বিংশ শতিকালৈকে মেক্সিকো আছিল এখন গ্ৰাম্য দেশ; য'ত গ্ৰাম্য মহিলাৰ মৰ্যাদা পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ পৰিসৰৰ ভিতৰত সংজ্ঞায়িত কৰি থোৱা হৈছিল।
-
মৰক্কোৰ নাৰী
মৰক্কোৰ নাৰীসকলৰ (Women in Morocco) ইতিহাসত উত্তৰ-পশ্চিম আফ্ৰিকাৰ দেশ মৰক্কোত ইছলামৰ আগমনৰ আগৰ, সময়ত আৰু পিছৰ জীৱন অন্তৰ্ভুক্ত কৰা হৈছে। এটা ভুল ধাৰণা আছে যে, ইয়াতেই হাৰেম গঠন হয় বা এই দেশত নাৰীৰ ব্যৱহাৰ আৰু অধিকাৰৰ এক সাৰ্বজনীন নিয়ম আছে। কিছুমান পৰিয়ালে অধিক প্ৰাচীন, আমাজিগ ৰীতি-নীতি মানি চলে।
-
শ্ৰীলংকাৰ নাৰী
২০১২ চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাত মহিলাৰ সংখ্যা ৫২.০৯%। শ্ৰীলংকাৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু এই অৰিহণা বহু ক্ষেত্ৰতে দেখা গৈছে। ১৯৩১ চনৰ পৰাই তেওঁলোকক নিৰ্বাচনত ভোট দিবলৈ অনুমতি দিয়া হৈছে।
-
ৰাষ্ট্ৰীয় নাৰীবাদ
ৰাজ্য বা দেশৰ চৰকাৰে সৃষ্টি কৰা বা অনুমোদন জনোৱা নাৰীবাদক ৰাষ্ট্ৰীয় নাৰীবাদ (State feminism) বোলে। ই সাধাৰণতে এটা বিশেষ কাৰ্যসূচীক নিৰ্দিষ্ট কৰে। ১৮৮০ চনৰ পৰাই চৰকাৰী সমৰ্থিত উদাৰ নাৰীবাদৰ পৰম্পৰা থকা নৰৱেৰ পৰিস্থিতিৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি হেলগা হাৰ্নেছে এই শব্দটোৰ উদ্ভাৱন কৰিছিল আৰু নৰ্ডিক…
-
অষ্ট্ৰিয়াৰ নাৰী
১৯৭০ চনৰ মাজভাগৰ পৰা অষ্ট্ৰিয়াত মহিলাৰ আইনী অৱস্থাৰ উন্নতি ঘটিছিল। নাৰীৰ অধিকাৰৰ সন্দৰ্ভত অষ্ট্ৰিয়াত কেৱল সমঅধিকাৰ থকাতকৈ দুয়োটা লিংগৰ সম ব্যৱহাৰৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। এইদৰে অষ্ট্ৰিয়াৰ মহিলাসকলে তেওঁলোকৰ চৰকাৰে লিংগ-নিৰ্দিষ্ট বোজাৰ বৈষম্যৰ ক্ষতিপূৰণৰ প্ৰচেষ্টাৰ দ্বাৰা লাভৱান হয়।
-
আজাৰবাইজানৰ নাৰী
আজাৰবাইজানৰ মহিলাসকলে পুৰুষৰ দৰেই আইনী অধিকাৰ লাভ কৰে; কিন্তু সমাজৰ বৈষম্য এতিয়াও এটা সমস্যা হৈয়ে আছে।বাকু গৱেষণা প্ৰতিষ্ঠানে ৰিপ'ৰ্ট কৰিছে যে: "ৰাজনৈতিক আৰু সামাজিক সম্পৰ্কত গোপনীয়তা উলংঘা, যেনে:ব্যক্তিগত জীৱনত হস্তক্ষেপ, ব্যক্তিগত তথ্য বিনিময় আৰু ব্যক্তিগত স্থানত অকৰ্তৃত্বশীল প্ৰৱেশ,…
-
আলবেনিয়াৰ নাৰী
১৯০৯ চনত আলবেনিয়াত প্ৰথম মহিলা সংস্থা প্ৰতিষ্ঠা কৰা হয়। উত্তৰ ঘেগ অঞ্চলৰ আলবেনিয়ান মহিলাসকলে ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক সমাজৰ ভিতৰত বাস কৰে। এনে পৰম্পৰাগত সমাজত "পুৰুষ প্ৰাধান্য" বুলি বিশ্বাস কৰা ঘেগ সম্প্ৰদায়ত মহিলাসকলৰ অধীনত কিছুমান ভূমিকা থাকে।
-
আৰ্জেণ্টিনাৰ নাৰী
১৯৫৪ চনত গণতন্ত্ৰৰ প্ৰত্যাৱৰ্তনৰ পিছত আৰ্জেণ্টিনাত মহিলাৰ মৰ্যাদা যথেষ্ট সলনি হৈছে; আৰু তেওঁলোকে তুলনামূলকভাৱে উচ্চ পৰ্যায়ৰ সমতা লাভ কৰিছে। ২০০৯ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰস্তুত কৰা গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্টত পুৰুষৰ তুলনাত সম্পদ আৰু সুযোগৰ সুবিধা অধ্যয়ন কৰা ১৩৪খন দেশৰ ভিতৰত আৰ্জেণ্টিনাৰ…
-
ইউক্ৰেইনৰ নাৰী
ইউক্ৰেইনৰ মহিলাসকলৰ (Women in Ukraine)অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰ লগতে পৰিয়ালৰ ক্ষেত্ৰতো পুৰুষৰ সমান সাংবিধানিক অধিকাৰ আছে। তাৎপৰ্যপূৰ্ণভাৱে শাৰীৰিক, যৌন অথবা মানসিক হিংসাত ভোগা ইউক্ৰেইনৰ প্ৰায় ৪৫ শতাংশ জনসংখ্যা (৪.৫ কোটি)অধিকাংশই মহিলা।
-
ইকুৱেডৰৰ নাৰী
ইকুৱেডৰৰ নাৰীসকলে (Women in Ecuador) সাধাৰণতে শিশু আৰু পৰিয়ালৰ লালন-পালন আৰু যত্নত জড়িত হয়৷ এই কাৰ্যত পৰম্পৰাগতভাৱে পুৰুষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই।
-
উত্তৰ চাইপ্ৰাছৰ নাৰী
উত্তৰ চাইপ্ৰাছৰ মহিলাসকল (Women in Northern Cyprus) আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নোপোৱা উত্তৰ চাইপ্ৰাছৰ তুৰ্কী গণৰাজ্যৰ বাসিন্দা, য'ত তেওঁলোকে বিজ্ঞান, আইন আৰু ন্যায়ৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।কিন্তু কেইবাটাও কাৰকে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰিছে আৰু গণৰাজ্যৰ বিধানসভাৰ মাত্ৰ ৮%হে…
-
উৰুগুৱেৰ নাৰী
উৰুগুৱেৰ নাৰীসকল (Women in Uruguay) হ’ল উৰুগুৱেত জন্মগ্ৰহণ কৰা, বাস কৰা আৰু উৰুগুৱেৰ পৰা অহা মহিলা। উৰুগুৱেৰ আইন অনুসৰি উৰুগুৱেৰ মহিলাসকলৰ ক্ষমতা, কৰ্তৃত্ব আৰু বিশেষাধিকাৰৰ সমান অধিকাৰ আছে।" কিন্তু বাস্তৱত মহিলাসকলে এতিয়াও "উচ্চ অৰ্থনৈতিক, পেছাদাৰী, ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পদবী" দখল কৰা নাই।
-
এংগোলাৰ নাৰী
১৯৮০ চনৰ শেষৰফালে এংগোলাৰ সমাজত নাৰীৰ ভূমিকা সম্পৰ্কে গৱেষণা প্ৰায় নাছিল যদিও কেইখনমান সাধাৰণ ছবি আঁকিব পৰা যায়। আফ্ৰিকাৰ বহু অৰ্থনীতিৰ দৰেই এংগোলাৰ গ্ৰাম্য অঞ্চলতো অধিকাংশ জনসাধাৰণে কৃষি কৰ্মত লিপ্ত হৈছিল। কৃষি শ্ৰমৰ বহুখিনি মহিলাৰ দ্বাৰাই কৰা কৰিছিল।
-
ওমানৰ নাৰী
ওমানৰ নাৰীসকলে এতিয়া কেৰিয়াৰ আৰু পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰিছে, আৰু ক্ৰমান্বয়ে পূৰ্বৰ ঘৰুৱা আৰু পৰম্পৰাগত ভূমিকাৰ পৰা ৰাজহুৱা ক্ষেত্ৰলৈ গতি কৰিছে। ওমানত প্ৰতি বছৰে ১৭ অক্টোবৰ দিনটো ওমানী নাৰী দিৱস হিচাপে বিভিন্ন নাৰী সমৰ্থকে উদ্যাপন কৰে।
-
কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকল
কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকলে এতিয়াও পুৰুষসকলৰ সমানে অধিকাৰ পোৱাৰ বাবে সংগ্ৰম কৰি থাকিব লগীয়া হৈছে। যদিও কংগো দেশৰ বিগত ৰাষ্ট্ৰপতি মুবুতুৰ শাসন কালত মুখেৰে (lip talk) সমাজত নাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা, নাৰীসকলে কিদৰে আইনৰ অধিকাৰ উপভোগ কৰিব পাৰে (যেনে: সম্পত্তিৰ মালিকীস্বত্ব বা…
-
কলম্বিয়াৰ নাৰী
১৯৯১ চনৰ কলম্বিয়াৰ সংবিধানত প্ৰতিষ্ঠা কৰা অনুসৰি কলম্বিয়াৰ মহিলাসকলৰ শাৰীৰিক অখণ্ডতা আৰু স্বায়ত্তশাসনৰ অধিকাৰ আছে৷ তেওঁলোকৰ ভোট দিয়া; ৰাজহুৱা পদবীত অধিষ্ঠিত হোৱা; কামলৈ যোৱা; ন্যায্য মজুৰি বা সমান দৰমহা লাভ কৰা; সম্পত্তিৰ মালিক হোৱা; শিক্ষা লাভ কৰা; কিছুমান বিশেষ কৰ্তব্যত সামৰিক বাহিনীত সেৱা…
-
কাটাৰৰ নাৰী
কাটাৰৰ নাৰীৰ(Women in Qatar) অধিকাৰ দেশখনৰ পুৰুষ অভিভাৱকত্ব আইন অনুসৰি সীমাবদ্ধ হৈ আছে। বৰ্তমান কাটাৰ হৈছে উপসাগৰীয় অঞ্চলৰ একমাত্ৰ দেশ য'ত এনে আইন আছে। কাটাৰ ইছলামৰ ৱাহাবী ব্যাখ্যাৰ দ্বাৰাও প্ৰভাৱিত। দেশত মহিলা আৰু পুৰুষ উভয়কে একে সময়তে, ১৯৯৯ চনত ভোটাধিকাৰ প্ৰদান কৰা হৈছিল।
-
ক্ৰ'য়েচিয়াৰ নাৰী
ক্ৰ'ৱেচিয়াৰ নাৰীসকল (Women in Croatia) মুঠ জনসংখ্যাৰ আধা অংশৰ প্ৰতিনিধি আৰু তেওঁলোকে আধুনিক ক্ৰ'ৱেচিয়ান সংস্কৃতিত বহুলাংশে পুৰুষৰ সমান। ২০১১ চনৰ ক্ৰ'ৱেচিয়াৰ লোকপিয়ল অনুসৰি ক্ৰ'ৱেচিয়াত মুঠ জনসংখ্যাৰ ৪,২৮৪,৮৮৯গৰাকীৰ ভিতৰত ২,২১৮,৫৫৪ গৰাকী মহিলা।
-
গায়েনাৰ নাৰী
গায়েনাৰ নাৰীসকল (Women in Guyana) হৈছে গায়েনাৰ সমাজৰ এক অন্তৰ-শাখা, যাৰ সংখ্যা বিগত সময়ত পৰিৱৰ্তন ঘটি আছে। মূলতঃ ভাৰত-গায়েনী, আফ্ৰিকান-গায়েনী আৰু আমেৰিকীয় ভাৰতীয় নাৰীৰ দেশ গায়েনা ইউৰোপীয় বা চীনা বংশৰ মহিলাৰো বাসস্থান হৈ আহিছে। দেশৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে জেনেট জগান।
-
চাইপ্ৰাছৰ নাৰী
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত হোৱা পৰিৱৰ্তনৰ ফলত চাইপ্ৰাছৰ মহিলাসকলে বহু পৰিমাণে প্ৰভাৱিত হৈছিল, কিয়নো তেওঁলোকে শিক্ষাৰ সুবিধা লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় কৰ্মশক্তিত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল।